১/খালী চকুৰে চালে আমি আকাশত বেলেগ বেলেগ ৰঙৰ তৰা দেখিবলৈ পাওঁ। ৰঙা-নীলা তৰাবোৰ আমাৰ চকুৱে সহজতে মনিব পাৰে। তৰাবোৰৰ এই ৰঙৰ পাৰ্থক্যৰ মূলতেই হৈছে উষ্ণতাৰ তাৰতম্য।কোনো এটা তৰা যিমানেই ৰঙা দেখা যায় , তাৰ ভিতৰখন ঠাণ্ডা আৰু যিমানেই নীলা দেখা যায় ,সিমানেই সি উত্তপ্ত।
২) আনাকোণ্ডা নামৰ বিশালদেহী সাপবিধেও পোৱালি জগায় বুলি বহু লোকে ভাবে যদিও আচলতে আনাকোণ্ডায়ো কণীৰ মাধ্যমতহে পোৱালি দিয়ে। কিন্তু ইয়াৰ কণীবোৰ পেটৰ ভিতৰতেই থাকি যায় আৰু পোৱালিবোৰ ভালদৰে বিকাশ লাভ কৰাৰ পিছত বাহিৰলৈ ওলাই আহে।
৩) পৃথিৱীৰ সকলো নদ-নদীৰ পানী গৈ অৱশেষত মহাসমুদ্ৰত বিলীন হৈ গৈছে।এক তথ্যৰ পৰা জনা গৈছে যে এই নদ-নদীবোৰে প্ৰতি ছেকেণ্ডত মুঠ ২০ লাখ টন পানী সাগৰত পেলাই থাকে।
৪) গুজৰাটৰ কালিকট বন্দৰৰ পৰা বৃটিছ আমোলত কেলিকল নামৰ এক প্ৰকাৰৰ বিশেষ কপাহৰ ৰপ্তানি হৈছিল।এই কেলিকল নামটোৰ পৰা পিছলৈ বন্দৰটোৱে কালিকট নাম পালে।