গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ভাৰতীয় জনতা পার্টীৰ মহিলা মর্চাৰ ৰাষ্ট্ৰীয় কার্যনিবাহক সভা ৷ অহা ৯ আৰু ১০ ছেপ্তেম্বৰত গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনত মহিলা মর্চাৰ ৰাষ্ট্ৰীয় কার্যনিবাহক সভাখন অনুষ্ঠিত হ’ব ৷ আজি এই কথা সদৰী কৰিছে ৰাজ্যিক মহিলা মর্চাৰ সভাপতি আঙুৰলতা ডেকাই ৷
এখন সংবাদমেলত তেওঁ প্ৰকাশ কৰা অনুসৰি দেশৰ ভিন্ন প্ৰান্তৰ ১৮০ গৰাকী মহিলা প্ৰতিনিধিয়ে এই ৰাষ্ট্ৰীয় কার্যনিবাহকৰ সভাখনত অংশগ্ৰহণ কৰিব ৷ তদুপৰি বিজেপিৰ কেইবাগৰাকীয়ো শীর্ষ ৰাষ্ট্ৰীয় নেতৃত্ব সভাত উপস্থিত থাকিব ৷ উত্তৰ-পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বিষয়ববীয়া আৰু সদস্যসকলে অংশ ল’ব ৷
উল্লেখ্য যে ৰাজ্যিক মহিলা মর্চাৰ সভাপতি হিচাপে আঙুৰলতা ডেকাৰ কার্যকাল চলিত মাহতে দুবছৰ সম্পূর্ণ কৰিলে ৷এই উপলক্ষেও বিভিন্ন কার্যসূচী গ্ৰহণ কৰিব বুলিও ডেকাই সদৰী কৰে ৷