জুই আৰু তেলৰ চামনি লাগি এলান্ধু বৰণ লোৱা কেৰাহীখন ঘঁহিবলৈ ,ধানখেৰৰ জুমুঠিটো ভালদৰে হাতৰ মুঠিত লৈ তক্তাপোচখনতে বহি লোৱা জানকীলৈ মই খিৰিকেৰে চাই থাকিলোঁ।
ওপৰ পাৰিৰ দাঁতেৰে তলৰ ওঁঠখন জোৰকৈ কামুৰি লৈ তাই একান্তমনে কেৰাহীখনৰ ছাই চাফা কৰাত ব্যস্ত।
এৰা জুইত বহোৱা কেৰাহী, বটুৱাৰ ছাই চাফা কৰাটো বৰ অসুবিধা, সেয়ে মই জুইত ৰন্ধা বঢ়া নকৰোঁয়েই।
পৱনে আকৌ খাহী, পাঠা, হাঁহ কুকুৰাৰ মঙহৰ আঞ্জাকন জুইত ৰান্ধিলেহে সোৱাদ পায় বোলে।
চহৰৰ ভাড়াঘৰত তেওঁৰ সেইবোৰ মুখৰ জুঁতি লৈ লৈ ৰন্ধাবঢ়া কৰা মানুহ নাই।
জুইৰ ব্যৱস্থাও নাই, তেওঁৰ বৰকৈ ইচ্ছা গ’লে পিছফালৰ বাৰাণ্ডাখনত ভঙা কেৰাহী এখনতে জুই ধৰি নিজে নিজে বেঙেনা, আলু, মাছ আদি পুৰি খায়।
তেওঁৰ মুখৰ জুতি মতে ৰন্ধা-বঢ়া কৰি থাকিলে ,জীৱনৰ বেছিভাগ সময় মোৰ পাকঘৰতে অতিবাহিত হ’ব।
এনেও ক’তনো লিখা আছে যে স্ত্ৰী লিংগধাৰী হ’লোঁ বুলিয়েই যে সকলো মাইকী মানুহ ৰন্ধা বঢ়াত পাকৈত হ’ব।
অৱশ্যে এই যে নাৰান্ধিলে নহয়, নাখালে নহয় তেনে পৰিস্থিতিত পৰি ৰন্ধা বঢ়া কৰা বিধৰ মানুহো নহয়।
যিখিনি খাব পৰাকৈ ভাল আৰু পুষ্টিকৰ সেয়াই ৰান্ধি বাঢ়ি খাই ভালপাওঁ।
পৱনে অৱশ্যে চহৰৰ ঘৰত আপত্তি নকৰে যি পায় তাকে খায়।
প্ৰথমবাৰ পৱনৰ লগত গাঁৱৰ ঘৰলৈ আহোঁতে , মাকৰ আগত পৱনে যিখন হে খাবলৈ মন গৈ থকা ব্যঞ্জনৰ তালিকা দাঙি ধৰেছিলহি, মোৰ শুনিয়েই টিঙিচকৈ খং উঠিছিল।
বাৰাণ্ডাত বহি পাচলিৰ লগতে পুৱাটোৰ অধিক সময় কটাই পাৰ কৰা ঘৰধৰা শাহুৱে ,পুতেকৰ কথা শুনি মোৰ ফালে এনে এটা চাৱনি দিছিল যে মোৰ সৰ্ব শৰীৰত চোৰাতে খজুৱতি তোলাৰ দৰেই অনুভৱ হৈছিল।
মই বুজিছিলোঁ তেওঁৰ চাৱনিৰ অন্তৰালত লুকাই থকা ভাৱটো-“এইজনী কেনে ঘৈণী চপালে জানো মোৰ সোণটোৱে, গিৰীয়েকৰ মন ভৰাকৈ এসাঁজো ৰান্ধি খোৱাব নোৱাৰে।”
পিন্ধি থকা চেণ্ডেলযোৰেৰে প্ৰয়োজনতকৈ অধিক শব্দ কৰি মই মাক পুতেকৰ কাষেৰ খোজ দিওতে, পৱনে কথাটো লুটি বাগৰ মাৰি মোৰ গাৰ পৰা দোষটো আতঁৰাবলৈ যত্ন কৰিছিল।
– চহৰত নো মনযোৱা সতেজ বস্তুবোৰৰ সোৱাদ ল’বলৈ ক’ত পাওঁ, তাতে পূ আৰু মই অফিচৰ পৰা উভতি ঘৰলৈ অহালৈ এৰেহা বস্তুবোৰ হে দোকানত ওলমি থাকে, সেয়ে গাঁৱলৈ আহিলে মনযোৱা উপকৰণবোৰৰ এখন তালিকা লগত লৈ আহোঁ।
মোৰ ওঁঠেৰে এটি বেঁকা হাঁহি নিগৰি পৰে, বেচেৰাই দুইকুল ৰক্ষা নকৰিলে যে নিগমে মৰিব সেয়া ভাল দৰেই জানে বাবে কথাবোৰ ভাৰসাম্য ৰাখি ক’বও জানে।
মোৰ এইখন ঘৰলৈ আহিবলৈ বৰকৈ মন নাযায়।
আৰু হয়তো পৱনৰ মাকেও চাগে মই নহাটোকে কামনা কৰে।
জানকীৰ মনৰ উমান মই এই এবছৰৰ এটা দিনেও পোৱা নাই আৰু পাবলৈও যত্ন কৰা নাই, কিন্তু পৱনৰ মাকে যে মোক মুঠেও সহিব নোৱাৰে সেয়া জলজল পটপটকৈ ধৰা পৰিছিল।
পিছে এইবাৰ গাঁৱৰ ঘৰলৈ আহিবলৈ আমি বাধ্য কেইদিনমানৰ অসুস্থতাতে পৱনৰ মাক এনেদৰে গুচি যাবগৈ বুলি মুঠেও ভবা নাছিলোঁ।
যোৱা মাহতে তেওঁৰ সা সকাম পাতি আজৰি হৈ গৈছিলোঁ।
পিছে জানকীৰ ৰূপত এটি দায়িত্ব আমাৰ কান্ধত ৰৈ গৈছিল, জানকীৰ নিজৰ পৰিয়াল বুলিবলৈ তেতিয়া আৰু কোনো নাছিল।
জানকীৰ লগতে এটা সিদ্ধান্তত উপনীত হ’বলৈকে মোৰ এইবাৰ এইখন ঘৰলৈ আগমন।
পৱনে মোৰ যিকোনো সিদ্ধান্তই মানি ল’ব বুলি বিশ্বাস আছে।
পৱনৰ লগত কাকতালীয় ভাৱে সংযোগ হোৱাৰ আগলৈকে মই নিজৰ জীৱনটোক লৈ কোনো পৰিকল্পনা কৰিব পৰা নাছিলোঁ।
পৱনৰ লগত চিনাকি হৈছিলোঁ লগৰ বান্ধৱী এজনীৰ বিয়াত।
কথা পাতি ভাল লগাৰ বাবেই দুয়ো ফোনৰ নাম্বাৰ বিনিময় কৰিছিলোঁ, নিজৰ নিজৰ সম্পৰ্কে যিমান বোৰ কথা জানিব লাগিছিল সিমানলৈকে জানি আমি বুজাবুজিৰ এটি সম্পৰ্কত বান্ধ খাইছিলোঁ।
কথাবোৰ , তন্নতন্নকৈ জানিবলগীয়াবোৰ সেই সময়ত বৰকৈ ভাবিবলৈকে নহ’ল। বহুতেই বিয়া বাৰুক লৈ সুধি থকা এটা প্ৰশ্নৰ উত্তৰ হিচাপে পৱনক বাচি লৈছিলোঁ।
ক’ৰ্ট মেৰিজৰ কামবোৰ আগবঢ়াবলৈ মোৰ বিশেষ অসুবিধা নহ’ল কাৰণ মই সেই অফিচতে কৰ্মৰত।
মোৰ চিনাকি ভাল বান্ধৱী এজনীয়েই কামটো কৰি দিছিল।
মোৰ পৰিয়ালত নিজৰ বুলিবলৈ থকা একমাত্ৰ মাৰ মৃত্যুৰ পিছত মোৰ হাত ভৰিত দায়িত্বৰ কোনো বান্ধ নাছিল।
পৱনো ডি টি অ অফিচতে মোৰ দৰেই সমপৰ্যায়ৰে পদত কৰ্মৰত।
মই আৰম্ভণিতে তেওঁক জনাইছিলোঁ যে গাঁৱলৈ গৈ ঘৰ বান্ধি থকাবিধৰ ছোৱালী যদি বিছাৰিছে তেতিয়া মোৰ পৰা আঁতৰি যাব পাৰে।
চহৰৰ আদব কায়দাবোৰ নিজস্ব কৰি লোৱাৰ পিছত মোৰ বাবে বৰ সহজ নহয় গাঁৱৰ পৰিৱেশত আকৌ খাপ খাবলৈ।
পৱনো মান্তি হৈছিল, আৰম্ভ হৈছিল মাটিৰ সন্ধান।
কিন্তু তাৰবাবে আমি মিতব্যয়ী হোৱাটো বৰ জৰুৰী আছিল।
একেখন চহৰতে থাকি অধিক ভাড়া খৰচ কৰি দুটা সুকীয়া কোঠা লৈ থকাতকৈ চোন আমি দুয়ো একেলগে থাকিব পাৰোঁ।
মোৰ অসুবিধা একো নাছিল, আছিল পৱনৰহে.! গাঁৱৰ ঘৰত একমাত্ৰ মাকজনী থাকে মাজে সময়ে মাকৰ লগৰী এগৰাকীক লৈ চহৰলৈ আহে , পিছে এতিয়া ক’ত থাকিব?
ময়ে সহজ কৰিছিলোঁ যে তেওঁলোক আহিলে থকা কোঠাটোৰ অসুবিধা দেখুৱাই হোটেল বা ল’জত দুৰাতিমান ৰাখি দিলেই হ’ল।
দুয়োৰে জমা টকাৰে চহৰৰ মাজ মজীয়াতে থকা শোচনীয় হৈ পৰা অসম আৰ্হিৰ ঘৰ এটা কিনি পেলালোঁ।
মেৰামতিৰ বাবে আকৌ কিছু বছৰ পইছা গোটালেহে হ’ব।
সেইবাবে আমি দুয়ো একেলগে থাকিবলৈ লৈছিলোঁ।
মাকৰ লগৰীজনী নো কোন সেই কথাটো যদি মই আগতেই সুধিলোঁ হেঁতেন! তেতিয়া চাগৈ মোৰ আৰু পৱনৰ ঠিকনাও বেলেগ বেলেগ হ’ল হেঁতেন।
পৱন সৰুৰেপৰাই হোষ্টেলত থাকি পঢ়া, মাকৰ লগভাগ হোৱাকৈ বোলে মাকে নিজৰে বান্ধৱী ৰমলাৰ পাঁচজনী জীয়েকৰ নুমলীয়া জনীক বান্ধৱীৰ সম্পৰ্কটো থাকিবৰ বাবে নিজৰ লগত থকাকৈ লৈ আহিছিল।
পৱনে জনা নাছিল যে মাকে তাৰ আঁৰত এটি সন্ধি কৰিছিল।
ঘৰলৈ গ’লে পৱনে জানকীয়ে ৰন্ধা ইটো সিটো খাই ভাল পাইছিল, এনেও তেওঁ খোৱাৰ ৰুচি বিচৰা মানুহ গতিকে সোৱাদযুক্ত ব্যঞ্জন পালে তেওঁৰ মুখৰ হাঁহি নুগুচেই।
জানকীয়েও অলপো আসোঁৱাহ নৰখাকৈ বৰ মনোযোগেৰে আমাৰ আলপৈচান ধৰে।
মই যেতিয়াই গাঁৱৰ ঘৰলৈ যাওঁ জানকীক খুটি খুটি চাবলৈ যত্ন কৰোঁ, ক’ৰবাত কিজানি দুখ বেজাৰৰ ৰেশ এধানি দেখা পাওঁ।
পিছে তাই বৰ সুন্দৰকৈ নিজকে খোলাৰ ভিতৰত সামৰি ৰাখিব পাৰে, উমানেই নাপাওঁ তাইৰ অন্তৰতম খোটালিৰ বতৰা।
মোৰ প্ৰতি বাৰু জানকীৰ মনত তিলমানো আক্ৰোশৰ ভাৱ নাই নে!
