৬০ জনীয়া বিধানসভাত মুঠ ২০ খন আসন অনুসূচিত জনজাতিৰ বাবে আৰু ১০ খন অনুসূচিত জাতিৰ বাবে সংৰক্ষণ । ত্ৰিপুৰাৰ সিংসাহসনত কোনে বহিব তাৰ নিৰ্ণায়ক কাৰক হ’ব ত্ৰিপুৰাৰ জনজাতীয় ভোট । বেছিভাগ জনজাতীয় ভোট পশ্চিম ত্ৰিপুৰা, ধলাই আৰু উত্তৰ ত্ৰিপুৰাত সীমাবদ্ধ । এই অঞ্চলবোৰত ৰাইজৰ মনৰ ভাৱ বুজিবলৈ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যালয় খুমুলৱং অঞ্চল ভ্ৰমণ কৰাৰ লগতে ৰাইজৰ ক্ষোভৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল ।
খুমুলৱঙত চিপ্ৰাছৰ অভূতপূৰ্ব উপস্থিতি হোজাগিৰিৰ আদৰণি জনোৱা প্ৰতিমূৰ্তিৰ লগতে ১৯২৩-১৯৪৭ চনলৈ ত্ৰিপুৰাৰ ৰজা হৈ থকা মহাৰাজা বীৰ বিক্ৰম কিশোৰ দেববৰ্মনৰ প্ৰতি থকা আৱেগ স্পষ্ট ৰূপত প্ৰতিফলিত হয় । ৬০ জনীয়া বিধানসভাত মুঠ ২০খন আসন অনুসূচিত জনজাতিৰ বাবে আৰু ১০খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত।
বিশেষজ্ঞসকলে কৈছিল যে, এইবাৰ তিপ্ৰা মোথাৰ মুৰব্বী প্ৰদ্যুত বিক্ৰম মণিক্য দেববাৰ্মাৰ ‘বৃহত্তৰ তিপ্ৰালেণ্ড’ৰ আহ্বানৰ সৈতে এই আসনবোৰ আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। কাৰণ বৃহত্তৰ তিব্ৰালেণ্ডৰ প্ৰতি জনজাতীয় ৰাইজৰ আৱেগ যথেষ্ট বেছি ।