সামাজিক মাধ্যমত বহু সময়ত শ্বেয়াৰ কৰা বহু তথ্যই নেটিজেন সকলৰ মাজত যিদৰে ইতিবাচক প্ৰভাৱ পেলাই তেনেকৈ নিশ্চয় নেতিবাচক প্ৰভাৱো পেলায় ৷ কেতিয়াবা কিছুমান ভুল তথ্যই মানুহক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনা থাকে ৷ সেয়েহে বহু সময়ত যিকোনো তথ্য শ্বেয়াৰ কৰোঁতে নেটিজেন সকল সাৱধান হোৱাৰ যথেষ্ট প্ৰয়োজনীয়তা আহি পৰিছে ৷
শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুকৰ ‘অৱচম নেচাৰ’ নামৰ এটা ৱেবপে’জে সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা কেইখনমান আলোকচিত্ৰই নেটিজেন সকলৰ মাজত ভূল বাৰ্তা প্ৰচাৰ কৰাক লৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু তেওঁলোকে স্পষ্টকৈ কৈছে যে-
সামাজিক মাধ্যমত শ্বেয়াৰ কৰা মেকুৰীৰ দৰে চাৰিটা ঠেং দীঘল নখ আৰু দাঁত আৰু মানুহৰ দৰে মুখ ,কাণ আৰু চুলিৰে এই আলোকচিত্ৰখন দেখিলে হয়তো সকলো বিমোৰত পৰিব যে ই প্ৰকৃততে মানুহ নে জন্তু!
দেখাত সঁচা যেন লগা ‘চাৰি ঠেংযুক্ত এইটো এটা অদ্ভূত প্ৰাণী যি প্ৰকৃতাৰ্থত সঁচা নহয়।
সেয়েহে এই ক্ষেত্ৰত সজাগতাৰ সৃষ্টিৰ বাবে ছিয়াৰ পাহাপগ অঞ্চলৰ আৰক্ষী অধীক্ষক ডাটক ৰছলি আব্দুল ৰহমানে কয় যে এই ছবিসমূহ জীৱন্ত প্ৰাণীৰ নহয়।তেখেতে ব্যাখ্যা কৰা অনুসৰি ছবিসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ আগতে ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰা হৈছিল আৰু এই আৱিষ্কাৰ কৰা হৈছিল পাহাঙত।
তেওঁ লগতে কয় যে তেওঁ এই আশা কৰে যে ৰাইজে যেন এই আৱিষ্কাৰৰ বিষয়ে প্ৰচাৰ কৰা বন্ধ কৰে। পশু আৰু মানুহৰ আকৃতিৰ এই পুতলাটোৰ জৰিয়তে সৃষ্টিকৰ্তা গৰাকীৰ কল্পনাহে প্ৰতিফলিত হৈছে ৷ আচলতে চিলিকণৰ পৰা নিৰ্মাণ কৰা হৈছে এই আচৰিত জীৱন্ত যেন লগা পুতলাটি ।