~ ভাদ ৰে কৰমা সালে ….
হ’ ভাদ ৰে কৰমা সালে
এক ছ’ড়ী হাই ৰে এক ছ’ড়ী
মোকে দেখ ঘূৰি ঘূৰি
গ’ …. এক ছ’ড়ী ……
ঝাগিঝা গিজাও …..
ম’হবন্ধা চাহ বাগিছাৰ খেলপথাৰ ঢোল , তাল আৰু মাদলৰ ছন্দোময় শব্দত মুখৰিত হৈ পৰিছে । ঝুমুৰগীতৰ ছেৱে ছেৱে ডেকা গাভৰুৰ লয়লাস নৃত্যই সকলোকে আনন্দ দিছে । চাৰিওফালে কেৱল ৰং ৰহইচ । নাচত ভাগ নোলোৱা ডেকাচামে সুহুৰিৰেই সংগত কৰিছে । বুধুৱা মনোহৰহঁতে হাৰিয়া খাই ইটোৱে সিটোৰ ককালত ধৰি এনেই দুপাক নাচিচে । নিচাৰ কোবত সিহঁতৰ দুভৰি থৰক বৰক । তথাপি সিঁহতে ঝুমুৰ নাচিবই !
যোৱা পাঁচটা দিনে বাগিছাৰ সকলো কৰম পূজাৰ ঝাৱা ধৰা নিয়মত ব্যস্ত আছিল । আজি দিনৰ ভাগত পূজাৰ সকলো বিধি কৰি এতিয়া সিঁহতৰ স্ফূৰ্তিৰ সময় । লচমী , জানকী , মিনি আৰু সুনীতাহঁত কৰমতী হৈছিল । সিহঁতে পূজাৰ সকলো নিয়ম পালন কৰিছে দিনটো উপবাসে থাকি । এয়া যে সিঁহতৰ বহু আদৰৰ কৰম পূজা । ভাদ মাহটোৰ এই বিশেষ শুক্লা একাদশীৰ তিথিটোলৈ সিঁহতে গোটেই বছৰটোৱেই আগ্ৰহেৰে ৰৈ থাকে । ছোৱালী বোৱাৰীহঁতে ঘৰৰ চোতাল, পিৰালি গোবৰ মাটিৰে লেপি চকচকীয়া কৰিছে । পূজাৰ বাবে লচমী মিনি জানকীহঁতে কৰম ডাল কাটি আনি নিজ নিজ ঘৰৰ থাপনাত পূতি পূৰ্বপুৰুষক সুঁৱৰি পূজাৰ আয়োজন কৰিছে । লাইনৰ বয়সস্থ মাইকী মানুহখিনিৰ লগতে জানকীহঁতো কৰমতী হৈছে । সিহঁতে আগে পিছে এনেদৰে উপবাসে থকাৰ অভ্যাস নাই যদিও এইবাৰ সিঁহতকেইজনীয়ে পূজাৰ সকলো কামতে আগভাগ লৈছে । তিনিদিন হ’ল আটাইয়ে মিলি ধনশিৰি নৈৰ পাৰলৈ গৈ গা পা ধুই ঢোল মৃদংগ , বাঁহীৰ সুৰত ধূপ ধূনাৰে আৰতি কৰি সিঁহতে পূজাৰ আগতীয়া নিয়ম অনুসাৰে নিজ নিজ পাচিত বালি ভৰাই লগত লৈ যোৱা বুটমাহ আৰু মগুমাহ বালিত সিচি নিজৰ ঘৰলৈ লৈ আনে । পূজাৰ দিনলৈ এই মাহবোৰৰ গজালি ওলাব আৰু সিঁহতে গান নাচেৰে সেই দিনটোলৈ ৰং তামাচাৰে অপেক্ষা কৰে ।
