উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি আগন্তুক বিধানসভা নির্বাচনৰ বাবে গোৰখপুৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগত লৈ আদিত্যনাথে দাখিল কৰে মনোনয়ন পত্ৰ ৷ সমষ্টিটোৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভা নির্বাচনত অৱতীর্ণ হ’ব যোগী আদিত্যনাথ ৷ মননোয়ন দাখিলৰ পূর্বে পাঁচবাৰৰ সাংসদজনে গোৰখনাথ মন্দিৰত পূজা অর্চনা আগবঢ়াই ৷ এই গোৰখনাথ মন্দিৰতে মুল পুৰোহিত হিচাপে দায়িত্ব পালন কৰিছিল যোগী আদিত্যনাথে ৷
পূৱ উত্তৰ প্ৰদেশৰ গোৰখপুৰ যোগী আদিত্যনাথৰ দুৰ্গ হিচাপে জনাজাত ৷ এই সমষ্টিটোৰ পৰা তেওঁ প্ৰতিদ্বন্দিতা কৰা প্ৰতিটো সংসদীয় নিৰ্বাচনত জয়ী হৈছে। আজি অমিত শ্বাহ আৰু কেইবাজনো বিজেপি নেতাই মুখ্যমন্ত্ৰীক সংগ প্ৰদান কৰি নির্বাচনৰ প্ৰাকক্ষণত শক্তি প্ৰদৰ্শন কৰে ৷ বর্তমানলৈ যোগী আদিত্যনাথৰ বিৰুদ্ধে গোৰখপুৰ সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ভীম সেনাৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদে । সমাজবাদী পাৰ্টিয়ে এতিয়াও যোগী আদিত্যনাথৰ বিপৰীতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।মনোনয়ন দাখিলৰ পূৰ্বে অমিত শ্বাহে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে এখন ৰেলী সম্বোধন কৰে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীক উষ্ম প্ৰশংসা কৰি শ্বাহে কয় “মই গৌৰৱেৰে ক’ব পাৰোঁ যে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশক মাফিয়াৰ পৰা মুক্ত কৰিছে। ২৫ বছৰৰ পিছত যোগী আদিত্যনাথে উত্তৰ প্ৰদেশত আইনৰ শাসন প্ৰতিষ্ঠা কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ বাবে বিনামূলীয়া ক’ভিড ভেকছিনৰ ব্যৱস্থা কৰিছিল ৷ মই আপোনাক জনাবলৈ পাই আনন্দিত যে সৰ্বাধিক সংখ্যক টীকাকৰণ কৰা ৰাজ্যখনেই হৈছে উত্তৰ প্ৰদেশ ৷ যোগীৰ নেতৃত্বত উত্তৰ প্ৰদেশে ক’ভিডৰবিৰুদ্ধে আটাইতকৈ শক্তিশালীভাৱে যুঁজ দিছে ৷”