বিনা প্ৰতিদ্বন্দ্বিতাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ হ’ব ৰাজু টিছো ,বৰ্তমান সময়ত এই কথা প্ৰায় নিশ্চিত হৈ পৰিছে ৷ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ‘কৰকান্থী পৰিষদীয় সমষ্টি’ৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী ৰাজু টিছোৱে আজি অধ্যক্ষ পদৰ বাবে নিজৰ মনোনোয়ন পত্ৰ দাখিল কৰে।
যিহেতু ২৬খন আসনতে বিজেপি বিজয়ী হৈছে সেয়ে ৰাজু টিছোৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত হোৱাটো একপ্ৰকাৰ প্ৰায় নিশ্চিত হৈ পৰিছে । আনহাতে বুধবাৰে অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছতেই তুলিৰাম ৰংহাঙে মুখ্য কাৰ্য্যবাহী সদস্য অৰ্থাৎ CEM পদৰ বাবে মনোনোয়ন পত্ৰ দাখিল কৰিব।
উল্লেখযোগ্য যে সোমবাৰে পৰিষদৰ (KAAC) ২৬গৰাকী নিৰ্বাচিত সদস্যক শপতবাক্য পাঠ কৰাইছিল অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । এইবাৰৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ জৰিয়তে ১১গৰাকী নৱাগত প্ৰাৰ্থী ক্ৰমে অভিজিৎ ক্ৰ’, লম্বিছন বে, হেডছিং ৰংফাৰ, অজিত কুমাৰ দে’, বিল মোহন খাখলাৰী, কানবুৰা কিলিং, মধুৰাম লেখটে, জনি তিমুং, তিলোত্তমা হাছনু, কাদম টেৰাংপী আৰু শ্ৰৱন তেলেংগা বিজয়ী হৈ প্ৰথমবাৰলৈ পৰিষদলৈ আহিছে।