পুনৰ এনডিএত চামিল হ’ব নেকি হাগ্ৰামা মহিলাৰীৰ দল বিপিএফ ৷ ইয়াক লৈ আৰম্ভ হৈছে চর্চা ৷ শেহতীয়াকৈ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ.,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছতে এই সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ মঙলবাৰে বৈঠক হোৱাৰ পাছতো আজি পর্যন্ত দিল্লী এৰা নাই ভৱেশ কলিতাই ৷ আনহাতে বুধবাৰে পুনৰ দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ সমান্তৰালভাৱে দিল্লীত বাহৰ পাতিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পাছতে স্পষ্ট হ’ব হাগ্ৰামা মহিলাৰীৰ সিদ্ধান্ত ৷
মঙলবাৰৰ বৈঠকৰ পাছত ভৱেশ কলিতাই প্ৰকাশ কৰিছে যে তেওঁলোকে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ বাবে সৰু সৰু দলসমূহৰ সহযোগিতা বিচাৰিব ৷ এইক্ষেত্ৰত বিপিএফৰ সহযোগিতাও বিচাৰিব বুলি তেওঁ প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে পূবৰে বিজেপিৰ সৈতে মিত্ৰতা আছিল হাগ্ৰামা মহিলাৰীৰ ৷ কিন্তু বিগত বিধানসভা নির্বাচনৰ সময়ত বিপিএফ এৰি প্ৰমোদ বড়োৰ ইউপিপিএলক সংগী কৰিছিল ৷ অৱশ্যে ইউপিপিএলে বিটইএডিত চৰকাৰ গঠন কৰিলেও বিপিএফে যথেষ্ট আসন লাভ কৰিছিল ৷ যাৰ বাবে আগন্তুক লোকসভা নির্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি আশংকা কৰিছে ৷ ইপিনে বিৰোধী দলসমূহো একত্ৰিত হৈছে ৷ এনে পৰিস্থিতিত হাগ্ৰামাক লগত লোৱাৰ চিন্তা কৰিছে বিজেপিয়ে ৷ কিন্তু হাগ্ৰামা এনডিএৰ অংশীদাৰ হ’লে লোকসভাত বড়োভূমিত আসন কিদৰে ভাগ বতৰা কৰিব সেয়া লক্ষণীয় হ’ব ৷ দুর্নীতি-অনিয়মৰ অভিযোগেৰে হাগ্ৰামক সমালোচনা কৰি অহা প্ৰমোদ বড়োৱে কিদৰে আসনৰ বাবে সন্মতি হ’ব সেয়াও তাৎপর্যপূর্ণ হ’ব ৷