তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি এইবাৰ বিপদত পৰিছে কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লা। কর্মীসভাত সাধু-সন্ন্যাসী আৰু সত্ৰাধিকাৰৰ বিষয়ে বিৰূপ মন্তব্য কৰি ৰাজ্যজুৰি সমালোচিত হোৱাৰ পিছতে নিজৰ ভুল স্বীকাৰ কৰিবলৈ বাধ্য হ’ল কংগ্ৰেছী বিধায়কজন। ৰাজহুৱা সভাত বদৰুদ্দিন আজমলক কটাক্ষ কৰিবলৈ গৈ কংগ্ৰেছী বিধায়কজনে বিতৰ্কিত মন্তব্য কৰিছিল ।
আজি জলেশ্বৰৰ বিধায়কজনে কয় –“দুদিন পূর্বে কর্মীসভাত মই যোগদান কৰো আৰু কর্মীসকলক উদ্দেশ্যি ভাষণ দিওতে যোৱা কিছুদিন আগত বদৰুদ্দিন আজমলে মুছলমান সম্প্ৰদায়ক লৈ কোৱা কিছু কথাৰ প্ৰসংগতে সাধু সন্ন্যাসীক লৈ কিছু কথা কৈছিলো ৷ মই অনুভৱ কৰিছো যে তেনেদৰে কোৱাটো ঠিক হোৱা নাই ৷ ইয়াৰ বাবে মই দুখিত ৷ সমূহ অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা ভিক্ষা খুজিছো ৷ “ ভৱিষ্যতলৈ এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা বিৰত থাকিব বুলিও তেওঁ প্ৰকাশ কৰে ৷
জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক আফতাবউদ্দিন মোল্লাই কৈছিল যে সমাজত বেয়া কাম মুছলমানে নকৰে, হিন্দু মানুহে কৰে ।হিন্দুয়েহে বেয়া কাম কৰে বুলি মন্তব্য কৰাৰ লগতে সকলো সীমা চেৰাই মন্দিৰৰ সাধু অথবা নামঘৰীয়াইহে বেয়া কাম কৰে বুলি কৈছিল এইজন কংগ্ৰেছী বিধায়কে। এগৰাকী জনপ্ৰতিনিধিয়ে এটা সম্প্রদায়ৰ বিৰুদ্ধে ৰাজহুৱা সভাত কৰা সাম্প্ৰদায়িক মন্তব্যই জোকাৰি গৈছিল সমগ্র অসম। এনে প্ৰেক্ষাপটত বিধায়কগৰাকীৰ ক্ষমা প্ৰাৰ্থনা ৰাইজে গ্ৰহণ কৰে নকৰে সেয়া সময়ত স্পষ্ট হ’ব।আনহাতে আজি এক সংবাদমেলত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে মোল্লাৰ বিৰুদ্ধে দলীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে ৷