ভানুৰ মনটো আজিহে পাতল লাগিছে৷ ঘৰখনো আজি মুকলি মুকলি৷ আলুগুটিৰ বাকলি গুচাই থাকোঁতে, ভাজিখন লৰাই থাকোঁতে পুৰণা অসমীয়া বিহুসুৰীয়া গানৰ কলি এটাও তাই নিজৰ অজানিতে গুণগুণাই আছে৷ লাগিবইতো স্ফূৰ্তি! অত’দিনে কমখন অশান্তিত আছিলনে! আপদ এটা সন্মুখত লৈ কোনে স্ফূৰ্তিৰে থাকিব পাৰে?
ভানুৰ মানুহটো, তপন, হাইস্কুলৰ শিক্ষক৷ খেতি কৰা মাটি বাৰীও ঢেৰ৷ ঘৰ দুৱাৰো পকীয়েই৷ সি মানুহটো বৰ মৰমিয়ালো৷ সেইফালৰ পৰা ভানুৰ দুখ নাছিল৷ সৰুতেই দেউতাক মাকক অগাপিছাকৈ হেৰুওৱা তপনক দদায়েক-খুৰীয়েকে মাক-দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ ডাঙৰ কৰা৷ গতিকে তপনে বিয়া পতাৰ পাছতো একেটা ঘৰতে যৌথভাৱেই থাকি গ’ল৷ দদায়েক,খুৰীয়েক আৰু তেওঁলোকৰ একমাত্ৰ ল’ৰা জীৱন৷ বি এ পাছ কৰি চাকৰি বিচাৰি ফুৰিছিল সি৷
কিবা এটাত মূৰ গুজিব পাৰিলেই তাৰ বিয়াখন পাতি দি আজৰি হোৱাৰ কথা৷ অৱশ্যে ভানুয়ে তেনেকৈ থাকি বেয়া পোৱা নাছিল৷ ৰন্ধা-বঢ়াৰ পৰা ঘৰুৱা কামবোৰৰ বেছিভাগ খুৰীয়েকেই কৰে৷ তাইৰ বিশেষ কাম নাথাকে৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল৷ পিছে মাজতে দুৰ্ঘটনা এটাইহে সকলো খেলিমেলি লগাই দিলে৷ জীৱনৰ সৈতে স্কুটাৰত মাকৰ ঘৰলৈ বুলি ওলোৱা খুৰীয়েক আৰু ঘৰলৈ ঘূৰি নাহিল৷ বাটতে ট্ৰাক এখনৰ খুন্দাত তেওঁৰ ঠাইতে মৃত্যু হ’ল৷ জীৱনক কোনোবাই নি হস্পিতাল পোৱালেগৈ৷ সি ঘূৰি আহিল যদিও আগৰ জীৱনটো হৈ নাহিল৷ মানুহজনী নাইকিয়া হোৱাৰ পাছত মনৰ সন্তুলন হেৰুৱাই পেলোৱা পুতেকক দেখি দদায়েকটো জলকা লাগিল৷ তেৱোঁ আৰু বহুতদিন নাথাকিল৷ মানুহজনীৰ বছেৰেকীয়া সকাম পতা এমাহমানৰ পাছতে তেৱোঁ গলগৈ৷
এতিয়া বাকী থাকিল জীৱন৷ কেতিয়াবা সি দিনৰ দিনটো শুৱে৷ কেতিয়াবা কাৰোবাক চিঞৰি চিঞৰি গালিও পাৰে৷ নিজৰ মতেই তাৰ একাষৰীয়া কোঠাটোত সোমাই থাকে৷ মাজতে দুবাৰমান মানসিক চিকিৎসালয়তো থৈছিলগৈ৷ তাৰপৰা ভাল হৈ ওলায়ো আহিছিল৷ তাৰপাছত আকৌ লাহে লাহে আগৰদৰে হৈ পৰিবলৈ ধৰিছিল জীৱন৷ মাক দেউতাক নাইকিয়া হোৱাৰ পাছত জীৱন এতিয়া তপনৰ দায়িত্বত৷ ভানুয়ে অইন নহলেও চাহ ভাতৰ যোগাৰটো দিবলগীয়া হয়৷ সেইটোয়েই তাইৰ খং৷ কিমানদিন তপনৰ সৈতে কাজিয়া কৰিছে তাক বেলেগ কৰি দিবলৈ! যি খায় খাব, যেনেকৈ মৰে মৰিব৷ তাই নোৱাৰে সদায় সদায় তাৰ আলপৈচান ধৰি থাকিব৷ কিন্তু নাই, তপনে তাইৰ কথা শুনিলেহে!
