পাকিস্তানৰ ৰাজনীতিত হোৱা নাটকীয় পট পৰিৱর্তনৰ লগে লগে পৰৱর্তী প্ৰধানমন্ত্ৰী কোন হ’ব তাক লৈ বৃদ্ধি পাইছে উৎকণ্ঠা ৷ আজি অনুষ্ঠিত হ’বলগীয়া নেচনেল এছেম্বলীত নির্বাচন কৰা হ’ব দেশখনৰ প্ৰধানমন্ত্ৰী ৷ য’ত ভোটৰ জৰিয়তে নির্বাচন কৰা হ’ব প্ৰধানমন্ত্ৰী ৷ আজি নিশা ৮ বজাত শপত গ্ৰহণ কৰিব নতুন প্ৰধানমন্ত্ৰীয়ে ৷ পদচ্যুত হোৱা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল পি টি আয়ে বয়কোট কৰিব নেচনেল এচেম্বলী ৷
ইমৰান খানকে ধৰি পিটিআইৰ সদস্যসকলে একেলগে পদত্যাগ কৰি প্ৰধানমন্ত্ৰী নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইমৰাণ খানে কয়- “আমি কোনো পৰিস্থিতিত এই এচেম্বলীত উপস্থিত থাকিব নোৱাৰো ৷ মই এই চোৰৰ সৈতে একেলগে বহিব নোৱাৰো ৷ “ উল্লেখ্য যে আস্থাভোটত হাৰি দেশখনৰ প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱাইছিল ইমৰাণ খানে ৷ পাকিস্তানৰ বিৰোধী দলপতি শ্বেহবাজ শ্বৰীফ দেশৰ পৰৱর্তী প্ৰধানমন্ত্ৰী হিচাপে নির্বাচিত হোৱাৰ সম্ভাৱনা আছে ৷