VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাগ্য বিধাতা

পল্লৱী কৌশিক শৰ্মা by পল্লৱী কৌশিক শৰ্মা
October 19, 2021
in চুটিগল্প
ভাগ্য বিধাতা

OLYMPUS DIGITAL CAMERA

0
SHARES
126
VIEWS
Share on FacebookShare on Twitter

হোটেল পেচিফিক গ্ৰীণ

ৰেডিয়ামৰ পোহৰত আঙঠাৰ দৰে উজ্বলি উঠা ৰঙা আখৰকেইটা দূৰৈৰ পৰাই চকুত পৰিল নম্ৰতাৰ । উঠি অহা টেম্প’খন সুবিশাল হোটেলখনৰ সন্মুখতে ৰখাব’লৈ কৈ হুৰমুৰকৈ নামি আহিল তাই আৰু চালকজনক প্ৰাপ্য ভাড়াটো আদায় দি খৰখেদাকৈ কেম্পাছ’ৰ ভিতৰলৈ প্ৰৱেশ কৰিলে। গেটৰ মুখতে চিকিউৰিটি গাৰ্ডজনে মিচিকিয়া হাঁহি এটাৰে সম্ভাষণ জনালে তাইক ..

: ৱেলকাম মেম ।

নম্রতাৰ পিছে সেইবোৰলৈ ভ্ৰূক্ষেপ নাই । হাতৰ ঘড়ীটোত দৃষ্টি ৰাখি গন্তব্য স্থানলৈ বুলি খোজ দিলে তাই । সময় তেতিয়া কানিমুনি সন্ধ্যা ।

প্ৰৱেশদ্বাৰৰ ক’লা আইনাৰ বিয়াগোম দুৱাৰখন বিশেষ কায়দাৰে ঠেলি হোটেলখনৰ ভিতৰলৈ সোমাই , ৰিচিপচ’ন কাউণ্টাৰৰ সুন্দৰী যুৱতীগৰাকীক এষ্ট্ৰ’লজাৰ অভ্ৰদ্বীপ চৰকাৰৰ ৰুম নম্বৰটোৰ বিষয়ে সুধি ইফালে সিফালে চাবলৈ ধৰিলে নম্রতাই।

পেণ্ডেণ্ট লাইটৰ ঈষৎ হালধীয়া পোহৰে মায়াময় কৰি তুলিছিল হোটেলখনৰ ভিতৰচ’ৰা । লঘু সংগীত , খোৱা টেবুলত প্লেট আৰু চামুচৰ ঠুঙ-ঠাঙ শব্দ লগতে সমাগত মানুহবোৰৰ মৃদু বাৰ্তালাপে ডাইনিং এৰিয়াটোত সামান্য কোলাহৰ সৃষ্টি কৰিছিল। ৰিচিপচ’নিষ্টগৰাকীয়ে ৰেজিষ্টাৰ বুকত অভ্ৰদ্বীপ চৰকাৰৰ ৰুম নম্বৰটো চাই এটি মৃদু হাঁহিৰে অন্যমনস্ক হৈ পৰা নম্রতাক উদ্দেশ্যি কৈ উঠিল ..

: মেম , ৰুম নম্বৰ 401 । থাৰ্ড ফ্ল’ৰ । কেন আই হেল্প ইউ ৱিথ এনিথিং এলছ ?

: ন’ ঠেংক্স ।

সুন্দৰী যুৱতীগৰাকীক নিৰ্লিপ্ততাৰে উত্তৰটো দি ডাইনিং এৰিয়াৰ কাষেদি ওপৰলৈ উঠি যোৱা চিৰিৰে ৰুম নম্বৰ 401 লৈ বুলি অগ্ৰসৰ হ’ল তাই । চেকেণ্ড ফ্ল’ৰৰ বাৰখনৰ ঠিক সন্মুখেৰে পাৰ হৈ থাৰ্ড ফ্ল’ৰলৈ উঠা চিৰিটোত ভৰি দিওঁতে অজানিতে অলপমান শংকাবোধে ক্ৰিয়া কৰিলে তাইৰ মনটোক । পিন্ধি থকা শাৰীখনে উঠন বুকুখন কেনেবাকৈ উদঙাই পেলাইছে নেকি ভালদৰে লক্ষ্য কৰি ক্ষিপ্ৰ গতিৰে চিৰিটোত উঠিবলৈ লওঁতেই হাতত পানীয়ৰ গ্লাছ লৈ এজন আদহিয়া পুৰুষে চিৰিটোৰ আঁৰৰ পৰা মাত লগালে ..

