হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, মহাকাশৰ এই বিশাল শিলাখণ্ডটো প্ৰায় ১.৬ কিলোমিটাৰ বহল, অৰ্থাৎ আকাৰত ই পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাৰ (৮২৮ মিটাৰ) দুগুণ। এই গ্ৰহাণুৰ পৃথিৱীত প্ৰলয়ংকাৰী ক্ষতি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে।
আমেৰিকান মহাকাশ সংস্থাই গ্ৰহাণুবোৰক সম্ভাৱ্য বিপদজনক শ্ৰেণীত ৰাখে যদি সেইবোৰৰ আকাৰ ১৪০ মিটাৰতকৈ অধিক হয় আৰু সেইবোৰৰ কক্ষপথ সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথৰ ৪.৬ নিযুত মাইলৰ ওচৰত থাকে।
নাছাই বহু দশক ধৰি গ্ৰহাণু ১৯৯৪ পিচি ১-ৰ ওপৰত চকু ৰাখিছে আৰু ই এক নিয়ৰ-আৰ্থ অবজেক্ট কিয়নো ই ১.৩ জ্যোতিৰ্বৈজ্ঞানিক এককৰ (এইউ) ওচৰত, এটা এ.ইউ. ৯৩ নিযুত মাইলৰ সমান।
অৱশ্যে, গ্ৰহাণু ১৯৯৪ পিচি ১ ৰ পৰা পৃথিৱীলৈ নিকটতম প্ৰৱেশ আজি আবেলি ৪.৫১ বজাত (১৯ জানুৱাৰীত ভাৰতীয় সময় মতে ৩.২১ বজাত) ঘটিব। আৰ্থস্কাইৰ মতে অন্ততঃ পৰৱৰ্তী ২০০ বছৰৰ বাবে এই বিশাল মহাকাশ শিলাখণ্ডটো পৃথিৱীৰ আটাইতকৈ নিকটতম হোৱাৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ।
শেহতীয়াকৈ, আমেৰিকান মহাকাশ সংস্থাটোৱে এটা বিশাল মহাকাশ শিলাখণ্ডটোক পৃথিৱীৰ জীৱন ধ্বংস কৰাৰ পৰা প্ৰতিহত কৰিবলৈ পৰীক্ষামূলক ভাৱে এখন মহাকাশযানক ইচ্ছাকৃতভাৱে গ্ৰহাণুত খুন্দা মাৰিবলৈ এটা অভিযান আৰম্ভ কৰিছিল।২০২২ চনত মহাকাশযানখনে গ্ৰহাণুটোত আঘাত কৰিব বুলি আশা কৰা হৈছে।