সেই যে পৱনৰ মাকৰ ভৰিটো ভাঙোতে আচম্বিতে গাড়ীখন লৈ দুয়ো গৰাকী পৱনৰ ভাড়া ঘৰলৈ বুলি গুচি আহিছিল, আৰু তেতিয়া সেই ঘৰটো আমাৰ উমৈহতীয়া হৈ পৰিছিল।
পুতেকক বিচাৰি আহি এগৰাকী অচিনাকী নাৰীক লগ পাই মানুহগৰাকী হতভম্ব হৈ পৰিছিল, আগতীয়াকৈ খবৰ পোৱা হ’লে মই কিবা এটা উপায় কৰিলোঁহেঁতেন যদিও সেই সময়ত কৰিবলগীয়া একো নাছিল।
পৱনৰ মাকে মোক ক’ত আৰু দেখিব পাৰিব! তেওঁৰ সন্মতিৰ অবিহনেই পুতেকৰ লগত সম্পৰ্ক কৰা মই চাগে তেওঁৰ মনত শাখিনী আছিলোঁ।
সেইদিনা পৱনো কমখন অস্বস্তিত পৰিছিল নে! মোৰ একো অনুভৱ হোৱা নাছিল। প্ৰাপ্তবয়স্ক দুজন লোকে এনেদৰে একেলগে থকাটো মোৰ দৃষ্টিত ভুল নাছিল।
এনেও কৰ্ট মেৰিজ ৰেজিষ্টাৰ হৈ গৈছিল তেতিয়ালৈ।
পৱনৰ মাকৰ হে যেনিবা সেইদিনা ভঙা ভৰিটোৰ বিষতকৈও বুকুৰ বিষ বেছি হৈছিল।
পৱনে তৎকালীন ভাবে তেখেতৰ চিকিৎসাৰ বাবে চিকিৎসকৰ কাষলৈ লৈ গৈছিল।
পৱনৰ মাকৰ সংগী হৈ যোৱা জানকী নামৰ ছোৱালীজনী ৰৈ গৈছিল আমাৰ কোঠাতে।
একোচা দীঘল কিচকিচীয়া চুলি, সৰু সৰু দুটি অনুভূতিহীন চকু, ওঁঠৰ তলত থকা স্পষ্ট ক’লা মাহটো, ঢেলা চাবোনৰ দৰে গাৰ ৰং, নিয়মিয়া দৈহিক উচ্চতাৰে এজনী চকুত লগা যুৱতী যে পৱনৰ মাকৰ লগৰী আছিল সেয়া সেইদিনা হে মই জানিছিলোঁ।
মুখেৰে খুলি নকলেও জানকীয়ে চাগৈ বুজিছিল মোৰ আৰু পৱনৰ মাজত থকা সম্পৰ্কৰ কথা।
হাত মুখ ধুবলৈ দি জানকীৰ সন্মুখত বাকী দিয়া চাহকাপ মুখত লৈয়ে তাই কৈছিল-
-আমৈ আৰু জান দায়ে চাহত আদা সৰহকৈ খুন্দি দিলেহে খাই ভাল পায়।
সেই প্ৰথমবাৰলৈ মই পৱনৰ ভাললগা চাহকাপৰ বিষয়ে জানিছিলোঁ তাকো কাৰ মুখেৰে..!
জানকীয়ে হয়তো কথাষাৰৰ জৰিয়তে বুজাব বিচাৰিছিল যে তাইৰো সেইখন ঘৰত এটা নিজৰ স্থান আছে।
সৰু সৰু কথা বতৰাৰ মাজেৰে মই বুজিছিলোঁ যে জানকীৰ ৰন্ধন প্ৰকৰণত যথেষ্ট পাকৈত।
দুপৰীয়াৰ সাঁজটো তাই পৱনৰ ভাললগা জুঁতিৰেই ৰান্ধিলে।
তাই যেতিয়া কঁকালত চাদৰখন মেৰিয়াই, চুলিখিনি পকাই ওখকৈ বান্ধি পটাখনত মছলা বটি আছিল, তেতিয়া মই পিছফালৰ পৰা তাইৰ দৈহিক সৌন্দৰ্য্য খিনি চাইছিলোঁ।
ছেহ সেইদিনাই বৰকৈ লাজত পৰিলোঁহেঁতেন যদিহে কলিং বেলটো সেই সময়ত বাজি নুঠিল হেঁতেন।
দুৱাৰখন খুলি দিয়াৰ লগে লগে মাকক লৈ পৱন সোমাই আহিছিল, প্লাষ্টাৰ লগাব লগীয়া নহ’ল, সাধাৰণ গাঁঠিৰ বেণ্ডেজ এটা দিছে।
পৱনে ঘৰত সোমায়েই কৈছিল জানকী আজি আমাৰ পাকঘৰত নেকি?