: নম্ৰতা লাহন ?

এজন অচিনাকি পুৰুষ কণ্ঠত হঠাৎ তাইৰ নামটো শুনি উচপ খাই উঠিল নম্ৰতা আৰু প্ৰশ্নবোধক চাৱনিৰে পুৰুষজনৰ মুখলৈ চাই প্ৰশ্ন কৰিলে ।

: আপুনি ?

: …অভ্ৰদ্বীপ চৰকাৰ । মই আচলতে আপোনাৰ বাবেই অপেক্ষা কৰি আছিলোঁ। আপোনাৰ অলপ পলম হ’ল । মই চেক আউট কৰিবই ওলাইছিলোঁ । পিছে আপুনি এপ’ইণ্টমেণ্ট লৈ থৈছিল বাবে ৰৈ দিলোঁ।

: মই দুঃখিত মিষ্টাৰ চৰকাৰ । পলম হ’ল মোৰ । অশেষ ধন্যবাদ আপুনি যে মোৰ বাবেই ৰৈ দিলে ।

: ইটছ অ’কে । আহক ।

অভ্ৰদ্বীপ চৰকাৰে ৰুম নম্বৰ 401 লৈ আগবঢ়াই লৈ গ’ল তাইক । কোঠাটোত এগৰাকী যুৱতীয়ে টেবুলখনৰ ওপৰত বিশৃংখলতাৰে পৰি থকা কিতাপ আৰু কাগজ-পত্ৰবোৰ ঠিক কৰি আছিল । হয়তো যুৱতীগৰাকী তেখেতৰ সহযোগী । চৰকাৰে তেওঁক আঁতৰি আহিবলৈ চকুৰে ইংগিত দি টেবুলখনৰ লগতে থকা চকীখনত বহি ল’লে আৰু নম্ৰতাকো সন্মুখৰ চকীখনলৈ আঙুলিয়াই বহিবলৈ কৈ , পেন এটা আৰু ন’টবুকখন উলিয়াই ল’লে।

: কওঁক মিছেচ লাহন , কি সমস্যা আছিল আপোনাৰ ?

ক্ষন্তেক অভ্ৰদ্বীপ চৰকাৰৰ সন্মুখত থকা ন’টবুকখনত দৃষ্টি ৰাখি কথাবোৰ যুকিয়াই ল’লে নম্ৰতাই ।

: মোৰ জীৱনটো বৰ খেলিমেলি হৈ পৰিছে ডাঙৰীয়া । কেতিয়াবা সময়বোৰ ইমানেই বিৰক্তিকৰ হৈ উঠে যে আত্মহত্যা কৰি বেমেজালিবোৰৰ পৰা নিস্তাৰ পোৱাৰ প্ৰবল ইচ্ছা এটাহে জাগি উঠে মনত ।

: মূল কথাখিনি কওঁক । সেইখিনি মই আপোনাক দেখিয়েই বুজিব পাৰিছোঁ ।

: সমস্যা …মোৰ স্বামী । এজন ৰুগীয়া আৰু অক্ষম পুৰুষ তেওঁ । তেওঁৰ অক্ষমতা মূল সমস্যা নহয়। সমস্যা তেওঁৰ শৰীৰৰ বেমাৰবোৰহে । প্ৰতি দুই তিনিমাহৰ মূৰে মূৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয় । মই ভাগৰি পৰিছোঁ। আৰ্থিক সংকট , দৈহিক আৰু মানসিক কষ্টই মোকো জুৰুলা কৰিছে । মোক এইবোৰৰ পৰা পৰিত্ৰাণ লাগে ।

: মোৰ ওচৰলৈ কিয় আহিছে ? এইবোৰটো আপুনি ইচ্ছাকৃতভাৱে কৰা পাপৰ ফল । আজি আপোনাৰ স্বামী যিটো পৰ্য্যায়ত দৈহিক কষ্টৰে যুঁজি আছে তাৰ কাৰণ মই যদি আপুনি বুলিয়েই কওঁ ।

উচপ খাই উঠিল নম্ৰতা । কি কৈছে এয়া অভ্ৰদ্বীপ চৰকাৰে ! পাপ..! পাপ কৰিছে তাই !

