আন এজন মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ লগে লগে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক অধিক অস্বস্তিত পৰিছে। ৬ মাহ পূৰ্বে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিছিল ঋষিয়ে। ইফালে তেওঁৰ পছন্দৰ তিনিজন মন্ত্ৰীয়ে বর্খাস্ত হ’বলগীয়া হৈছিল। এই তালিকাত শেহতীয়াকৈ সংযোজন হৈছে দেশৰ উপ-প্ৰধানমন্ত্ৰী ডমিনিক ৰাব। তেওঁৰ বিৰুদ্ধে কেইবাজনো চৰকাৰী বিষয়াই হাৰাশাস্তি, নিৰ্যাতন আৰু অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰিছিল। কালি জ্যেষ্ঠ অধিবক্তা এডাম টলিয়ে প্ৰধানমন্ত্ৰী সুনাকক এক দীঘলীয়া প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পিছত আজি পুৱা প্ৰায় ১০ বজাত ৰাবে পদত্যাগ ঘোষণা কৰে।
ৰাবৰ পদত্যাগৰ কথা জানিব পাৰি বিৰোধী দলৰ নেতাই সুনাকক কটু ভাষাৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে এই প্ৰশ্ন উত্থাপন কৰিলে, কালি ৰাবৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে নিজে কিয় অপসাৰণ নকৰিলে? এই প্ৰতিবেদন লাভ কৰাৰ পিছত কালি সুননাকে কয় যে তেওঁ বিষয়টো চোৱাচিতা কৰি আছে। অৱশ্যে তাৰ পিছত আৰু কোনো পদক্ষেপ লোৱা দেখা নগ’ল। বিৰোধী দলসমূহে কয় যে সুনাক এজন অতি দুৰ্বল প্ৰধানমন্ত্ৰী ৷
আচলতে ৰাবৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ এইটোৱেই প্ৰথম নহয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কাৰ্যকালত তেওঁৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। ২০২১ চনত যেতিয়া আফগানিস্তানত দ্বিতীয়বাৰৰ বাবে তালিবান ক্ষমতালৈ আহিছিল তেতিয়া ৰাব আছিল ব্ৰিটিছ বৈদেশিক সচিব। ক্ষমতা সলনিৰ সময়ত তেওঁ আফগানিস্তানত ছুটীত গৈছিল। অভিযোগ অনুসৰি এনে সংকটৰ সময়ত তেওঁ আফগানিস্তানত আবদ্ধ হৈ থকা ব্ৰিটিছ নাগৰিকক উদ্ধাৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আনকি ইমান বছৰে ব্ৰিটিছ চৰকাৰক সহায় কৰি অহা আফগান নাগৰিকসকলেও সহায়ৰ হাত আগবঢ়োৱা নাছিল।
ৰাবে অৱশ্যে আজি পদত্যাগ কৰে যদিও ক্ষমা বিচৰা নাছিল। মাথোঁ ক’লে, “মই কৈছিলো যে যদি তদন্তত মোৰ বিৰুদ্ধে হাৰাশাস্তিৰ প্ৰমাণ পোৱা যায় তেন্তে মই পদত্যাগ কৰিম। মই মোৰ প্ৰতিশ্ৰুতি পালন কৰিলোঁ।”
বিৰোধী লেবাৰ নেতা কেইৰ ষ্টাৰমাৰে আজি কয় , ‘য’ত সুনাকে ৰাবক বৰ্খাস্ত কৰিব লাগিছিল, কিন্তু অভিযুক্ত মন্ত্ৰীয়ে নিজেই পদত্যাগ কৰিছিল। “
প্ৰধানমন্ত্ৰী হোৱাৰ এমাহ নৌহওঁতেই সুনাকৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সদস্য গেভিন উইলিয়ামছনে যোৱা নৱেম্বৰ মাহত পদত্যাগ কৰিছিল। আন এজন মন্ত্ৰী নদীম জাৱাহীক যোৱা ফেব্ৰুৱাৰী মাহত সুনাকে পদৰ পৰা অপসাৰণ কৰিছিল। বিৰোধী দলৰ মতে, সুনাকে তেওঁক প্ৰধানমন্ত্ৰী আৰু কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা হিচাপে সমৰ্থন কৰা সকলোকে চৰকাৰৰ শীৰ্ষ পদবীত ৰাখিবলৈ বাধ্য হৈছে। সেই বিতৰ্কিত ব্যক্তিসকলক কেবিনেটত থকাৰ কুপ্ৰভাৱে এতিয়া প্ৰত্যক্ষভাৱে ব্ৰিটিছ ৰাজনীতিত প্ৰভাৱ পেলাইছে।
ৰাবৰ পদত্যাগৰ ঠিক পিছতেই সমগ্ৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰে অধিবক্তা টলীয়ে। য’ত কোৱা হয়, কেৱল হাৰাশাস্তি নহয়, বিভিন্ন ক্ষেত্ৰত ক্ষমতাৰ অপব্যৱহাৰো কৰিছিল ৰাবে ।