মই আচৰিত হৈ তেওঁৰ মুখলৈ চালোঁ, তেওঁ অপ্ৰস্তুত হৈ কৈছিল বোলে পাঁচ ফুৰণ দি তেল মাৰিছে কাৰণেই বুজিলে যে সেয়া মই নহয়।
কথাবোৰ কোনেও কাকো খুলি নোকোৱাকৈয়ে সকলোৱে গ্ৰহণ কৰি ল’লে যেনেই লাগিছিল।
পৱনৰ মাকে আমি নথকা বুলি ভাবি জানকীৰ মূৰত হাত ফুৰাই কোৱা কথাষাৰ মই আঁৰ হৈ শুনিয়েই বুজিছিলোঁ যে জানকীৰ বাবে থোৱা সংৰক্ষিত আসনত মই অনাধিকাৰ প্ৰৱেশ কৰিলোঁ।
মনত এবাহ এসন্তুষ্টি লৈয়ে পৱনৰ মাক জানকীৰ লগত গুচি গৈছিল, যোৱাৰ পৰত মাকৰ পৰিৱৰ্তে জানকীয়েহে পৱনক কৈছিল-
-জান দা, এই গৰাকীক লৈ গাঁৱৰ ঘৰখন গচকাই আনিবগৈ।
আমৈ আৰু মই সকলো যোগাৰ কৰি থম।
সেই জানকীৰ কথা মতেই প্ৰথমবাৰলৈ পৱনৰ লগত তাৰ ঘৰ খনলৈ গৈছিলোঁ, এনেও মোৰ লখিমী বোৱাৰী হোৱাৰ হাবিয়াহ নাছিল গতিকে প্ৰথম দিনৰ পৰাই ভাওধৰাৰো প্ৰয়োজন নাছিল।
পৱনক সুধিছিলোঁ জানকীৰ প্ৰতি তেওঁৰ মনতো মাকে ভবাৰ দৰেই আন এটি আশা আছিল নেকি!
তেওঁ একেকোবেই উত্তৰ দিছিল যে তেওঁৰ মনত জানকীৰ প্ৰতি সেই ঠাই কোনোদিনে নাছিল যি ঠাইত এতিয়া মই আছোঁ।
জানকীৰ লগত কথা পাতিও এনে নালাগিল যে তাই আমাক লৈ সুখী নহয়।
বৰঞ্চ যিমান বাৰেই গাঁৱৰ ঘৰলৈ গৈছোঁ তাই আমাক বৰ আদৰ সাদৰেৰে ৰান্ধি বাঢ়ি খুৱাই।
পৱনৰ লগত মই সুখী হ’ম নে দুখী হ’ম ! সেয়া কোনোদিনে বিচাৰ নকৰাকৈয়ে বিয়াত বহিছিলোঁ।
হোষ্টেলত থকাৰ সময়ত যুতিকা আৰু মোৰ মাজত আন্তৰিকতাবোৰ বাঢ়ি সীমা পাৰ হৈছিল, সেয়া এসময়ত বেমাৰ বুলিয়েই ভাবি সংযমী হ’বলৈ যত্ন কৰিছিলোঁ।
পৱনে মোক যিমান সুখ দিব লাগে সিমানেই দিছে, পিছে মইহে যেন ক’ৰবাত অসুখী! ক’ত সুখী নহয় তাৰ উৎসটো বিচাৰি মই জানকীৰ চৌপাশে ঘূৰিবলৈ ধৰিছিলোঁ।
অসুখী হৈ থকাৰ উৎসটো ধৰিব পাৰিয়েই , জানকীৰ প্ৰতি যে আমি অন্যায় কৰিছোঁ সেয়া পৱনক বুজাবলৈ উঠি পৰি লাগিছিলোঁ অৱশ্যে পৱনক মান্তি কৰাবলৈ মোৰ বেছি সময়ৰ প্ৰয়োজন নহ’ল।
-জানো, তুমি যি ভাল দেখা কৰা।
পৱনে সেউজ ইঙ্গিত দি আঁতৰি গৈছিল।
