পুনৰ অন্তৰকন্দলে গা কৰি উঠিছে নেকি কংগ্ৰেছৰ মজিয়াত। দশক দশক ধৰি দেশত শাসন কৰা দলটোৰ শেহতীয়া কিছু কাম কাজে পুনৰ অন্তৰকন্দলে বিধ্বস্ত কৰাৰ পৰ্যায়লৈ লৈ যোৱাৰ ইংগিত প্ৰদান কৰিছে।কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে পুনৰ গঠন কৰিছে দলটিৰ অনুশাসন কমিটি।
নতুনকৈ গঠন কৰা কমিটীখনৰ পৰা প্ৰত্যহাৰ কৰা হৈছে দলৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদৰ নাম।উল্লেখযোগ্য যে আজাদ হৈছে চি ডব্লিউ চিৰ এজন সদস্য। তেওঁ দলত ব্যাপক সংশোধনী আনিবলৈ ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল। ছোনিয়া গান্ধীয়ে প্ৰাক্তন গৃহমন্ত্ৰী সুশীল কুমাৰ চিন্দে আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুট মিঠিকো এই কমিটিৰ পৰা বাদ দিয়া হৈছে।
উল্লেখযোগ্য যে আজাদৰ ঘনিষ্ঠ ২০জন জম্মু-কাশ্মীৰৰ নেতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ এদিন পাছতে অনুশাসন কমিটি খন পুনৰ গঠন কৰে ছোনিয়া গান্ধীয়ে।কাশ্মীৰত নেতৃত্বৰ সলনি কৰিবৰ বাবে দলক চাপ দিবলৈ উক্ত নেতাকেইজন পদত্যাগ কৰিছিল বুলি প্ৰকাশ পাইছিল।নতুনকৈ গঠন কৰা অনুশাসন কমিটিত পুনৰ মুৰব্বীৰ দায়িত্ব দিয়া হৈছে এ কে এণ্টনীক।
এ আই চি চিৰ সাধাৰণ সম্পাদক তাৰিক আনোৱাৰক সদস্য সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে।