তিনিখন ৰাজ্যৰ তিনিজন জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যতক লৈ জল্পনা-কল্পনা আৰম্ভ হহৈছে ৰাজনৈতিক মহলত । শেহতীয়া নির্বাচনত জয়ী হোৱাৰ পিছতো নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ নিৰ্দেশত তেওঁলোকে পুনৰ মুখ্যমন্ত্ৰীৰ আসন লাভ কৰাত ব্যৰ্থ হয়।
পঞ্চমবাৰৰ বাবে দলটোক ক্ষমতালৈ অনাৰ পাছতো মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মুখ্যমন্ত্ৰীৰ পদ লাভ নকৰিলে । একেদৰে জয়পুৰ আৰু ৰায়পুৰৰ মছনদ দুই প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে আৰু ৰমন সিঙেও হেৰুৱাব লগীয়া হ’ল পদ ৷ ইয়াৰ ভিতৰত ৰমনক বিজেপি হাইকমাণ্ডে ছত্তীশগড় বিধানসভাৰ অধ্যক্ষ হিচাপে ঘোষণা কৰিছে। আন দুজনৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ ৷
ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই ভাবে যে মোডী-শ্বাহ ‘দৃষ্টিভংগীত’ নথকাৰ বাবে অনাগত দিনত শিৱৰাজ-বসুন্ধৰাক কাৰ্যতঃ ‘বানপ্ৰস্থ’লৈ প্ৰেৰণ কৰা হ’ব। যিদৰে পূৰ্বতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং বা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাৰ ক্ষেত্ৰত হৈছিল। এনে পৰিস্থিতিত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ‘ৰাজনৈতিক ভৱিষ্যত’ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বাৰ্তা আগবঢ়ায়।
বুধবাৰে সংবাদ মাধ্যম “আজাটক”ৰ উদ্যোগত অনুষ্ঠিত হোৱা এক আলোচনাত নাড্ডাই কয়-“ তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ দলৰ জ্যেষ্ঠ নেতা। ভৱিষ্যতে তেওঁলোকক দলত নিজৰ স্থানৰ উপযুক্ত ভূমিকা পালন কৰিবলৈ দিয়া হ’ব।” এনে পৰিস্থিতিত বিজেপিৰ ভিতৰতে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে বিজেপি হাইকমাণ্ডে পৰৱৰ্তী লোকসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি শিৱৰাজ, বসুন্ধৰা, ৰমনক ৰাষ্ট্ৰীয় ৰাজনীতিলৈ আনিব পাৰে।