উত্তৰটো পায়েই পৱনক লৈ পুৱাই আহি গাঁৱৰ ঘৰ ওলালোঁহি, আমাক দেখিয়েই ব্যস্ত হৈ পৰা জানকীলৈ বৰ মৰম লাগি গ’ল ঠিক যুতিকালৈ লগাৰ দৰেই মৰম।
জানকীয়ে খৰধৰকৈ তেলীহাঁহ এটা বধি জুইৰ তাপতে বৰ সোৱাদ হোৱাকৈ মাংসৰ আঞ্জাকণ ৰান্ধিলে।
পৱনে আঙুলি চেলিকি চেলেকি খোৱা দেখিও আজি মোৰ বিৰক্তি নালাগিল, এৰা প্ৰতিটো কামতে এক ৰুচিপূৰ্ণ সোৱাদ পালেহে জীৱনত সুখী হৈ থাকিব পাৰি।
পৱনক খোৱা বোৱাৰ সোৱাদ দিবলৈ এতিয়া জানকীক সৈমান কৰোঁৱাতো বৰ জৰুৰী।
কামৰ অজুহাতৰ বাবে মোক জানকীৰ লগত এৰি পৱন গুচি গৈছিল অফিচলৈ।
মই জানকীৰ বাবেই অফিচৰ পৰা ছুটী লৈ ৰৈ গৈছিলোঁ।
এয়া খিৰিকীৰে এতিয়াও চাই আছোঁ তাইৰ সেই ৰূপটো, অসাৱধানতাৰ বাবেই নেকি জোৰকৈ কেৰাহীখন মাজি থাকোঁতে ব্লাউজৰ ওপৰৰে তাইৰ বুকুখনৰ এফাল উদং হৈ পৰিছে।
এপাকত জানকীৰ চকুৱে খিৰিকিৰ সিপাৰৰ মোৰ চকুত খুন্দা মাৰিলে, তাই এইবাৰ আকৌ তলৰ ওঁঠখন কামুৰি ধৰিলে।
হাতত মুহুদিৰ বঁটাটো লৈ জানকী মই থকা কোঠাটোলৈ সোমাই আহিছিল, মই উঠি গৈ দুৱাৰখন জপাই দিলোঁ।
মোক আচৰিত কৰি জানকীয়েও খিৰিকিখন জপাই দিলে..
বহুবছৰৰ মূৰত যুতিকাই মোক দিয়া আমেজখিনি যেন আজিৰ দুপৰীয়াটোত জানকীয়ে দিলে, যি সুখ অতদিনে পৱনৰ পৰা বিচাৰিও পোৱা নাছিলোঁ।
চুম্বকৰ দৰে মানুহৰ মনক অকল বিপৰীত মেৰুৱেই আকৰ্ষণ নকৰে, ক’ৰবাত ব্যতিক্ৰম হৈ সমমেৰুও দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হ’ব পাৰে।
জানকী উঠি গৈছিল, মোকো সেই সময়ত একাপ আদা দিয়া চাহৰ প্ৰয়োজন হৈছিল।
পৱনলৈ ফোন কৰি জনাই দিলোঁ যে জানকীয়ে মোৰ সতিনী হ’বলৈ সন্মতি দিছে,আৰু আমি আজি ৰাতিটো ইয়াতে কটাই পুৱাতে চহৰলৈ যোৱাৰ কথাটোও কৈ থলোঁ।
আচলতে সমাজে বিসংগতিপূৰ্ণ বুলি কোৱাৰ আগতেই কথাবোৰ আৰম্ভণিতে চিজিল লগাই লোৱা ভাল।
এতিয়াৰ পৰা পৱনে খোৱা বোৱাত মনে বিচৰা সোৱাদ পাব আৰু মই ফিকা হৈ পৰা মোৰ জীৱনত হেৰাই যোৱা সোৱাদক আকৌ মিহলাই ল’ম।
মোৰ আৰু জানকীৰ মৰমৰ মাজত পৱন পুতলা এটি হৈ আজীৱন দুখ নোপোৱাকৈ ওমলি থাকিব।
কথাবোৰ মনতে পাঙি লোৱাৰ পিছতে , অজানিতে এটি সুখৰ হাঁহি মোৰ ওঁঠেদি সৰকি পৰিল।