জানকী মিনিহঁতে চোতালত কৰম বেদী স্থাপন কৰি ফুলেৰে সজাই তুলিছে । ধূপ ধূণা জ্বলাই আৰতি কৰি সিঁহতে পূজাত প্ৰসাদৰ সৈতে গজালি ওলোৱা শস্যকেইটা আগবঢ়াই ঝাৱা ধৰা নিয়ম সম্পূৰ্ণ কৰিছে । লোকাচাৰ মতে কহনী বুঢ়াই কোৱা কৰম পূজাৰ প্ৰৱৰ্তক কৰ্মা আৰু ধৰ্মাৰ কাহিনী শুনি কৰমতী হোৱা জানকী মিনিহঁতে পূজা সমাপন কৰে । সকলো সুন্দৰকৈ হৈ উঠাৰ পাছত এতিয়া সিহঁতে এয়া ঝুমুৰৰ তালে তালে নাচি আপোন পাহৰা হৈছে ।
মাঘুৱে নাচি থকাৰ মাজতে আঁৰ চকুৰে জানকীক চকু টিপিয়াই জোকাই আছে । তাইয়ো লাজ লাজ হাঁহি এটা মাৰি মাঘুক চকুৰেই প্ৰত্ত্যুতৰ দিছে ,
‘ তুই ইমান বদমাচ কেই ৰে’ মাঘু ! ‘
এই আঁৰ চকুৰে চোৱা-চোৱি কাৰবাৰতো মাঘু আৰু জানকীৰ বাবে বৰ পুৰণা নহয় । সিঁহত দুইটা কান্ধ সমণীয়া । একেলগে খেলি ধূলি ডাঙৰ হৈছে যদিও জানকীক দেখিলে মাঘুৰ বুকুৰ ভিতৰত মিঠা বিষ এটা আৰম্ভ হোৱা বৰ বেছি দিন হোৱা নাই । সৰুতে কত ফাগুৱা উৎসৱ একেলগে পাৰ কৰিছে সিঁহতে ! কত বাৰ ফাকুগুৰিৰে ইটোৱে সিটোক বন্দৰিয়া সদৃশ কৰি তুলিছে ! দল বান্ধি ঠেলা গাড়ীত মাইক বজাই লোকৰ ঘৰে ঘৰে ঘূৰি কতবাৰ সিঁহত দুটাইও ফাগুৱাৰ গীত জুৰি নাচি আহিছে ! ক’তা ; তেতিয়াতো মাঘুৰ বুকুত তেনেকুৱা একো অনুভব হোৱা নাছিল !
সেইদিনাহে জানকীজনীৰ প্ৰতি হঠাতে তাৰ কি হ’ল জানো ! প্ৰতিবছৰে দূৰ্গাপূজাত বাগানলৈ চিনেমা আনে। সেইবাৰ ৰাজা হিন্দুস্তানীখন আনিছিল । জানকী তাইৰ লগৰীয়া মিনি আৰু লচমীৰ লগত একেলগে চিনেমা চাইছিল । মাঘুও তাৰ কেইটামান সমণীয়াৰ সৈতে শিখৰ চোবাই চোবাই জানকীহঁতৰ ওচৰতে আহি বহিছিল । চেগ বুজি সি জানকীৰ কাষ চাপি গৈছিল । কিয় জানো , তাৰ কিবা এটা ভাল লাগি গৈছিল সময়খিনি !
