এতিয়া ৱেব ডিজাইনিঙৰ ক্ষেত্ৰতো মানুহক সহায় কৰিব এ.আয়ে। আই.অ’এছ (iOS) মোবাইল এপ অৰ্থাৎ ইউনিভাৰ্ছ ৱেবছাইট বিল্ডাৰে (Universe-Website Builder) মুকলি কৰিছে এ.আই. চালিত এই ৱেবছাইট ডিজাইনাৰ। ইয়াৰ নাম ৰখা হৈছে জি.ইউ.এছ. (Generative Universe Sites)।
বৰ্তমান ই বিটা সংস্কৰণত উপলব্ধ। জি.ইউ.এছ.ৰ সহায়ত যিকোনো ব্যক্তিয়ে নিজৰ আই.অ’এছ ডিভাইচত এটা কাষ্টম ৱেবছাইট আৰম্ভ কৰিব পাৰে।
আই.অ’এছ ডিভাইচত ইউনিভাৰ্ছ এপ ব্যৱহাৰ কৰা যিকোনো ব্যক্তিৰ বাবেই উপলব্ধ জি.ইউ.এছ. বিটা । আনহাতে ইউনিভাৰ্ছে ইয়াক অতি সোনকালে ৱেব সংস্কৰণলৈ অনাৰ পৰিকল্পনা কৰিছে যাতে আইফোন নথকা যিকোনো ব্যক্তিয়ে জি.ইউ.এছ. ব্যৱহাৰ কৰি ৱেব ডিজাইন কৰিব পাৰে।
সেয়েহে এতিয়াৰ পৰা যিকোনো ব্যক্তিয়েই সহজেই কৰিব পাৰিব ৱেব ডিজাইনিং ৷
ইউনিভাৰ্ছৰ চিইঅ’ জোচেফ কোহেনে কয় যে যেতিয়া কোম্পানীটোৱে ইয়াক বিকশিত কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত তেওঁলোকৰ উদ্দেশ্য আছিল যিকোনো ব্যক্তিক ইণ্টাৰনেট সৃষ্টিৰ বাবে শক্তিশালী কৰা। লগতে তেওঁ এইটোও কৈছে যে টেটু আৰ্টিষ্টৰ পৰা আৰম্ভ কৰি সাধাৰণ ঠিকাদাৰ আৰু ছাত্ৰ-ছাত্ৰীলৈকে যিকোনো ব্যক্তিয়ে এই সঁজুলিৰ সহায়ত নিজৰ ৱেব চাইট ডিজাইন কৰিব পাৰে।
কেনেকৈ কৰিব ৱেব ডিজাইন?
জি.ইউ৷এছ. আৰম্ভ কৰাৰ পিছত আপুনি ইউনিভাৰ্ছ.গ্ৰীড.এডিটৰ (Universe Grid Editor)ত প্ৰৱেশ কৰিব আৰু ৱেবচাইট নিৰ্মাণ কৰিবলৈ আপুনি জি.ইউ.এছ.ৰ সৈতে বাৰ্তালাপ কৰিব পাৰিব। জি.ইউ.এছে আপোনাক প্ৰথমতে সুধিব যে আজি আপুনি কি ধৰণৰ ৱেবচাইট নিৰ্মাণ কৰিব বিচাৰে।
কেনেধৰণৰ ৱেবচাইট বনাব বিচাৰে সেইটো কোৱাৰ পিছত জি.ইউ.এছে আপোনাৰ বাবে এক নমুনা তৈয়াৰ কৰিব।যি বিন্যাস হ’ব সম্পূৰ্ণৰূপে সম্পাদনাযোগ্য। য’ত আপুনি ক’ড স্পৰ্শ নকৰাকৈ আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ নিজেই সলনি কৰিব পাৰিব। যদি আপুনি জি.ইউ.এছৰ দ্বাৰা নিৰ্বাচিত ফটোখন সলনি কৰিব বিচাৰে তেন্তে আপুনি সেয়াও কৰিব পাৰে।
অৱশেষত যেতিয়া আপুনি অনুভৱ কৰিব যে ৱেবচাইটটো আপোনাৰ মতে সঠিক হৈছে তেতিয়াই আপুনি প্ৰকাশ কৰিব পাৰিব আপোনাৰ নিজৰ ৱেবছাইট।
ইউনিভাৰ্ছৰ এই নতুন সঁজুলিটো চলিত মাহৰ আৰম্ভণিতে মুকলি কৰা উইক্সৰ সঁজুলিৰ সৈতে একে যাৰ নাম এ.আই.চাইটজেনেৰেটৰ (AI Site Generator)। এই সঁজুলিৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে এটা হোমপেজ, ভিতৰৰ পৃষ্ঠা, লিখনী আৰু ছবিৰ লগতে ব্যৱসায়িক নিৰ্দিষ্ট অনুষ্ঠান, বুকিং আদিৰ বাবেও সৃষ্টি কৰিব পাৰিব এটা নতুন ৱেবছাইট ।