: আপুনি নিজেই জানে মিছেচ লাহন । মই যদি এতিয়া কথাখিনি মুখ ফুটাই উচ্চাৰণ কৰোঁ আপুনি হয়তো লজ্জিত হ’ব । যাওঁক পাপৰ প্ৰায়শ্চিত্ত কৰক। আপোনাৰ ভুল স্বীকাৰ কৰক । সুস্থ হৈ উঠিব তেখেত ।

উচুপি উঠিল নম্ৰতা । অভ্ৰদ্বীপ চৰকাৰৰ ভৰি দুখনতে পৰি চিঞৰি চিঞৰি কান্দিবলৈ মন গ’ল তাইৰ। কি আচৰিত ! অপৰিচিত কাৰোবাৰ মুখলৈ চায়েই , এইদৰে গোপন সত্যবোৰ কৈ যাব পাৰে নে কোনোবাই !

ইমান কঠোৰতাৰে নম্ৰতাক আঘাত কৰি অভ্ৰদ্বীপ চৰকাৰো মৰ্মাহত হ’ল । নম্ৰতাৰ মনত উদ্ৰেক হোৱা সন্দেহপূৰ্ণ প্ৰশ্নবোৰক অনুমান কৰি সকাহ দিয়াৰ নিৰ্মিতে কৈ উঠিল তেওঁ ..

: নাকান্দিব মিছেচ লাহন। মানুহে ভুলবোৰ কৰো বুলি নকৰে ।
মই নকওঁ যে মোৰ কথাবোৰেই আপুনি মানক বা মই দিয়া বিধানমতেই আপোনাৰ স্বামীক সুস্থ কৰি তোলক।সকলোবোৰ নিৰ্ভৰ কৰিব আপোনাৰ বিশ্বাসৰ ভিত্তিত । কিন্তু জ্যোতিষশাস্ত্ৰক অৰ্থহীন বিবেচনা নকৰিব।
দৰাচলতে জ্যোতিষশাস্ত্ৰ আৰু জ্যোৰ্তিবিজ্ঞানকলৈ মানুহৰ মনত বিভ্ৰান্তি মূলক স্থিতি প্ৰতিফলিত হোৱা দেখা যায় ৷ জ্যোতিষত মঙল, বুধ, বৃহস্পতি, শুক্ৰ,শনি, ৰাহু, কেতু, চন্দ্ৰৰ লগতে সূৰ্যকো এটা গ্ৰহ হিচাবে ধৰা হয় ৷ এই প্ৰতিটো গ্ৰহৰ দোষ খণ্ডন কৰিবলৈ বেলেগ বেলেগ দৰৱ বা বেলেগ বেলেগ বিধি দিওঁ আমি । কথাবোৰ বৰ্তমান আপোনাক বুজাবলৈ দিগদাৰ পাইছোঁ মই । কিন্তু মোৰ সাধনাৰ দ্বাৰাই আজি আপোনাক ভূত-ভৱিষ্যত সম্পৰ্কে কিছু আভাস দিবলৈ সক্ষম মই ।
যোৱা পাঁচটা বছৰ আপুনি অতিশয় মানসিক দুৰ্যোগৰে পাৰ কৰি আহিলে। প্ৰতিদিনেই মন আৰু মগজুৰ যুজঁ এখনে আপোনাক তিলতিলকৈ জিয়াতু ভোগালে । চিন্তা নকৰিব । সকলো ঠিক হ’ব । তাৰবাবে আপুনি মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখি বিধানমতে কামখিনি কৰিব লাগিব ।

এফালৰ পৰা নম্ৰতাৰ অতীতটোক খান্দি খুঁচৰি গ’ল এষ্ট্ৰল’জাৰ অভ্ৰদ্বীপ চৰকাৰে । তাই সপোনতো ভবা নাছিল , পাহৰি থাকিব বিচৰা অতীতটোৱে এইদৰে পুনৰ ভুমুকা মাৰি ধাৰাসায়ী কৰিব তাইক ।

আচলতে ভুল নহয়…পাপ আছিল সেয়া । ইচ্ছাকৃত ভুলবোৰক কেৱল ভুল বুলিয়েই ক’ব পৰা যায় জানো !

: কি কৰিম মই , কি দৰে মোৰ পাপৰ প্ৰায়শ্চিত্ত হ’ব ? মোক উপায় দিয়ক ডাঙৰীয়া ।

: শিৱ মন্দিৰলৈ গৈ নন্দীৰ কাণত আপোনাৰ ভুল স্বীকাৰ কৰক । খুব কষ্টেৰে নিজ হাতেৰে অনা এবিধ বস্তু শিৱৰ চৰণত অৰ্পণ কৰক । মনত ৰাখিব দেই , কষ্ট কৰি আনিব লাগিব [ আকৌ এবাৰ সোঁৱৰাই দিলে অভ্ৰদ্বীপ চৰকাৰে বাক্যফাঁকি ] । এখন ৰঙা চূৰ্ণী আৰু এখন ফলৰ শৰাই দেৱী মালৈ আগবঢ়াওক । কামখিনি অতি নিষ্ঠা আৰু ভক্তি সহকাৰে কৰি আপুনি মোক আকৌ লগ কৰিব। মই অহা মাহত আকৌ আহিম । তেতিয়া আপোনাক এটা তাবিজ দিম মই। তাবিজটো সোমবাৰ এটাত বাওঁ হাতৰ বাউসীত পৰিধান কৰিব লাগিব । মোৰ বিশ্বাস , আপুনি সুফল পাব ।

যিদিনা আপুনি যুক্তি-অযুক্তিৰ বিচাৰ কৰি এটা উচিত সিদ্ধান্ত লওঁতে থমকি ৰ’ব লগা হৈছিল, সেইদিনাই যদি মোক লগ কৰিলে হয় ! মই কপালৰ লিখন সলাব নোৱাৰোঁ বা জীৱন ঘূৰাই দিয়াও সম্ভৱ নহয় মোৰ দ্বাৰা। কিন্তু এজাক বৰষুণ বা প্ৰখৰ ৰ’দৰ পৰা যিদৰে এটা ছাতিয়ে আমাক সুৰক্ষা দিয়ে , ঠিক সেইদৰে ময়ো আপোনাক গ্ৰহৰ কু-দৃষ্টিৰ প্ৰভাৱৰ পৰা উদ্ধাৰ কৰিবলৈ যত্ন কৰিলোঁ হয় ।

যাওঁক , দেৰি নকৰিব। আপোনাৰ স্বামীয়ে জীৱন মৃত্যুৰ সন্ধিক্ষণত অতিশয় কষ্টেৰে দিনবোৰ পাৰ কৰি আছে। তেওঁৰ যত্ন লওঁক লগতে ট্ৰিটমেন্টো‌ চলাই থাকক ।

~ বিক্ষিপ্ত চিন্তা কিছুমান পাগুলি , এটা ভাৰাক্ৰান্ত মনেৰে পেচিফিক গ্ৰীণ হোটেলৰ 401 নম্বৰ কোঠাৰ পৰা হস্পিটেলত চিকিৎসাধীন হৈ থকা স্বামী পলাশৰ ওচৰলৈ উভতি আহিল নম্ৰতা । আহিয়েই বিছনাখনত কুচি-মুচি পৰি থকা পলাশৰ ভৰিতে পৰি উচুপি উঠিল তাই ।

কৰিব তাই … ।
অভ্ৰদ্বীপ চৰকাৰে বিধান দিয়া মতে সকলোখিনি কৰিব। পাপৰ প্ৰায়শ্চিত্ত কৰি পলাশৰ জীৱনলৈ নামি অহা সংকট আঁতৰাই পঠাব লাগিব ।