‘ এই মাঘু যা না ; আমাৰ লাগে তুই চানা ভাজা আনবি’ । ‘
চিনেমাৰ ডাঙৰ পৰ্দাখনত চকু ৰাখিয়েই জানকীয়ে মাঘুৰ হাতত ধৰি কোৱা কথাকেইটাই কিবা এটা যাদু কৰিছিল তাক । এতিয়া সি তেনেকেই ভাবে কথাবোৰ । সি তাইৰ হাতখনতে খামোচ এটা মাৰি তাইক ভজা বুট আৰু প’কৰি আনি খুৱাইছিল । সেই দিনাৰ পৰাই মাঘুৱে তাইক লৈ কিছুমান সপোন দেখিবলৈ আৰম্ভ কৰিছিল । জানকীকো সলাজ অনুভব এটাই জোকাই যায় মাজে মাজে মাঘু কাষত থাকিলে ।
পাত তুলিবলৈ গলেও দুইটা একেলগেই ওলাই যায় । সিঁহতৰ পিছে মাইকী চালান আৰু মতা চালান দূৰে দূৰে আছে ; তথাপি যিমান দূৰলৈকে পাৰে সিহঁতে মনৰ কথা পাতি পাতি একেলগেই যায় । লচমী মিনিহঁতে চাহগছৰ জোপোহাৰ মাজত লুকাই থাকি সিঁহতক জোকাই ,
‘ কি ৰে’ , ফ’জিৰে ফ’জিৰে প্যাৰ চুৰু না ! ‘
মাঘু জানকীৰ ভালপোৱাৰ কথা বাগিছাৰ বনুৱাসকলৰ ঘৰে ঘৰে বিয়পি পৰিছে ইতিমধ্যে । তাতে তাইক কৰম পূজাত পিন্ধিবলৈ মাঘুৱে এখন লাল পাড়ীৰ বগা শাড়ীও কিনি দিছিল । তাই সেই শাড়ীখন পিন্ধিয়েই কৰম পূজাত কৰমতী হৈছে । কিমান যে ভাল লাগিছে তাইৰ ! মনটো একদম চঞ্চল হৈ আছে । ঝুমুৰৰ সময়ত সিহঁতে চকুৰে কথা পতাও বহুতে দেখিছে ।
পুৱতি নিশা ঝুমুৰ শেষ কৰি সিঁহত ঘৰাঘৰি গৈছে । পোহৰ হ’লে সিঁহতে একেলগে কৰমডাল ধনশিৰিত উটাবলৈ যাব লাগিব ।
মাঘুৰ লাইন আৰু জানকীহঁতৰ লাইন দুটা বেলেগ বেলেগ । জানকীৰ ঘৰ পাবলৈ তেতিয়াও অলপ সময় বাকী আছে । ঘৰ মানেনো কি ! ককাল ভাঙি এবছৰে বিছনাত পৰি থকা মাকৰ সৈতে একুঠলীয়া ঘৰটো । বাপেকে এবাৰ হাড়িয়া খাই আহি মাকক পাছফালৰ পৰাই , ভাত খাঁওতে পাৰি লোৱা কাঠচটাৰে ককালত দোকোব দিছিল । তেতিয়াৰপৰাই ককাল ভাঙি মাক বিছনাত । ছমাহ আগতে বাপেকটোও মৰিল ।
হঠাতে ওচৰতে থকা কুঁৱাটোৰ আঁৰৰপৰা কোনোবা এটা ওলাই আহি তাইৰ হাততে থাপ মাৰি ধৰিলেহি । তাই উচাপ খাই চিঞৰিবলৈ ধৰোতে মুখত সোপা দি একেবাৰে তাইৰ ওচৰলৈ মুখখন আনি ফুচফুচাই ক’লে ,
‘ মোৰ ত’কে মৰম লাগে জানকী ; মাঘুৰ সঙ্গে ত’ৰ এইৰকম চুকাচুকি আৰ দেখলে কিন্তু ভাল নাই হবেক কথাটা । মনে ৰাখবি । ‘
কথাখিনি কৈয়ে দৌৰি আঁতৰি যায় ছাঁয়ামূৰ্ত্তিটো । পুৱতি নিশাৰ ছাঁ-পোহৰত তাই তাক ঠিকেই চিনি পালে তাক । দিনটো মাঘুৰ লগত ছাঁটোৰ দৰে ঘূৰি ফুৰা লক্ষ্মণ সেইটো ।
‘ লাজ নাইখে’ ত’ৰ ! এইৰকম যে মোকে দম দিছ , মাঘুকে ব’লবি যা তুই । ‘
চিঞৰি কথাখিনি কৈ তাই কোনোমতে ফোপাই জোপাই আহি ঘৰ সোমাইছিলহি । পাছত মাঘুক ক’ম বুলিও কবলৈ ভয় লাগিল তাইৰ । কেনেবাকৈ তাইৰ কাৰণে যদি সিহঁত দুটাই কাজিয়া কৰি মৰামৰি কটাকটিখন কৰে লাইনৰ মানুহে তাইকে বদনাম কৰিব । তাতকৈ তাই নিজেই সাৱধান হোৱাই ভাল ।
দিনৰ পোহৰত মাঘুৰ লগত লক্ষ্মণক একেলগে দেখি টিঙিচকৈ খংটো উঠি আহিল তাইৰ । কিন্তু বদনামৰ ভয়ত একোৱেই কব নোৱাৰিলে । মানুহে যেন সিঁহতক লৈ এটা ভুল ধাৰণাহে লৈছিল , তেনে এটা স্পষ্ট ধাৰণা দিবলৈকে তাই দেখুৱাই মাঘুৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিলে । পাত তুলিবলৈও আজিকালি যিমান পাৰে সোনকালে ওলাই ঘৰৰপৰা আৰু সাউৎকৈ মিনিৰ ঘৰ পায়গৈ ।
‘ কি ৰে’ ; মাঘুৰ ছাতে ঝগড়া কৰছি তুই ? ‘
মিনিয়ে চেলাউৰিযোৰ উঠাই তাইক সোধে । তাই তলমূৰ হৈ ৰয় ;কবলৈ ভয় লাগে তাইৰ আচল কথাটো । তাই এটাই মনে মনে ভাবি থৈছে ; এইবাৰ টুচু পৰবত তাই টুচু দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰি মাঘুক নিজৰ কৰি বিচাৰিব । তাইৰ বিশ্বাস আছে টুচুদেৱীৰ ওপৰত । টুচু দেৱীয়ে সকলোৰে মনৰ কামনা পূৰ্ণ কৰে । যোৱা বছৰ এই টুচু পূজাতে নিজৰ মনৰ কথা কৈ মিনিৰ বৌৱেকে এটা চ্ছানাৰ মাক হৈছে । তাইৰ মনৰ কথাও টুচুদেৱীয়ে শুনিব। কোনো লক্ষ্মণ সিহঁতৰ মাজলৈ আহিব নোৱাৰিব তাৰপাছত । তাই বৰ আগ্ৰহেৰে পুহ মাহটোলৈ ৰৈ থাকিল। এমাহজোৰা ব্ৰত কৰি তাই মাঘুক বিচাৰিব তাইৰ জীৱনৰ বাবে ।
জানকীয়ে আগ্ৰহেৰে ৰৈ থকা পুহ মাহটো আহিবৰ সময়তে তাইৰ মাকজনী নোহোৱা হ’ল । বিচনাখনত এবছৰে পৰি থকা জানকীৰ মাক ৰাতি শোঁওতে তাই ভবাই নাছিল ৰাতিপুৱালৈ যে মাকে আৰু সাৰ নাপাব !একুঠলীয়া ঘৰখনত কান্দি কান্দি বাউলি হ’ল তাই । বুকুখন এক অজান আশংকাত কঁপিও উঠিল তাইৰ । টুচুপূজাত তাইৰ মনৰ কথা কবলৈ তাই যে পূজাত ভাগ লব নোৱাৰিলে । টুচুদেৱী অসন্তুষ্ট নেকি তাইৰ আৰু মাঘুৰ ভালপোৱাত !
জীৱনৰ কঠিন সময়বোৰে জানকীক আগৰ দৰে মন খুলি হাঁহিবলৈ নিদিয়া হ’ল । মাঘুৰ লগত দুটা মনৰ কথা পাতিবলৈও তাই সময় সুবিধা উলিয়াব লগা হ’ল লক্ষ্মণৰ ভয়ত । কি জীৱন তাইৰ কি হৈ গৈছে দিনে দিনে ! বিচনাতে পৰি থকা হলেও মাকজনী থাকোতে নিমখ তেল জলকীয়াৰে খোৱা ভাতকেইটাও ভাল লাগিছিল তাইৰ । এতিয়া যে অকলে অকলে না কিবা ৰান্ধিব মন যায় তাইৰ না কিবা খাবলৈ ! পাত তোলাৰ মাজতে সুবিধা বুজি মাঘুৱে তাইক লগ ধৰিবলৈ আহোতে তাইৰ মনৰ কথাবোৰ কৈ কৈ চকুপানী টুকিছিল সিদিনা । মাঘুয়েও তাই অকলে ঘৰখনত থকাটো পচণ্ড কৰা নাই । সি নিয়ম কৰি অতি সোনকালে তাইক বিয়া পতাৰ কথা ঘৰত উলিয়াব বুলি তাইক কথা দিলে । মাঘুক সেইবাবেই তাই খুব ভাল পায় ; তাইক যে ইমান বুজে সি !
