“এই মা-জনী যে আৰু !” ভন্টিয়ে ভোৰভোৰাই উঠে।
“সেই পুৰণা হৰলিক্সৰ বটল কেইটা লৈ যে কি অবচেশ্যন মই বুজি নেপাওঁ দেই ! এনেকৈ হ’লে কোনোবা দিনা মানুহৰ আগত লাজপাই মৰিম।” তাই কৈ যায়।
মই মুখ টিপি হাঁহো। অলপ আগতে বৰুৱানী বৰমাহঁতৰ ঘৰলৈ দুমাহ মান আগতেই আমাৰ ঘৰৰ পৰা সত্যনাৰায়ণ পূজাৰ ঘোলদি পঠিওৱা পুৰণি হৰলিক্সৰ বটল এটা তেওঁলোকৰ বনকৰা ল’ৰা চন্দ্ৰৰ হাতত ঘূৰাই পঠাবলৈ, মায়ে দঢ়াই দঢ়াই ফোনত কৈ থকাকথাটো মোৰো কাণত পৰিছিল।
কিন্তু এইবোৰ কথা মাক বুজাই সময় আৰু শক্তি ক্ষয় কৰি একো লাভ নাই বুলি মই দীর্ঘদিনীয়া অভিজ্ঞতাৰে বুজোঁ । কিবা এষাৰক’লেই, মায়ে “এই কাঁচৰ বটলবোৰত আচাৰ কৰিবলৈ কিমান ভাল তোমালোকে কি বুজিবা? আজিকালি চব প্লাষ্টিক হ’ল, সেইকেইটা বটল মই কিমানদিনৰ পৰা সাঁচি ৰাখিছোঁ বুলিহে !” জাতীয় যুক্তি এটা ডাঙি ধৰাটো নিশ্চিত ।
মাৰ এই দীৰ্ঘদিনীয়া বাচন প্ৰীতি আমাৰ জন্ম লগ্নৰে পৰা পৰিচিত । কাঁচৰ হওক বা প্লাষ্টিকৰ বটল, কফি কাপ, গিলাচ, চামুচ- কাটা চামুচ, টি-ছেট, ডিনাৰ-ছেট লৈকে মুঠতে বিৰাট দীঘল তালিকা এখন !
সেই তালিকাৰো আছে আকৌ শ্ৰেণী বিভাজন !
কাঁহৰ থাল, বাটি, বানবাটি ইত্যাদিবোৰ হৈছে জাতীয়তাবাদী শ্ৰেণীটোৰ অন্তৰ্গত । বিহুৱে, পূজায়ে তেখেতসকলৰ খুউব প্ৰচলনহয় আমাৰ ঘৰত । কাঁহৰ বাচনকেইটা মাৰ বাবে একপ্ৰকাৰ গৌৰৱৰ থল। ডাইনিং-টেবুল জুৰি যেতিয়া কাঁহৰ বাচন বোৰ সজাইথোৱা থাকে, তাৰ কাষেদি মায়ে ঠিক ৰাজকীয় গাম্ভীৰ্যৰে অহা যোৱা কৰে। ফিচিকি থকা টি-চাৰ্ট পিন্ধি দাদা সেইখন টেবুলৰওচৰলৈ আহিলে ভালকৈয়ে এজাউৰি গালি বৰ্ষণ লাভ কৰে।
কলিকতাৰ পৰা কিনা টেৰাক’টাৰ টি-ছেটটো আকৌ প্ৰদৰ্শিত হয় দেউতাৰ অফিচৰ আলহী বা মাৰ বান্ধৱী সকলৰ পৰিয়ালবৰ্গৰ আগত । সেই পোৰা-মাটিৰ শিল্পৰ মোল বুজি পোৱা মানুহবোৰৰ ওচৰতহে সেই আচবাব মুকলি হয়।
সেয়ে চুবুৰীয়া বৰুৱানী বৰমা, শইকীয়ানী খুৰীহঁতে দুৰ্গাষ্টৰৰ পৰা কিনি অনা নীলা ফুল ফুল অঁকা চীনামাটিৰ কাপ প্লেটতে চাহএকোকাপ পায় । নিজৰ অঘাইটং ল’ৰাটো লৈ আমাৰ ঘৰলৈ অহা মহন্তনী খুৰীয়ে পিছে “নেছকেফে” বুলি ৰঙাৰ ওপৰত বগাৰঙেৰে লিখা কাপ এটাহে পায়গৈ।
তেনেকুৱা কাপ বিলাকতে অৱশ্যে আমাৰ ঘৰৰ মানুহকেইটাই চাহ, কফি, গাখীৰ, হৰলিক্স ভাগে ভাগে খাবলৈ পাওঁ। দেউতাৰকফি প্ৰীতিৰ বাবে আমাৰ ঘৰলৈ তেনে কাপৰ সঘনাই আগমন ঘটে । তেনে কাপ এটা হাতৰ পৰা পৰি ভাঙিলেও মায়ে অলপকমকৈ উস-আসবোৰ কৰা যেন লাগে, যিহেতু “নেছকেফে”ৰ এই স্কিমটো থকা লৈকে তেনেকুৱা কাপ এটা প্ৰতিমাহে আমাৰ ঘৰসোমাবহি, নির্বিঘ্ন, তাকো বিনামূল্যে ! নাল ভাঙি যোৱা বা সামান্য আঁচ এডালমান ফাট মেলা তেনেকুৱা কাপ কেইটামান মাৰপাকঘৰৰ খাৰণী-পানী বা লুচী ভজাৰ পিছত কেৰাহীত পৰি থকা তেলখিনিৰ বাসস্থান হয়গৈ । কেতিয়াবা দেউতাৰ দাড়ি খুৰোৱাসৰঞ্জামখিনিৰ মাজতো তেনেকুৱা নাল ভঙা কাপ এটাই ভুমুকি মাৰেগৈ ।
আটাইতকৈ শেষত আহে,এই সকলোখিনিৰ পৰা আছুতীয়াকৈ, ডাইনিং ৰুমৰ সুদৃশ্য কাপবোৰ্ডটো শুৱনি কৰি থকা বিশেষতমশ্ৰেণীটো । এই শ্ৰেণীটোত আছে, এক বিশেষ ধৰণৰ চীনামাটিৰে তৈয়াৰী স্ফতিকৰ দৰে উজ্জ্বল ,বগাৰ ওপৰত সোণালী ৰঙৰ সূক্ষ্মকাৰুকাৰ্য থকা কাপ-প্লেটৰে সুসজ্জিত এটি টি-ছেট। মায়ে কোনোবা এখন এক্সপৌৰ পৰা দেউতাই বহুত দাম বুলি আপত্তিকৰোঁতে, নিজৰ সাঁচতীয়া পইচা অলপ যোগ কৰি হেঁপাহত কিনি আনিছিল সেইটো টি-ছেট । বছৰেকত একোবাৰ সেই টি-ছেটটোক কাপবোৰ্ডৰ ওপৰৰ খলপৰ পৰা সযতনে নমাই আনি ভেলভেটৰ কাপোৰ এটুকুৰাৰে আলফুলকৈ মচি আকৌ সযতনেওপৰত উঠাই থোৱা হয় । মাৰ বাহিৰে কাৰো সেই টি-ছেটটোৰ ওচৰলৈ যোৱাও মানা । জানোচা, আমি জোৰ-জোৰকৈ উশাহনিশাহ ল’লেও সেই ছেটটোৰ কাপ এটা মাটিত বাগৰি পৰি চূৰ্ণ-বিচুৰ্ণ হয় !
“এই ছেটটো স্পেচিয়েল আলহীৰ কাৰণে। যাকে তাকে দিব নোৱাৰি নহয়!” দেউতাই এদিন ধেমালি কৰি জীয়েকৰ বিয়ালৈমাতিবলৈ অহা নেওগ বর্তাক সেই টি-ছেটত কিয় চাহ নিদিলা বুলি সোধোঁতে মায়ে উত্তৰ দিছিল।
তাৰ পিছত বহু বছৰ বাগৰি গ’ল, বহু টি-ছেট আহিল আৰু ভাঙিল , কিন্তু মাৰ সেই বিশেষ টি-ছেটত চাহ দিব পৰাকৈ বিশেষআলহী কোনো নাহিল। আনকি দাদা, মোৰ, ভন্টিৰ বিয়াৰ সময়ত ভি-ভি-আই-পি আপ্যায়ন পোৱা শহুৰৰ ঘৰৰ মানুহবোৰৰআগতো সেই টি-ছেটতো কাপবোৰ্ডৰ ওপৰৰ খলপৰ আসনৰ পৰা নানামিল ।
দাদা আৰু দেউতাই শেষ মন্তব্য ৰাখিলে যে মুঠতে অমিতাভ বচ্চন বা শচীন টেণ্ডুলকাৰ আমাৰ ঘৰলৈ চাহ খাবলৈ নাহিলে সেইটি-ছেটটো কাহানিও টেবুললৈ নানামে !
মাক বাদ দি আমাৰ বাকী কেইটাৰ মাজত এইটো এটা আভ্যন্তৰীণ জ’ক হৈ থাকিল।
লাহে লাহে এই জ’কটোৰ কথা আমি সকলোৱে পাহৰি পেলালোঁ । বিয়া, চাকৰি, ল’ৰা-ছোৱালীৰে ব্যস্ততাৰ মাজত আমাৰতিনিওটাৰে একেলগে লগ পোৱাটোৱেই কমি গ’ল । কোনোবাটো বিহুত ভন্টি ঘৰলৈ যাব পাৰিলে, দাদাৰ ল’ৰাটোৰ বৰ্ড-এগজামৰসময় হয়, মোৰ চেমিনাৰ এখন ওলায়। কোনোবাটো পূজাত ভন্টিৰ ছোৱালীজনীৰ পানীলগা জ্বৰ হয় । মুঠতে, ভন্টিয়ে পুৰণাচাকৰিটো এৰি নতুন চাকৰি এটা জইন কৰিব বুলি মই মাৰ মুখত শুনিহে তাইলৈ ফোন এটা কৰোঁ, তেনেকৈ মই বাথৰুমত পৰিহেয়াৰ-লাইন ফ্ৰেকচাৰ হোৱাৰ খবৰটো দাদাই দেউতাৰ মুখত শুনিহে মোলৈ ধৰফৰাই ফোন লগায়। সময়ৰ লগে লগে আমিতিনিওটা যেন আঁতৰি গৈ থাকো ইটো সিটোৰ পৰা। তথাপিও, কৰবাত আমি আটাইকেইটা একেডাল এনাজৰীৰে বান্ধ খাই থাকোঁ, মা দেউতাৰ যোগেদি। আপোন ঘৰখনৰ লগত।
এইবাৰ মাঘ বিহুত পিছে, অদ্ভূতভাৱে, আটাইকেইটাৰে সময় মিলিল। ফেমিলি হোৱাটছএপ গ্রুপত দাদা ভন্টিয়ে আহিম বুলিকোৱাত ময়ো টিকেট কেইটা কাটিয়েই পেলালোঁ। প্লেন মতেই উৰুকাৰ আগদিনা ৰাতিপুৱাই ঘৰ সোমালোহি। নাতি-নাতিনী, জী-জোঁৱাই, ল’ৰা-বোৱাৰীৰে ঘৰখন উৰো উৰো হ’ল । দেউতাই বজাৰ কৰি ঘৰ ঠাহ খুৱাই থৈছিলেই , তাতে মায়ে বিধে বিধে ৰান্ধি যিলোভনীয় ব্যৱস্থা কৰিছিল, শেষত নিমখত দিয়া গোলনেমু অকণ মুখত লৈহে শান্তি। দাদাই পিছে ঠিক লক্ষ্য কৰিছিল যেগোলনেমু আচাৰকণ সেই পুৰণি হৰলিক্সৰ বটলৰ পৰাই ওলাই আহিছিল ।
খোৱাৰ পিছত সেই লৈয়েই আড্ডা জমিল । কথাৰ লেধাৰি নিছিঙা হৈছিল যদিও এপেট এপেট খোৱাৰ পাছৰ ভাত ঘুমটিকণতআমি গোটেইকেইটা অচিৰেই ঢলি পৰিলোঁ। আমি আড্ডাত মচগুল হৈ থকা সময়তে মা আৰু দেউতাই নাতি-নাতিনী কেইটাকনি নিজৰ কোঠাত শুৱাইছিলগৈ । দুয়ো যেন নাতি-নাতিনী কেইটাক নিজৰ পৰা এচুলিমানো আঁতৰ নকৰিব !