——————-

দুদিনমান পিছতেই পলাশ হস্পিটেলৰ পৰা ৰিলিজ লৈ ঘৰলৈ আহিল । আলেঙে-আলেঙে সি নম্ৰতাক লক্ষ্য কৰি খুব অসহায় অনুভৱ কৰিলে। নম্ৰতাৰ উদাসী দুচকুৱে তাৰ বুকুখন তীব্ৰ বিষ এটাৰে কোঙা কৰি পেলায়। নিজৰ অক্ষমতাক ধিক্কাৰ দি উঠে সি। কিমান কৰিব এই মানুহজনীয়ে তাৰ বাবে !

নম্ৰতাৰ জীৱনৰ সুখবোৰ কাঢ়ি লোৱাৰ অধিকাৰ আছিল জানো তাৰ ! বিবাহৰ পূর্বেই যদি সি জানিলে হয় তাৰ অক্ষমতাৰ বিষয়ে !

সময় বাগৰাৰ লগে লগে মানসিক দুৰ্বলতাৰ অজুহাতত , দেহত দেখা দিয়া বিভিন্ন ৰোগৰে সৈতে আজিৰ তাৰিখত নম্ৰতাৰ জীৱনত পলাশ যেন এটা গধূৰ বোজা।

মনৰ ইচ্ছাবোৰ সামৰি সুতৰি , বেদনাৰ বৰপেৰাটোত ভৰাই ইমান বছৰে নীৰৱেই ৰৈছিল নম্ৰতা।পলাশৰ ক্লীৱতাক দোষাৰোপ কৰি তাক আঘাত দিয়াৰ মানসিকতা নাছিল তাইৰ । উশাহ হৈ পৰা মানুহটোৰ প্ৰতি প্ৰেমৰ তীব্ৰতাবোৰক হ্ৰাস কৰা জানো সম্ভৱ !
পলাশৰ প্ৰেমৰ ৰঙেৰে ৰাঙলী কৰি ৰখা সেওঁতাটো প্ৰতিদিনেই কিমান যে হেঁপাহেৰে দগমগকৈ সজাই লৈছিল তাই ! জৈৱিক তাড়নাবোৰক বাধা দিব নোৱাৰি ক্ষন্তেকৰ বাবে অভিমানী হৈ উঠিছিল যদিও , পিছ মুহূৰ্ততে আলফুলে বুকুলৈ সামৰি লৈছিল পলাশক তাই । স্পৰ্শৰ সুখেৰে অনুভৱবোৰক জীয়ন দি ৰাখিবলৈকে যত্ন কৰিছিল সদায়।

পিছে এদিন তাইৰো ভুল হৈছিল ।

কোনোবা এটা বৰ্ষাসিক্ত সন্ধিয়া শয্যাশায়ী পলাশৰ খবৰ ল’বলৈ অহা বন্ধু মৃণালৰ ওচৰত নিজকে সঁপি দিছিল নম্ৰতাই । দুখবোৰ ব্যক্ত কৰি উথলি উঠা আৱেগক সম্বৰণ কৰিব নোৱাৰি দৈহিক মিলনৰ বাবে মৃণালক তায়েই প্ৰৰোচিত কৰিছিল। নিজকে বাৰম্বাৰ বুজাইছিল.. ভুল নহয় এয়া । যৌন চেতনাক প্ৰশ্ৰয় দিয়াটো ভুল হ’ব নোৱাৰে । তৃপ্ত হোৱাৰ বাসনা প্ৰতিগৰাকী নাৰীৰে থাকে ।

স্বাৰ্থপৰ হৈ উঠাৰ সেই সময়খিনিক বাদ দি পৰৱৰ্তী দিনবোৰত প্ৰতি নিয়ত অনুশোচনাৰ অনলে দগ্ধ কৰি পেলাইছিল তাইক ।

~কুন্তীয়েও ভুল কৰিছিল । ক্ষন্তেকীয়া আৱেগে দুৰ্বল কৰি তোলাৰ বাবেই গোটেই জীৱন দংশিত হৈ ৰৈছিল তেওঁ। নিজৰ ভুলৰ বাবেই সূৰ্য্য দেৱতাৰ ঔৰসত জন্ম লভা কৰ্ণক ,লোকলজ্জাৰ ভয়ত কুমাৰী মাতৃত্বৰ বোজা বহন কৰিব নোৱাৰি আপোন কৰি লোৱাত অপাৰগ হৈ ৰ’ল কুন্তী । কুন্তীকো বাৰু পাপে চুইছিল নেকি !