অৱশেষত সেই দিনটো আহিল । মাঘুৰ ঘৰৰ মানুহে জানকীক বোৱাৰী কৰি আনিবলৈ মান্তি হ’ল । জানকীৰ অকলশৰীয়া দিনবোৰ শেষ হবলৈ আৰু বেছিদিন নাই ; তাইৰ আনন্দতে চকুপানী ওলাই আহিল । মিনিৰ মাক আৰু ককায়েকে জানকীৰ বিয়াৰ কথা বতৰাত আগভাগ লৈছে । তাইৰ কোনো আপোন মানুহ নথকাৰ বাবে নিয়মবোৰো বৰ বেছিকৈ নামানে সিঁহতে । সেই হিচাপে প্ৰথমেই দৰাঘৰীয়া আহি তাইক এসাজ নতুন কাপোৰ আৰু হালধি দি বিয়াৰ আনুষ্ঠানিকভাবে প্ৰস্তাৱ দিয়ে । মিনি লচমীহঁতে তাইক কাপোৰযোৰ পিন্ধাই দিয়ে আৰু এঘটি পানীৰে তাই সকলোকে আদৰ সাদৰ কৰি মাঘুৰ মাক , ককায়েক আৰু দৰাঘৰীয়া আগুৱাদাৰক ভৰি চুই সেৱা কৰে । মাঘুৱে তাইৰ সোঁহাতৰ অনামিকা আঙুলিত এটা ধুনীয়া আঙুঠি পিন্ধাই দিয়ে । তাইৰ বুকুখন লাজতে কঁপি উঠে । মাঘুৰ দুচকুলৈ চাওঁ বুলিও তাই মূৰ তুলি চাব নোৱাৰিলে । আজিৰপৰা সমাজৰ আগত তাইক মাঘুৱে নিজৰ কৰি লোৱাৰ কচম খাইছে । এতিয়া আৰু চিন্তা নাই লক্ষ্মণৰপৰা । মুহূৰ্ততে জানকিৰ লক্ষ্মণলৈ ভয় নলগা হ’ল ।
মাঘু জানকীৰ বিয়াৰ স্ফূৰ্তিত মাইকত ডাঙৰ ডাঙৰকৈ গান বাজিছে । লাইনৰ বেছিভাগ মানুহৰে ঘৰবোৰ খালী হৈ পৰিছে । মাঘুৰ ঘৰৰ চোতালত সব গোট খাই নচাই নাচিচে , হাৰিয়া খোৱাই খাইছে । মুঠতে কাৰো মাত ক’তো নুশুনি । ম’হবন্ধা বাগিছাৰ বনুৱাসকল স্ফূৰ্তি তামাছাত মচগুল । জানকীৰ ঘৰৰ মানুহ বুলিবলৈ লাইনৰ দুই এঘৰ আহিছে যদিও দৰাঘৰত মাইকত বাজি থকা গানে সকলোকে সেইফালেহে বেছিকৈ টানিছে । মিনিহঁত তাইৰ লগত ছাঁটোৰ দৰেই লাগি আছে যদিও এপাকত দৰাঘৰীয়া আহিবৰ সময়ত ছোৱালীখিনি আকৌ এবাৰ সাজি কাচি সাজু হবলৈ ঘৰাঘৰি গৈছে । তায়ো এবাৰ নিজকে চাই ললে সৰু আৰ্চিখনত । মাঘুৰ মাকে দি যোৱা হালধিৰে গা-পা ধুৱাই সন্ধিয়াতে তাইক সজাই দিছে লচমী আৰু মিনিয়ে । ৰঙা শাড়ীখনৰে তাই নিজকে বৰ ধুনীয়া দেখিছে । বগা গোলাপফুলেৰে খোপাটো সজাইছে । ভৰিত আল্টা ; হাতত জেতুকা । তাইক দেখি মাঘুৰ চাগে বেছিকৈ মৰম লাগি যাব আজি ! জানকীৰ বুকুখন লাজতে দুৰু দুৰুকৈ কঁপি উঠে ! অলপ পাছতে তাইক নিবলৈ মাঘু আহিব ।
