বৰিছ জনছনৰ পদত্যাগৰ পিছতে ব্ৰিটেইনৰ পৰৱর্তী প্ৰধানমন্ত্ৰী কোন হ’ব তাক লৈ জল্পনা কল্পনা অব্যাহত আছে ৷ ইয়াৰ মাজতে ভাৰতীয় মূলৰ ঋষি ছুনাক পৰৱর্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি চর্চা আৰম্ভ হৈছে ৷ ইতিমধ্যে তেওঁ আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণৰ বাবে আগ্ৰহী বুলিও প্ৰকাশ কৰিছে ৷
টুইটাৰত প্ৰকাশ কৰা এক প্ৰচাৰ ভিডিঅ’ত ছুনাকে কয় , “কোনোবাই এই মুহূৰ্তটো ধৰি ৰাখিব লাগিব আৰু সঠিক সিদ্ধান্ত ল’ব লাগিব। সেইবাবেই মই কনজাৰ্ভেটিভ পাৰ্টিৰ পৰৱৰ্তী নেতা আৰু আপোনাৰ প্ৰধানমন্ত্ৰী হ’বলৈ ইচ্ছুক।”
I’m standing to be the next leader of the Conservative Party and your Prime Minister.
Let’s restore trust, rebuild the economy and reunite the country. #Ready4Rishi
Sign up 👉 https://t.co/KKucZTV7N1 pic.twitter.com/LldqjLRSgF
— Ready For Rishi (@RishiSunak) July 8, 2022
উল্লেখ্য যে ঋষি ছুনাকৰ ককাক-আইতাক পঞ্জাৱৰ বাসিন্দা আছিল ৷ ইনফ’ছিছৰ প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা নেতাজন দুটি কন্যা সন্তানৰ পিতৃ । কেলিফৰ্ণিয়াত ছাত্ৰ হৈ থকাৰ সময়তে অক্ষিতাৰে তেওঁৰ চিনাকি হৈছিল ৷ ভিডিঅ’টোত ৪৯ বছৰীয়া সাংসদগৰাকীয়ে “উন্নত জীৱনৰ আশাৰে” যুৱতী হিচাপে ইংলেণ্ডলৈ যোৱা বিমানত উঠি অহা আইতাকৰ কাহিনী প্ৰকাশ কৰে ।
ৰাজহ চ্যান্সেলৰ হিচাপে ছুনাকে পদত্যাগ কৰাৰ ফলত বৰিছ জনছনৰ মন্ত্ৰীসভাত পদত্যাগৰ ধূম উঠে, যাৰ ফলত জনছনে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ঋষি ছুনাকে যদি শীৰ্ষ পদ লাভ কৰে তেন্তে তেওঁ হ’ব প্ৰথমজন ভাৰতীয় মূলৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৷