মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিসম্বাদ কৰি অৱশেষত নিজেই মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হ’ল একনাথ ছিন্দে ৷ শিৱসেনাৰ গৰিষ্ঠ সংখ্যক বিধায়কেই সমর্থন দিছে একনাথ ছিন্দেক ৷ সম্প্ৰতি মাত্ৰ কেইজনমান বিধায়কেহে উদ্ধৱ থাকৰেক সমর্থন জনাইছে ৷ ইয়াৰ মাজতে শিৱসেনা কাৰ , সেয়া স্পষ্ট কৰিবলৈ উদ্ধৱ থাকৰে আৰু একনাথ ছিন্দেক নির্দেশ দিছে দেশৰ নির্বাচন আয়োগে ৷ শনিবাৰে নিৰ্বাচন আয়োগে উদ্ধৱ থাকৰে আৰু একনাথ ছিন্দেক শিৱসেনাত সংখ্যাগৰিষ্ঠ সদস্য থকাৰ তথ্য দাখিল কৰিবলৈ নির্দেশ দিছে ৷ । অহা ৮ আগষ্টৰ দিনৰ ১ বজাৰ ভিতৰত তেওঁলোকে প্ৰমাণ দাখিল কৰিব লাগিব।দুয়োপক্ষই লিখিত তথ্য দাখিল কৰিব লাগিব ৷ য’ত তেওঁলোকে দলটোৰ মাজৰ বিবাদ সন্দৰ্ভত নিজৰ মতামত বিশদভাৱে উল্লেখ কৰিব লাগিব ৷
উল্লেখ্য যে যোৱা মাহত ছিন্দেৰ লগতে ৪০ জন বিধায়কে উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহআৰম্ভ কৰাত দুয়োটা ফৈদৰ মাজত বিবাদৰ সৃষ্টি হয়। বহুদিন ধৰি চলি থকা হাই-প্ৰফাইল ৰাজনৈতিক নাটকৰ অন্তত বিজেপিৰ সমৰ্থনত ৩০ জুনত মহাৰাষ্ট্ৰত ছিন্দে আৰু তেওঁৰ ফৈদে নতুন চৰকাৰ গঠন কৰে। উপ-মুখ্যমন্ত্ৰী হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাৰনাভিছ।
নতুন চৰকাৰ গঠনৰ পাছৰে পৰা ছিন্দেয়ে দাবী কৰি আহিছে যে শিৱসেনাৰ অধিকাংশ বিধায়কৰ সমর্থন তেওঁৰ পক্ষত আছে ৷ যাৰ বাবে তেওঁৰ পক্ষহে প্ৰকৃত শিৱসেনা। ৫৫ জন বিধায়কৰ ভিতৰত ৪০ জন আৰু লোকসভাৰ ১৮ জন সাংসদৰ ভিতৰত ১২ জন বিধায়কৰ সমৰ্থন আছে বুলি ছিন্দেই দাবী কৰি আহিছে । ইয়াৰ বিপৰীতে উদ্ধৱ পক্ষই তেওঁলোকৰ লগত সংখ্যাগৰিষ্ঠত থকা বুলি দাবী কৰিছিল। ছিন্দেই নিৰ্বাচন আয়োগক অনুৰোধ কৰিছিল যে তেওঁৰ শিবিৰক প্ৰকৃত শিৱসেনা হিচাপে স্বীকৃতি দিব লাগে ৷ লগতে দলীয় প্ৰতীকটোও তেওঁৰ পক্ষত আবণ্টন দিব লাগে। ছিন্দে শিবিৰে মহাৰাষ্ট্ৰৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নৰৱেকাৰক ঠাকৰে গোটটোক অযোগ্য ঘোষণা কৰিবলৈও আহ্বান জনায় ৷