‘ মুই তকে বলেছিলি না ; মাঘুৰ সঙ্গে এইচব হলিগলি কৰলে কথাটা ভাল নাই হবেক । তুই মোৰ কথা নাই শুনলিক । এখন দেখ তবে মুই কি কৰব’ ‘
পাছফালৰ পৰা লক্ষ্মণ সোমাই আহিল জানকী অকলে থকাৰ সুযোগ লৈ । পাত তুলিবলৈ যাওঁতে লগত লৈ যোৱা দাখনেৰে সি তাইলৈ চোঁচা ললে । খঙ আৰু হাৰিয়াৰ নিচাত তাৰ দুচকু জুইৰ দৰে ৰঙা হৈ উঠিছে । একো কবলৈ বা ভাবিবলৈ সময় নাই জানকীৰ ওচৰত । দুৱাৰত ঢোকা দিবলৈ থোৱা লাঠি ডালেৰে তাই লক্ষ্মণক দুকোব শোধাই দিলে । কোব খোৱা সাপৰ দৰে লক্ষ্মণৰ মূৰত ভমককৈ যেন জুই একুৰাহে জ্বলি উঠিল । তাইক গবা মাৰি ধৰিবলৈ সি হাতখন মেলোতেই তাই “মা….ঘু…… ” বুলি আটাহ পাৰি চিঞৰি ঘৰৰপৰা ওলাই প্ৰাণটাকি দৌৰিছে ; পাছে পাছে খেদি আহিছে লক্ষ্মণে । মাইকত বাজি থকা হিন্দী গীত আৰু শ্বাহনাইৰ শব্দত কাৰো মাত কোনেও নুশুনা আন্ধাৰ লাইনৰ বাটেৰে তাই যেনি পাৰে দৌৰিছে ।
শশব্দে বাজি থকা মাইক বন্ধ হৈ পৰিল হঠাতে । চাৰিওফালে নিমাওমাও পৰিৱেশ এটাৰ সৃষ্টি হ’ল । মাঘুৰ ঘৰলৈ খবৰ আহিছে জানকী ঘৰত নাই । মিনিহঁতে তাইক বহুপৰ বিচাৰিলে , তাই ক’তো নাই । জানকীক বিচাৰি সৃষ্টি হোৱা হূলস্হূলীয়া পৰিৱেশ এটাৰ মাজতে পুৱতি নিশা কুঁৱাপাৰৰপৰা কোনোবাই বিকট চিঞৰ এটা মাৰিলে ….
‘ জানকী ইহাই আছে … ‘
কুঁৱাপাৰত গোট খোৱা মানুহৰ জুমটোৰ মাজত আশ্চৰ্য্যত বিভিন্ন কৰাৰ ভূনভূননি উঠিছে । মিনি লচমীহঁতে চিঞৰি চিঞৰি কান্দিছে । সকলোৰে এটাই প্ৰশ্ন —
‘ জানকী এইৰকম কে কৰলে ৰে ? উইকে কন যাদু কৰলে না কি ? ‘
গোলাপফুলেৰে মেৰিয়াই বন্ধা জানকীৰ খোপাতো তেতিয়ালৈ কুঁৱাটোৰ পানীখিনিত ওপঙি আছিল ।
– অংকিতা বৰুৱা