———————-

“ওঁ ত্রম্বকম যজামহে সুগন্ধিং পুষ্টি বর্ধনম ।
ঊর্বাৰু কমিব বন্ধনাৎ মৃত্যুমক্ষীয় মামৃতাৎ’ ।”

শিৱ মন্দিৰ ভিতৰচ’ৰাত পূজাৰীৰ মন্ত্ৰ উচ্চাৰনে গমগমীয়া পৰিবেশ এটাৰ সৃষ্টি কৰিছে ।

হাতত পূজাৰ থালীখন লৈ এখুজি দুখুজিকৈ নম্ৰতা বিগ্ৰহজনাৰ সন্মুখত উপস্থিত হ’ল । ধূপ ধুনাৰ সুগন্ধিৰে পবিত্ৰ হৈ উঠা ঈশ্বৰৰ গৃহতো শান্ত হৈ উঠা নাই দেখোন তাইৰ মনটো ! বাৰে বাৰে কাণতে বাজি উঠিছে ..
” মিছেচ লাহন পাপ কৰিছে আপুনি , আপোনাৰ বাবেই আপোনাৰ স্বামীৰ আজি এই অৱস্থা । ”

মন্দিৰৰ ঘণ্টাৰ ধ্বনিতে হওঁক অথবা বতাহৰ ছোঁ-ছোঁৱনিতে হওঁক , মাথোঁ সেই আপ্তবাক্যশাৰীয়েই কৰ্ণকুহৰত ঠেকা খাই অস্থিৰ কৰি তুলিছে তাইক ।

বহু সময়ৰ মৌন প্ৰাৰ্থনাৰ অন্তত মন্দিৰৰ সন্মুখতে পদুম ফুলেৰে জাতিষ্কাৰ হৈ পৰা বৰপুখুৰীটোত সাঁতুৰিব নাজানে যদিও মনটোক দৃঢ় কৰি জপিয়াই পৰিল নম্ৰতা। অভ্ৰদ্বীপ চৰকাৰে বাৰে বাৰে সোঁৱৰাই দিছিল , নিজ হাতেৰে , কষ্টেৰে গোটোৱা এবিধ দ্ৰৱ্য মহাদেৱক অৰ্পণ কৰিবলৈ । পদুম এপাহ যেনেতেনে হ’লেও চিঙি শিৱৰ চৰণত অৰ্পণ কৰিবই লাগিব । পলাশক সুস্থ কৰি তুলিবলৈ হাজাৰ বিপদকো প্ৰত্যাহ্বান জনাবলৈ সাজু তাই । এবুকু পানীত খেপিয়াই খেপিয়াই এপাহ প্ৰস্ফুটিত পদুম চিঙি আনিলে নম্রতাই আৰু কেইবাবাৰো পুখুৰীৰ পানীখিনিত ডুব মাৰি নিজৰ শৰীৰটোৰ শুদ্ধিকৰণৰ প্ৰয়াস কৰিলে । আত্মগ্লানিত যেন ছাই হৈ পৰিছে মানুহজনীৰ অন্তৰাত্মা ।

” ওম গঙ্গে চ যমুনেশ্চৈব গোদাবৰী সৰস্বতী..
নর্ম্মদে সিন্দু কাবেৰি জলহস্মিন সন্নিধিং কুৰু ।”

: মানুহজনক সুস্থ কৰি তোলা প্ৰভু। সেওঁতাত সেন্দুৰখিনি বোলোৱাৰ অধিকাৰ কাঢ়ি নিনিবা ।

