ভাৰতীয় মূলৰ উপগ্ৰহ বিশেষজ্ঞ আৰতি হোলা-মাইনীক ৰাষ্ট্ৰসংঘৰ বহিঃ মহাকাশ পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিছে সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে।
অষ্ট্ৰিয়াৰ ভিয়েনাত আছে ৰাষ্ট্ৰসংঘৰ বহিঃ মহাকাশ পৰিক্ৰমা কাৰ্যালয়ৰ (UNOOSA) কাৰ্যালয়। মহাকাশ অন্বেষণৰ উদ্দেশ্যে মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ সুবিধা প্ৰদান কৰা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত পাৰস্পৰিক সহযোগিতাৰ ভিত্তিত সুস্থিৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ সুবিধা প্ৰদান কৰা এই সংস্থাৰ মূল উদ্দেশ্য। এই পদত বর্তমান ইটালীৰ ছিমোনেটা ডি পিপ্পোৱে কার্যনিবাহ কৰি আছে ৷ ২৫ বছৰৰ অভিজ্ঞতাৰে এইবাৰ তেওঁৰ উত্তৰাধিকাৰী হিচাপে সংগঠনটোৰ নেতৃত্ব ল’ব ব্ৰিটিছ নাগৰিক আৰতীয়ে।
লণ্ডনৰ কিংছ কলেজৰ পৰা আইন বিষয়ত স্নাতক অধ্যয়নৰ পিছত এইচ ই চি পেৰিছৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে আৰতি। আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিশ্ববিদ্যালয়তো তেওঁ অধ্যয়ন কৰিছিল। ইংৰাজীৰ বাহিৰেও তেওঁ ফৰাচী, জাৰ্মান আৰু পাঞ্জাবী ভাষা জানে । কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰি দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ২০১৫ চনত সৃষ্টি হোৱা যোগাযোগ চনদৰ অন্যতম মূল স্থপতি আছিল আৰতি। ৱৰ্ল্ড ইকনমিক ফ’ৰামৰ গ্ল’বেল ফিউচাৰ কাউন্সিল অন স্পেচৰ সদস্যও আছিল তেওঁ । শেহতীয়াকৈ তেওঁ নৰ্থষ্টাৰ আৰ্থ এণ্ড স্পেচ কৰ্পৰেশ্যনৰ কাৰ্যবাহী উপ-সভাপতি আছিল।