চমু চাপিছে ত্ৰিপুৰাৰ বিধানসভা নির্বাচনৰ দিন ৷ ৰাজ্যখনত আৰম্ভ হৈছে নির্বাচনী কুচকাৱাজ ৷ বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজ্যখনত ত্ৰিপুৰাতো পশ্চিমবংগৰ দৰে ৰাজনৈতিক সমীকৰণ হ’ব বুলি আশা কৰা হৈছে ৷ চি পি এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে এই ইংগিত প্ৰদান কৰিছে ৷ তেওঁ আশাবাদী যে পশ্চিম বংগৰ দৰে ত্ৰিপুৰাত কংগ্ৰেছ-চিপিএমৰ মিত্ৰতা হ’ব পাৰে। সেই মিত্ৰজোঁটৰ ভিতৰত জনজাতীয় প্ৰধান শক্তি টিপ্ৰা মথাও থাকিব পাৰে। ইয়াৰ পূৰ্বে ত্ৰিপুৰাৰ নিৰ্বাচনৰ ভাৰপ্ৰাপ্ত কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দীপা দাসমুনীয়ে চিপিএম-কংগ্ৰেছৰ মিত্ৰতাৰ ইংগিত দিছিল।
বুধবাৰে আগৰতলাস্থিত চিপিএমৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে সীতাৰাম য়েছুৰীয়ে । সংবাদমেলত তেওঁ ত্ৰিপুৰাত চিপিএম-কংগ্ৰেছৰ মিত্ৰতাৰ সপক্ষেও নিজৰ মতামত দিছিল। লগতে তেওঁ বুজাই দিয়ে যে টিপ্ৰা মাথাক ৰখাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। সীতাৰামে কয় যে তেওঁলোকৰ প্ৰথম লক্ষ্য হৈছে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা দেশক মুক্ত কৰা। গতিকে ত্ৰিপুৰাৰ পৰৱৰ্তী নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ যি কৰিব লাগে তেওঁলোকে কৰিব ৷ একে অৱশ্যে এতিয়া কিমান আসনৰ বুজাবুজি হ’ব সেয়া স্পষ্ট কৰা নাই ৷
ত্ৰিপুৰাৰ ৰাজনৈতিক মহলৰ বহুতৰে মতে বংগৰ দৰে চি পি এম আৰু সেই ৰাজ্যৰ বাওঁপন্থী দলসমূহে কংগ্ৰেছৰ সৈতে একেলগে নির্বাচনত অৱতীর্ণ হোৱাটো নিশ্চিত কৰিছে। দুয়োটা দলে মিত্ৰতাত টিপ্ৰা মাথা থকাটো বিচাৰিছে ৷ টিপ্ৰা মাথাৰ নেতা প্ৰদ্যুৎ বর্মন ত্ৰিপুৰাৰ আদিবাসীসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় নেতা। গতিকে তেওঁৰ সৈতে মিত্ৰতা কৰিবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছে ৷
আনহাতে, প্ৰদ্যুতে বংগৰ শাসকীয় তৃণমূলৰ সৈতে মিত্ৰতাৰ আলোচনাত মিলিত হৈছে। তেওঁৰ মিত্ৰতাত যোগদান নিশ্চিত হ’লেহে এই মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব। বুধবাৰৰ সংবাদমেলত য়েচুৰীয়ে টিপ্ৰা মাথাৰ পৃথক ৰাজ্যৰ দাবীক সমৰ্থন নকৰি জাতিৰ উন্নয়নৰ বাবে তেওঁলোকৰ দাবীক সমৰ্থন কৰে