বিগ্ৰহজনাৰ ভৰিতে পদুমপাহ থৈ হুকহুকাই কান্দি উঠিল তাই । বলিয়াৰ দৰে এইবাৰ তাই ঢপলিয়াই আহিল মন্দিৰৰ প্ৰৱেশ দ্বাৰত ৰখীয়া হৈ থকা নন্দীৰ কাষলৈ আৰু নন্দীৰ কাণতে মুখখন লগাই মনৰ শান্তিৰ বাবে কৈ পেলালে সেই কালিকা লগা সন্ধ্যাটোৰ কথা। কলিজা ভেদি বাগৰি অহা চকুপানীৰ ঢ’লটোৱে অস্পষ্ট কৰি তুলিলে সন্মুখৰ দৃশ্যপ’ট। পলাশৰ মুখখনে বাৰে বাৰে আমনি কৰিলে তাইক।

হ’ব জানো এইদৰে পাপমোচন !

কিয় মনৰ ভিতৰৰ অশান্ত ধুমুহজাক এতিয়াও শান্ত হোৱা নাই ! ভুল আচলতে কোনখিনিত হ’ল , মৃণালৰ ওচৰত নিজকে সঁপি দি নে , অভ্ৰদ্বীপ চৰকাৰৰ ওচৰলৈ ভৱিষ্যতৰ শান্তিৰ বাবে বিধান বিচাৰি গৈ ! কেনেকৈ সহে এতিয়া নিজ স্বামীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অপবাদ !

কথাবোৰ পুনৰবাৰ যুকিয়াই হঠাতে এটা সিদ্ধান্ত লৈ পেলালে নম্ৰতাই আৰু পলাশৰ ওচৰলৈ উৰ্দ্ধশ্বাসে দৌৰিবলৈ ধৰিলে ।

পলাশ তেতিয়া বাহিৰৰ চোতালতে ৰ’দৰ আমেজ লৈ বহি আছিল। পিছফালৰ পৰা পলাশক গাৰ সমস্ত শক্তিৰে সাৱটি ধৰি মৃণালৰ লগত কটোৱা সেই অন্তৰংগ সন্ধ্যাটোৰ সকলোবোৰ কথা আৰু অভ্ৰদ্বীপ চৰকাৰে দিয়া বিধানবোৰৰ বিষয়ে কৈ পেলালে নম্রতাই । পলাশে মাথোঁ নীৰৱে শুনি ৰ’ল পত্নীৰ দ্বাৰা ব্যক্ত সেই হৃদয়বিদাৰক গাঁথা । কি কৰা উচিত এতিয়া সি , নিজৰ অক্ষমতাৰ বাবে অনুতপ্ত হৈ নিজকে তিল তিল কৈ শেষ কৰি দিব নে , তিৰষ্কাৰ কৰিব তাৰ মৰমী পত্নীক। নম্রতাক জৱাবদিহি কৰাৰ অধিকাৰ আছে জানো তাৰ ?

মৌনতাত ডুবি ৰ’ল কেইবাটাও দীঘলীয়া মুহূৰ্ত।

: আচলতে দোষী মইহে নম্ৰতা । তোমাক ইমান বছৰে মই মাথোঁ মানসিক যাতনা কিছুমানহে উপহাৰ দি আহিছোঁ । তুমি পাহৰি নগ’লা কিয় সেই অভিশপ্ত সন্ধ্যাটোৰ কথা । জ্যোতিষে ভৱিষ্যতৰ কথা কৈ চমৎকাৰী বিধান দিব পাৰে বুলি কেনেকৈ ভাবি ল’লা ? আচলতে তোমাৰ দুৰ্বল মানসিক অৱস্থাৰ সুযোগ ল’লে অভ্ৰদ্বীপ চৰকাৰে ।

নিজকে তুমি পাপী বুলি নভাবিবা নম্ৰতা । ভোকত আমি যি পাওঁ, তাকে গো-গ্রাসে গিলি নথও জানো! তুমিও তাকেই কৰিলা । পৰৱৰ্তী দিনবোৰত তুমিতো তাৰ সুযোগ উঠোৱা নাই । এটা গধূলিৰ গোপন সত্যবোৰে তোমাক দেখোন আজিও অস্থিৰ কৰি তুলিছে । এয়া পাপ হ’ব নোৱাৰে নম্ৰতা ।

