মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ ৰোষত পৰিছে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে ৷ আজি এক নির্দেশনাৰ জৰিয়তে তাৎক্ষণিকভাৱে দাদু টায়েক গোলাঘাট জিলা সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নির্দেশত অপসাৰণ কৰা হৈছে দাদু টায়েক ৷ দাদু টায়েৰ স্থানত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াক গোলাঘাট জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছে ৷
তদুপৰি দাদু টায়েক প্ৰদেশ কংগ্ৰেছে কাৰণ দর্শোৱাৰ জাননী কৰিছে ৷ কিয় তেওঁক কংগ্ৰেছৰ পৰা বর্খাস্ত কৰা নহ’ব তাৰ উত্তৰ ৭২ ঘণ্টাৰ ভিতৰত দিব লাগিব দাদু টায়েই ৷ উল্লেখ্য যে এদিন পূর্বে দাদু টায়েই মুখ্যমন্ত্ৰী গৰাকী সাক্ষাৎ কৰিছিল ৷ যাক লৈ প্ৰদেশ কংগ্ৰেছত তীব্ৰ জোকৰণিৰ সৃষ্টি হৈছে ৷ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিলৈ সমর্থন ঘোষণা কৰাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই একেদিনাই দাদু টায়েই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ৷
কাৰণ দর্শোৱাৰ জাননীত উল্লেখ কৰা হৈছে যে কংগ্ৰেছ দলৰ বহু নেতাই বিজেপিত যোগদান কৰাৰ সময়তে দাদু টায়েই মুখ্যমন্ত্ৰীক কৰা সাক্ষাৎ গ্ৰহনযোগ্য হ’ব নোৱাৰে ৷