আগশাৰীৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ বহু প্ৰত্যাশিত মহাকাশ অভিযানলৈ মাজত মাথো কেইটামান দিন বাকী ৷ নাছাৰ আৰ্টেমিছ -১ মিছনে মহাকাশচাৰীৰ কেইবাটাও গোটক চন্দ্ৰলৈ লৈ যাব ৷ অহা ২৯ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰ্টেমিছ-১ চন্দ্ৰ অভিযান ৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে পৰিকল্পিতভাৱে ধাৰাবাহিকভাৱে প্ৰথমবাৰৰ বাবে মহাকাশযান উৎক্ষেপণ কৰিব। নাছাই নির্মাণ কৰা আটাইতকৈ শক্তিশালী ৰকেট হিচাপে পৰিগণিত এই অভিযানৰ ‘স্পেচ লঞ্চ চিষ্টেম’টোৱে মহাকাশৰ ধাৰাবাহিক গৱেষণা পৰীক্ষাৰ বাবে চন্দ্ৰলৈ মহাকাশযান উৎক্ষেপণ কৰিবলৈ সাজু হৈছে। নাছাই কৰা আৰ্টেমিছ -১ মহাকাশ অভিযানৰ মূল উদ্দেশ্য হৈছে আকৌ এবাৰ চন্দ্ৰলৈ মানৱ প্ৰেৰণ কৰি দীৰ্ঘম্যাদী আৰু বহনক্ষম পৰীক্ষা সম্পন্ন কৰা ৷
আৰ্টেমিছ -১ মিছনত থাকিব দুখন মহাকাশযান ক্ৰমে এছ এল এছ আৰু অৰিয়ান। এছ এল এছে মহাকাশচাৰীসকলক চন্দ্ৰলৈ লৈ যাব ৷ আনহাতে অৰিয়ানে মহাকাশ কেন্দ্ৰত নোৰোৱাকৈয়ে দীঘলীয়া সময়ৰ বাবে মহাকাশত পৰিভ্ৰমণ কৰি মহাকাশচাৰীসকলক পৃথিৱী পৃষ্ঠলৈ ওভতি আহিব ৷
অহা ২৯ আগষ্টত নাছাই ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯বিৰ পৰা আৰ্টেমিছ -১ চন্দ্ৰ মিছন উৎক্ষেপণ কৰিবলৈ সাজু হৈছে। আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি পুৱা ৮:৩৩ বজাত উৎক্ষেপণৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৷ অৰ্থাৎ ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত উৎক্ষেপণ হ’ব।
২৯ আগষ্টত নাছাই কেইবাটাও প্লেটফৰ্মত আৰ্টেমিছ -১ চন্দ্ৰ অভিযানৰ লাইভ প্ৰচাৰ কৰিব।যিসকলে এই উৎক্ষেপণ চাব বিচাৰে তেওঁলোকে মহাকাশ সংস্থাটোৰ অফিচিয়েল ইউটিউব, টুইটাৰ, ফেচবুক, আৰু অন্যান্য ছ’চিয়েল মিডিয়া পেজত প্ৰত্যক্ষ উৎক্ষেপনৰ দৃশ্য উপভোগ কৰিব পাৰিব ৷ হলিউডৰ ক্ৰীছ ইভান্স, কেকে পামৰ, জেক ব্লেক আদিৰ দৰে চেলিব্ৰিটি অতিথিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।