শেহতীয়াকৈ দাখিল কৰা কেন্দ্ৰীয় বজেটক লৈ বিৰোধীয়ে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া সন্দর্ভত নিজৰ মতামত ডাঙি ধৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁৰ বাজেটৰ পৰা বিৰোধীয়ে আভিযোগ কৰা ধৰণে কোনসকল দুখীয়া লোক বাদ পৰিছে বুলি প্ৰশ্ন কৰি সীতাৰমণে ২০১৩ বর্ষত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰসংগ উত্থাপন কৰে ৷ সীতাৰমণে কয় -‘২০১৩ বর্ষত কোৱা হৈছিল যে দাৰিদ্ৰতা হৈছে এক মানসিক স্থিতি ৷ অনুগ্ৰহ কৰি আপোনালোকে স্পষ্ট কৰি দিয়ক যে মই এই মানসিক স্থিতিৰ সমাধান কৰিব লাগে নেকি ?’
শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে বিত্ত মন্ত্ৰীগৰাকীয়ে দৰিদ্ৰ লোকসকলক উপহাস কৰা বুলি প্ৰতিবাদ কৰাৰ সময়ত সীতাৰমণে কয়, “মই দৰিদ্ৰ লোকসকলক উপহাস কৰা নাই। যিজন ব্যক্তিয়ে দৰিদ্ৰ লোকসকলক উপহাস কৰিছিল আপোনালোকে তেওঁৰ দলৰ সৈতে মিত্ৰতা কৰিছে। দৰিদ্ৰক উপহাস কৰা দলৰ সৈতে মিত্ৰতা কৰা দলৰ সদস্যই এনে কথা কোৱাত মই আচৰিত হৈছো ৷ “ সীতাৰমণে শুক্ৰবাৰে ২০২২ বর্ষৰ বাজেটৰ ওপৰত উচ্চ সদনত ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে ৷ লক্ষণীয় যে ২০১৩ চনত ৰাহুল গান্ধীয়ে কৈছিল, “দৰিদ্ৰতা কেৱল এক মানসিক স্থিতি। ইয়াৰ অৰ্থ খাদ্য, ধন বা সামগ্ৰীৰ অভাৱ নহয়। যদি এজন ব্যক্তিৰ আত্মবিশ্বাস থাকে, তেন্তে তেওঁ দৰিদ্ৰতা দূৰ কৰিব পাৰে।”