বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজ্যত বিৰোধী দলসমূহে গঠন কৰিছিল বিৰোধী ঐক্য ৷ কংগ্ৰেছৰ উপৰি আপ, ৰাইজৰ দল.,অসম জাতীয় পৰিষদ, বাওপন্থী দলসমূহে একেলগে আগন্তুক নির্বাচনত অৱতীর্ণ হোৱাৰ মন মেলিছিল ৷ পিছে বিৰোধীৰ এই ঐক্যত খেলিমেলি লগালে আম আদমী পার্টীয়ে ৷ হঠাতে বৃহস্পতিবাৰে আম আদমী পার্টীয়ে ঘোষণা কৰিলে তিনিটা লোকসভা সমষ্টিৰ প্ৰার্থী ৷
মিত্ৰজোটৰ সৈতে আলোচনা নকৰাকৈ আপ অসমে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰার্থী ঘোষণা কৰিছে ৷ ডিব্ৰুগড়ত মনোজ ধানোৱাৰ, তেজপুৰত ঋষিৰাজ কৌণ্ডিণ্য আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বাবে আপ অসমৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীক প্ৰার্থী হিচাপে ঘোষনা কৰা হৈছে ৷
যোৱা ৫ ফেব্ৰুৱাৰীত আপৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ সৈতে আপ অসমৰ নেতৃত্বই বৈঠকত মিলিত হৈছিল। সেই বৈঠকৰ দুদিনৰ পিছতে আপ অসমে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে।
ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে যে বিৰোধীৰ মিত্ৰতা ৰাজ্যত ভংগ হ’ল নেকি ? কিয়নো ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে প্ৰার্থীত্ব আগবঢ়াব বুলি চর্চা চলিছিল ৷ সেইদৰে গুৱাহাটীত কংগ্ৰেছে প্ৰার্থী প্ৰদান কৰিব বুলি খবৰ ওলাইছিল ৷ ইয়াৰ মাজতে মিত্ৰ দলৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে হঠাতে আপে প্ৰার্থী ঘোষণা কৰাত স্বাভাৱিকতে বিৰোধী ঐক্যত হাহাকাৰ লাগিছে ৷ এই কার্যই অসমত শাসকীয় বিজেপিৰ আসনৰ সংখ্যা বৃদ্ধিত সহায় কৰিব বুলিও ৰাজনৈতিক মহলত চর্চা চলিছে ৷