সৌৰ ধুমুহাই আকৌ সূৰ্য্যৰ বুকুত খুন্দা মাৰিব। কিন্তু এইবাৰ এটা নহয়, দুটা সৌৰ ধুমুহাই আঘাত কৰিব বুলি সকীয়াই দিছে বিজ্ঞানীয়ে ৷
নাছাৰ বিজ্ঞানীসকলৰ মতে সৌৰ ধুমুহা হৈছে সূৰ্য্যৰ কেন্দ্ৰৰ পৰা প্লাজমা আৰু চুম্বকীয় তৰংগৰ বৃহৎ বিস্ফোৰণ। ফলত কোটি কোটি সৌৰ কণা ইফালে সিফালে সিঁচৰতি হ’ব পাৰে। সৌৰজগতত ইয়াৰ প্ৰভাৱ অনিবাৰ্য। সৌৰজগতত যোৱা এপ্ৰিল মাহত সৌৰ ধুমুহাৰ সাক্ষী হৈছিল। ইয়াৰ প্ৰভাৱ পৰিছিল পৃথিৱীত। বতৰ বিজ্ঞানীসকলে কয় যে দ্বিতীয়টো সৌৰ ধুমুহা প্ৰথমটোতকৈ দ্ৰুত আৰু শক্তিশালী হ’ব পাৰে।
নাছাৰ বিজ্ঞানীসকলৰ মতে সৌৰ ধুমুহাৰ ফলত পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত ফাট মেলিব পাৰে। জিপিএছ, বেতাঁৰ যোগাযোগ ইয়াৰ প্ৰভাৱৰ বাবে সাময়িকভাৱে হেৰাই যাব পাৰে। আনকি, সৌৰ ধুমুহাই ইণ্টাৰনেট সংযোগ আৰু মোবাইল নেটৱৰ্কত প্ৰভাৱ পেলাব পাৰে। কোনো কোনো ঠাইত বিদ্যুৎ বিচ্ছিন্ন হ’ব পাৰে ৷