মোৰ টোপনি ভাঙোতে প্ৰায় সন্ধিয়া লাগিল। সেই ৰাতিপুৱাই ফ্লাইট ধৰিবলৈ লৰালৰিকৈ ওলোৱা। ভাগৰ লাগিবৰে কথা ! বাকীকেইটাৰ কাৰো উঠাৰ নাম গোন্ধ নাই । দীঘলকৈ হামি এটা মাৰি থাকোতেই মোৰ মনত চাহ একাপ খোৱাৰ ইচ্ছা জাগিল। ওচৰতেথকা দাদাক হেঁচুকি সুধিলোঁ, চাহ খাবিনে ? ভন্টিয়েহে পিছে লাহেকৈ মাত লগালে “মোৰ কাপত চেনি নিদিবি।”
“এলেহুৱাৰ জাত !” হাঁহিয়েই উঠিল মোৰ।
ঘৰে ঘৰোৱাহে মানুহৰ হিচাবটো কৰি মই চাহ কৰাৰ উদ্দেশে পাকঘৰত সোমালোহি। সোমায়েই দেখিলোঁ, মায়ে চাহ বহাইছেই ।অকল চাহেই নহয় ঠাণ্ডাদিনৰ সন্ধিয়াটোৰ লগত মিলাকৈ মছুৰ ডালি, সৰহকৈ পিয়াজ, জলকীয়া কাটি মচমচিয়াকৈ পকৰিওভাজিছে !
মোক দেখি মা ব্যস্ত হৈ উঠিল “ইহঁত কেইটাক চাহ খাবলৈ মাতি দে গৈচোন।”
পাকঘৰৰ চকী এখনত বহি ইতিমধ্যে মই গৰম পকৰি এটা মুখত ভৰাইছিলোঁয়েই। পকৰি মুখত লৈয়ে ক’লো,
“উঠিব, উঠিব নিজেই, খকুৱাকেইটাই ভজা পকৰিৰ গোন্ধ পালে নিজেই উঠিব ।”
মায়ে, ময়ে একেলগে হাঁহিলো। কালিৰে পৰা মাৰ মুখৰ পৰা যেন হাঁহিটো নুগুচিছেই !
“আও ! আজি অমিতাভ বচ্চন আহিব নেকি হে আমাৰ বিয়লিৰ চাহ-মেললৈ ?” এৰীচাদৰখন ভালকৈ গাত মেৰিয়াই দেউতাপাকঘৰলৈ সোমাই আহিছিল।
দেউতাৰ দৃষ্টি অনুসৰণ কৰোঁতে দেখিলোঁ, কাপবোৰ্ডৰ ওপৰ খলপাৰ বাসিন্দা সেই বগাৰ ওপৰত সোণালী কাৰু-কাৰ্য কৰা, বিশেষতম কাপ-প্লেট কেইজোৰতে মায়ে চাহ বকা আৰম্ভ কৰিছে, খুউব সযতনে, হেঁপাহৰে।