: বিশ্বাসে য’ত খুন্দা খাই নাইবা য’ত বিশ্বাসৰ অন্ত পৰে তাতেই অন্ধবিশ্বাসৰ উৎপত্তি হয় ৷ ময়ো ইমানবোৰ চিকিৎসাৰ পিছতো তুমি সুস্থ হৈ নপৰাত মনৰ বিশ্বাস হেৰুৱাই পেলাইছিলোঁ পলাশ আৰু অভ্ৰদ্বীপ চৰকাৰক লগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ । তেওঁ মোৰ মুখলৈ চায়েই কথাবোৰ কৈ গৈছিল। মোক অপৰাধবোধে দগ্ধ কৰি পেলাইছিল সেই সময়ত ।

মোৰ ভুল হৈছিল । ধৈয্য আৰু সংযম বোলে নাৰীৰ প্ৰধান অলংকাৰ । মই সেইদিনা মৃণালৰ ওচৰত নিজৰ সংযম হেৰুৱাইছিলোঁ ।

~ চিঞৰি চিঞৰি কান্দিবলৈ বৰকৈ মন গৈছিল পলাশৰ । কিন্তু তাৰ জানো চকুলো বোৱোৱাৰ অধিকাৰ আছে ! নিজ পত্নী পৰপুৰুষৰ শয্যাসংগী হোৱা বুলি জানিও সি আজি নাকান্দে। সি নিজৰ অক্ষমতাৰ বাবেও কান্দিব নোৱাৰে আজি। সি যে পুৰুষ ! পুৰুষৰ চকুত চকুপানীয়ে শোভা নাপায় । মৃণাল আৰু নম্ৰতাৰ অন্তৰংগ মুহূৰ্তবোৰ কল্পনা কৰি কাতৰ হৈ পৰিল পলাশ ।

: আস..! বুকুখন বৰকৈ বিষাইছে অ’ ।

প্ৰচণ্ড বিষ এটা ডিঙিলৈকে উজাই উঠাত বুকুখনতে হেঁচা মাৰি ধৰি চোতালতে লুটি খাই পৰিল সি । উশাহটো টানি টানি চাটিফুটি কৰি থকা পলাশৰ যন্ত্ৰণাখিনি অনুভৱ কৰি চকুৰে ধোঁৱাকোৱা দেখিলে নম্রতাই । পলাশক সুস্থ কৰি তুলিবলৈ কি কৰা যায় এতিয়া !

লৰালৰিকৈ ম’বাইলটো উলিয়াই ল’লে তাই ।
এইবাৰ দুটা কনটেক্ট নম্বৰৰ মাজত অস্থিৰতাৰে ওল’মি ৰ’ল তাইৰ সমগ্ৰ চিন্তাশক্তি ।
এটা ডাক্তৰ মলয় দুৱৰাৰ ফোন নম্বৰ আৰু আনটো…
এষ্ট্ৰল’জাৰ অভ্ৰদ্বীপ চৰকাৰৰ ।

Tags: শাৰদ বিশেষ
Previous Post

সোৱাদ

Next Post

এটা অভিযানৰ অন্তত

Related Posts

ৰুবুৰ মাক
চুটিগল্প

ৰুবুৰ মাক

October 19, 2021
এটি কলি দুটি পাত
চুটিগল্প

এটি কলি দুটি পাত

October 19, 2021
বুমেৰাং
চুটিগল্প

বুমেৰাং

October 19, 2021
এটা অভিযানৰ অন্তত
চুটিগল্প

এটা অভিযানৰ অন্তত

October 19, 2021
সোৱাদ
চুটিগল্প

সোৱাদ

October 19, 2021
কোমল ৰ’দ
চুটিগল্প

কোমল ৰ’দ

October 19, 2021
Next Post
এটা অভিযানৰ অন্তত

এটা অভিযানৰ অন্তত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7