২০২২ চনত ‘এছ.টি.ই.এম.’ (STEM) ৰ ছুপাৰষ্টাৰ হিচাপে স্বীকৃতি পোৱাসকলৰ ভিতৰত আছে ভাৰতীয় মূলৰ তিনিগৰাকীকৈ মহিলা বিশেষজ্ঞ৷ তেওঁলোক হ’ল ক্ৰমে নীলিমা কাদিয়ালা, ডাঃ আনা বাবুৰমণি আৰু ডাঃ ইন্দ্ৰাণী মুখাৰ্জী। জানিবপৰা মতে ভাৰতীয়সকলৰ উপৰিও শ্ৰীলংকা মূলৰ মহিলা বিজ্ঞানীসকলকো এই স্বীকৃতিৰ বাবে বাছনি কৰা হৈছে।
কি অষ্ট্ৰেলিয়াৰ ‘ছুপাৰষ্টাৰছ অৱ এছ.টি.ই.এম.’?
প্ৰতি বছৰে বিজ্ঞান আৰু প্ৰযুক্তি অষ্ট্ৰেলিয়া (এছটিএ)ই এই খণ্ডৰ দেশৰ শীৰ্ষ সংস্থা আৰু ১,০৫,০০০ৰো অধিক বিজ্ঞানী আৰু প্ৰযুক্তিবিদক প্ৰতিনিধিত্ব কৰি বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত (এছটিইএম)ত নিয়োজিত ৬০ জন অষ্ট্ৰেলিয়ান বিশেষজ্ঞক উচ্চ পৰ্যায়লৈ উন্নীত হোৱাত সহায় কৰে ।
প্ৰতিবছৰৰ দৰে এই বছৰো অষ্ট্ৰেলিয়াৰ এছ টি ই এমৰ ছুপাৰষ্টাৰ হিচাপে স্বীকৃতি পোৱা বিশেষজ্ঞ সকলৰ ভিতৰত এইবাৰ আছে তিনিগৰাকী ভাৰতীয় মূলৰ মহিলা- ডাঃ আনা বাবুৰমণি, নীলিমা কাদিয়ালা, আৰু ডাঃ ইন্দ্ৰাণী মুখাৰ্জী।
নীলিমা কাদিয়ালা-নীলিমা কাদিয়ালা যি হ’ল চেলেঞ্জাৰ লিমিটেডৰ আই টি প্ৰগ্ৰেম মেনেজাৰ আৰু যাৰ আছে বিত্তীয় সেৱা, চৰকাৰী আৰু এফএমচিজিকে ধৰি একাধিক উদ্যোগত বিস্তৃত ৰূপান্তৰ কাৰ্যসূচী প্ৰদান কৰাৰ ১৫ বছৰতকৈও অধিক অভিজ্ঞতা ।২০০৩ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে অষ্ট্ৰেলিয়ালৈ যায়।
ডাঃ আনা বাবুৰমণি- প্ৰতিৰক্ষা বিভাগৰ বিজ্ঞান আৰু প্ৰযুক্তি গোটৰ বৈজ্ঞানিক উপদেষ্টা এই গৰাকী গৱেষক ড০ আনা বাবুৰমণি ৷ জৈৱ-চিকিৎসা গৱেষক বাবুৰমণীয়ে মনাছ বিশ্ববিদ্যালয়ত পি এইচ ডি সম্পূৰ্ণ কৰি ইউৰোপত ১০ বছৰ পোষ্ট ডক্টৰেট গৱেষক হিচাপে কটায়। গৱেষণাৰ উপৰিও বাবুৰমণীয়ে প্ৰাৰম্ভিক কেৰিয়াৰ গৱেষকসকলক সহায় কৰা নাইবা তেনে ধৰণৰ কামৰ সৈতে নিজকে জড়িত কৰি ৰাখিবলৈ ভাল পায় ৷
ড° ইন্দ্ৰাণী মুখাৰ্জী-ড০ ইন্দ্ৰাণী মুখাৰ্জী তাছমেনিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ভূতত্ত্ববিদ ।ড০ ইন্দ্ৰাণী মুখাৰ্জীয়ে তাছমেনিয়াত জনপ্ৰচাৰ, ভূ-বিজ্ঞান যোগাযোগ আৰু বৈচিত্ৰতাৰ ক্ষেত্ৰত এগৰাকী পোষ্ট ডক্টৰেট গৱেষক হিচাপে বহুদিন ধৰি কাম কৰি আহিছে।
অষ্ট্ৰেলিয়াৰ উদ্যোগ আৰু বিজ্ঞান মন্ত্ৰী এড হুচিকে কোৱাৰ দৰে প্ৰকৃতাৰ্থত চৰকাৰে এই কাৰ্যসূচীৰ প্ৰসাৰতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় এছটিইএম কাৰ্যসূচীৰ পৰ্যালোচনা কৰি আছে আৰু ভৱিষ্যতে ইয়াক আৰু অধিক সম্প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে।