আজি হিমাচল প্ৰদেশৰ ৬৮টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ ৫৫ লাখৰো অধিক ভোটাৰে এই নিবৰাচনত ভোটদান কৰিব। দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহাৰ লক্ষ্যৰে এইবাৰ নির্বাচনত অৱতীর্ণ হৈছে বিজেপি ৷ আনহাতে ৫ বছৰৰ বিৰতিৰ পাছত পুনৰ শাসনলৈ অহাৰ লক্ষ্যৰে নির্বাচনত যঁজ দিছে কংগ্ৰেছে ৷ হিমাচল প্ৰদেশত কংগ্ৰেছৰ স্থিতিও যথেষ্ট সবল ৷
বিজেপিয়ে ৰাজ্যখনৰ ধাৰাবাহিক উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাজ্য আৰু কেন্দ্ৰত একেটা দলৰ চৰকাৰ হ’লে কামত বাধা নপৰাটো নিশ্চিত হ’ব বুলি প্ৰচাৰ চলাই আহিছে ৷
স্থানীয় বিষয়ক লৈ নির্বাচনী ৰণনীতি তৈয়াৰ কৰা কৰা কংগ্ৰেছে প্ৰচাৰ চলাই আহিছে ৷ প্ৰবীণ নেতা বীৰভদ্ৰ সিঙৰ মৃত্যুৰ পিছৰে পৰা নেতৃত্বৰ সংকটৰ সন্মুখীন হোৱা দলটোৱে কয় যে আসন অনুসৰি টিকট আবণ্টন “পূৰ্বতকৈ বহু ভাল” হোৱাৰ বাবে তেওঁলোকে পুনৰ ক্ষমতালৈ আহিব । বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিং ৰাজ্যিক কমিটীৰ ৰ মুৰব্বী ৷ প্ৰাৰ্থীৰ ভিতৰত আছে তেওঁৰ পুত্ৰ বিক্ৰমাদিত্য সিং।
উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হিমাচলত বিজেপিৰ হৈ প্ৰচাৰ চলায় ৷ কংগ্ৰেছৰ হৈ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই সভা অনুষ্ঠিত কৰাৰ বিপৰীতে ভাতৃ ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ পৰিৱর্তে নিজৰ ‘ভাৰত জোৰো যাত্ৰা’ অব্যাহত ৰাখে ৷ কংগ্ৰেছৰ নতুন সভাপতি মল্লিকাৰ্জুন খাৰ্গেও হিমাচলত প্ৰচাৰ চলাইছিল।
২০০৪ চনৰ পূৰ্বৰ পুৰণি পেঞ্চন আঁচনিখন পুনৰ প্ৰৱর্তন কৰা হ’ব বুলি কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতিয়ে ৰাজ্যখনত চর্চা লাভ কৰিছে ৷ ৰাজ্যখনত ২ লাখৰো অধিক চৰকাৰী কৰ্মচাৰী আছে। ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ লগতে ৰাজ্যত ৮ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি বিজেপিয়ে।
পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণৰ বাবে ৭,৮৮৪টা ভোটকেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰ সৰ্বোচ্চ বুথটো লাহাউল-স্পিটি জিলাৰ কাজাৰ টাছিগাঙত, ১৫,২৫৬ ফুট উচ্চতাত অৱস্থিত ৷ য’ত ভোটাৰৰ সংখ্যা হৈছে ৫২ জন ৷