এই বছৰৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড০ মানিক সাহাই তেওঁৰ মুখ্যমন্ত্ৰীৰ আসনখন খালী কৰাৰ পিছত এতিয়া ত্ৰিপুৰাত ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ সেয়েহে শেহতীয়াকৈ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ত্ৰিপুৰাৰ ৰাজ্যসভা আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ তাৰিখ । অহা ২২ ছেপ্টেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপ-নিৰ্বাচন ।
লক্ষণীয়ভাৱে ড০ মানিক সাহা চলিত বৰ্ষৰ এপ্ৰিলত ত্ৰিপুৰাৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই ড০ সাহাক ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছিল শাসনাধিস্থিত দলটোৱে ।চলিত বৰ্ষৰ ১৫ মে’ত মানিক সাহাই সেইসময়ৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।কিন্তু ইয়াৰ পিছত একেটা বছৰতে জুন মাহত সাহা টাউন বৰদোৱালী সমষ্টিৰ পৰা বিধায়ক হিচাপে ত্ৰিপুৰা বিধানসভালৈ নিৰ্বাচিত হয়।
জানিব পৰা মতে নতুন ত্ৰিপুৰা বিধান সভাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া অহা বছৰৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালে অনুষ্ঠিত হ’ব।