শুক্ৰবাৰে নিশা নতুন দিল্লীৰ হোটেল অশোকাত বিদায়ী ৰাষ্ট্ৰপতিৰ বাবে নৈশ ভোজৰ আয়োজন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা এই নৈশ ভোজত পত্নীৰ সৈতে উপস্থিত হয় ৰামনাথ কোবিন্দ ৷
আনহাতে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন দলৰ প্ৰতিনিধি সকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে তাত উপস্থিত থাকে সংখ্যালঘূ সম্প্ৰদায়ৰ প্ৰতিনিধিসকলো ৷ আনহাতে পদ্মশ্ৰী ,পদ্মভূষণ ,পদ্মবিভূষণ সন্মান প্ৰাপকসকলো আছিল এই নৈশ ভোজৰ আমন্ত্ৰিত অতিথি ৷
অহা ২৪জুলাইত কাৰ্যকাল উকলিব বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৷ ২৫জুলাইত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৷
ৰামনাথ কোৱিন্দ ভাৰতৰ ১৪সংখ্যক ৰাষ্ট্ৰপতি ৷ ২০১৭চনৰ ২৫জুলাইত শপত গ্ৰহণ কৰিছিল কোৱিন্দে আৰু ২০১৪চনৰ পৰা ২০১৭চনলৈ বিহাৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল তেওঁ ৷ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হোৱাৰ পিছত ১৯৯৪চনত ৰাজনীতিৰ জগতখনত প্ৰথম খোজ দিছিল ৰামনাথ কোৱিন্দে ৷