গুজৰাটৰ আগন্তুক নির্বাচনত টিকট দিয়াক কেন্দ্ৰ কৰি অধিক সতর্ক হৈ পৰিছে বিজেপি ৷ আপৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে প্ৰার্থী প্ৰদানৰ ক্ষেত্ৰত অধিক সতর্ক হৈ পৰিছে ৷ আনকি দলটোৰ জ্যেষ্ঠ একাংশ নেতা টিকটৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈছে ৷ ইয়াৰ মাজতে জ্যেষ্ঠ নেতা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নীতিন পেটেলে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা ঘোষণা কৰিছে ৷ বিজেপিৰ আন দুজন জ্যেষ্ঠ নেতা ভূপেন্দ্ৰ সিংহ চুদছামা আৰু প্ৰদীপ সিং জাদেজাইও অহা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ টিকট বিচৰা নাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দিল্লীত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিবলৈ বিজেপিৰ কেন্দ্ৰীয় সংসদ ব’ৰ্ডে বৈঠক আহ্বান কৰাৰ সময়তে তেওঁলোকে এই কথা ঘোষণা কৰিছে ৷ গুজৰাট বিজেপিৰ মুখপাত্ৰ যমল ব্যাসে কয়, ‘আমাৰ দলৰ এই চাৰিজন জ্যেষ্ঠ নেতাই ৰাজ্যিক কমিটীত দলৰ সভাপতি চি আৰ পেটেললৈ পৃথকে পৃথকে চিঠি লিখি আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে বুলি উল্লেখ কৰিছে ৷”
ইফালে বিজয় ৰূপানীয়ে কয় -‘মই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰোঁ বুলি সিদ্ধান্ত লৈছো। বিজেপিয়ে মোক পাঁচ বছৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিলে। এতিয়া তেওঁলোকে মোক পঞ্জাৱৰ দায়িত্বত ৰাখিছে আৰু এজন জ্যেষ্ঠ নেতা হিচাপে মই আগতেই ঘোষণা কৰিছো যে মই এই নিৰ্বাচনত যুঁজিব নোৱাৰো। মই টিকটৰ দাবীও কৰা নাই।’-
ৰাজকোট পশ্চিমৰ বিধায়ক বিজয় ৰূপানী (৬৬) ২০১৬ চনৰ আগষ্টৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহলৈকে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।চি আৰ পেটেললৈ হাতে লিখা পত্ৰত পেটেলে কয় যে বৰ্তমান তেওঁ প্ৰতিনিধিত্ব কৰা মেহছানা বিধানসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁক টিকটৰ বাবে বিবেচনা কৰা উচিত নহয়, কিয়নো তেওঁ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে।
ঢোলকাৰ বিধায়ক মিষ্টাৰ চুদাছামাই কয় যে দলটোৱে তেওঁক ৯ বাৰ টিকট দিছে। তেওঁ কয় ‘৯ বাৰৰ ভিতৰত মই পাঁচবাৰ জয়ী হৈছিলো আৰু কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। এতিয়া যথেষ্ট হ’ল, মই পূৰ্বে দলটোক কৈছিলোঁ যে মই পৰৱৰ্তী নিৰ্বাচনত যুঁজিব নোৱাৰো।’প্ৰদীপ সিংহ জাডেজাই মিষ্টাৰ পাটিললৈ লিখা এখন পত্ৰত কয় যে তেওঁও বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহয়।