সহাস্ৰাধিক বাইক-অটো আৰু চাৰিচকীয়া বাহনৰ বিশাল মিচিলেৰে আজি ডিমা-হাচাও নিৰ্বাচনী প্ৰচাাৰৰ অন্তিম দিনা বিশাল ৰড শ্ব উলিয়াই বিৰোধিৰ সকলো ৰণনীতিত চেচাঁপানী ধালে তৃণমূল কংগ্ৰেছৰ হাফলঙৰ প্ৰাৰ্থী আচিং জেমেয়ে। আজি লোৱাৰ হাফলঙৰ পৰা উলিওৱা এই বিশাল ৰেলীত অংশগ্ৰহণ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰা, তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ লগতে ৰাজ্যিক নেতৃত্বই। লোৱাৰ হাফলঙৰ পৰা ওলাই অহা ৰেলীৰ সময়ত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তথা ডিমা- হাচাও তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমেক বিভিন্ন স্থানত নগা, গোৰ্খা, ডিমাচা, মাৰ সম্প্ৰদায়ৰ ৰাইজে গামোচাৰে আদৰণি জনায়। উক্ত ৰেলীত আচিং জেমেৰ সমৰ্থক সকলে – বিজেপি হাটাও, দেশ বাচাও, আচিং জেমে জিন্দাবাদ,চাহিয়ে পানী টো লাও আচিং জেমি আদি শ্লগানেৰে আকাশ-বতাহ কঁপাই তোলে।
ইপিনে ৰেলীৰ সময়ত উপস্থিত সংবাদ মাধ্যমক উদ্দেশ্য আচিং জেমেয়ে কয় যে–দীৰ্ঘদিন ধৰি হাফলঙ বাসীয়ে প্ৰকৃত উন্নয়ন দেখা পোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱাৰ হাফলং আৰু গৰমপানীৰ মাজৰ ৰাস্তা দিয়াৰ কথা কৈছে কিন্তু একাংশ বিজেপি নেতাৰ ভূমি কেলেংকাৰীৰ ফলত উক্ত পথ সম্পূৰ্ণ হৈ উঠা নাই। ভূমিৰ প্ৰকৃত গৰাকীয়ে নায্য ধন পাব লাগে। বছৰ বছৰ ধৰি হাফলঙত খোৱা পানীৰ সমস্যা সমাধান হোৱা নাই। বিগত ৭০ বছৰত বিভিন্নজন জন প্ৰতিনিধি পৰিষদলৈ নিৰ্বাচিত হৈছে। কিন্তু নিৰ্বাচিত হোৱাৰ পিছত ৰাইজৰ দুখ দুৰ্দশা পাহৰি যায়। সেয়ে অসম তৃণমূল কংগ্ৰেছ এইবাৰ ৰাইজৰ কাষ চাপিছে। কাৰণ তৃণমূল কংগ্ৰেছ হৈছে ৰাইজৰ সমস্যাৰ হকে মাত মতা একমাত্ৰ দল।