গু-মূত ধোৱাই ডাঙৰ কৰা খুৰীয়েকজনী, দেউতাকৰ দৰেই মৰমেৰে আৱৰি ৰখা দদায়েকটোৰ দোহাই দি থাকিলেই হয়নে! তাক ডাঙৰ দীঘল কৰিলে বুলিয়েই তাই কি যুক্তিত গোটেই জীৱনটো তাৰ বোজা বৱ? নাই, কিবা এটা নকৰিলে নহ’ব! তপনে একো নকৰে৷ তাই জানে৷ তায়েই যি কৰে কৰিব লাগিব৷ নহলে সদায় সদায় এনেদৰে চলিব নোৱাৰি৷
উপায় ওলাল৷ নীলিমায়ে শিকালে বুদ্ধিটো৷ বান্ধৱীৰ বুদ্ধিমতে অস্ত্ৰ প্ৰয়োগ কৰি তাই আজি সফলো হ’ল৷ তাইৰ অস্ত্ৰই লক্ষ্যভেদ কৰিলে৷ আনন্দ লগাৰ কথাই! ‘সি দেখোন আনক একো আমনি নকৰে৷ নিজৰ ভাগেই থাকিবলৈ দিয়াচোন তাক’ বুলি কোৱা তপনে আজি ৰাতিপুৱা নিজেই মানসিক চিকিৎসালয়ত খবৰ দি, এম্বুলেন্স মতাই জীৱনক পঠিয়াই দিছে৷ ক্ৰমাত উগ্ৰ হৈ উঠা জীৱনক লৈ কেতিয়াবা সমস্যা হ’ব পাৰে বুলি সি ভয় খাইছে৷ তাক আঁতৰ কৰি চকুলো টোকা তপনক ভানুয়ে সান্ত্বনাও দিছে৷ ‘যি হৈছে তাৰ ভালৰ বাবেই৷ দুখ কৰি নাথাকিব’ বুলি কোৱা ভানুৰ মুখাৰ আঁৰৰ মুখখন তপনে চিনি নাপাওঁক বুলিয়েই তাইৰ আপ্ৰাণ চেষ্টা৷ তপন ঘৰত থকাৰ সময়ত সাদৰী হৈ পৰা ভানুয়ে যে সি স্কুললৈ যোৱাৰ পাছত জীৱনক অভব্য ভাষাৰে আক্ৰমণ কৰি তাৰ মানসিক অৱস্থা বেয়ালৈ লৈ গ’ল সেই কথানো তপনে কেনেকৈ গম পাব? জীৱন নামৰ আহুকালটোৰ পৰা তাইৰ মুক্তি পোৱাৰ অন্য উপায়োযে নাছিল!
গুণগুণাই গুণগুণাই ভানুয়ে ৰন্ধা বঢ়াৰ কামবোৰ শেষ কৰিলে৷ তাই তপন আহিলে একেলগে ভাত খাব৷ সৰুটো ল’ৰাকে খায় যদি ভাতকেইটা দি দিব৷ দশম শ্ৰেণীত পঢ়া ডাঙৰটো ল’ৰা বৰ্তমান মোমায়েকৰ ঘৰত৷ সৰুটো অষ্টম শ্ৰেণীত৷ সি অলপ অঘাইটং৷ কিছুদিনৰ আগতে কঁঠালগছ বগাবলৈ গৈ তাৰপৰা পৰি মূৰত দুখ পাই এমাহমান হস্পিতালতো থাকি আহিছেগৈ৷ ‘সোন, ভাত দিওঁনে?’ বুলি সুধিবলৈ গৈহে ভানুৰ মুখৰ মাত হেৰাল৷ তাইৰ অস্তিত্বক আওকাণ কৰি আপোনমনে হাঁহি হাঁহি আলিবাটলৈ বুলি ওলাই যোৱা ভানুৰ সৰুটো ল’ৰাৰ গাত এপদো কাপোৰ নাছিল৷
– স্বপ্না দত্ত ভৰালী