গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য্য হিচাপে নিযুক্তি দিয়া হ’ল অধ্যাপক শিৱাজী চৌধুৰীক ৷ অৱশেষত আজি বিশ্ববিদ্যালয়খনে পূৰ্ণাংগ ৰূপত এগৰাকী উপাচাৰ্য্য লাভ কৰিবলৈ সক্ষম হ’ল ৷
আজি ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ উপস্থিতিত বিশ্বাবিদ্যালয়খনৰ উপাচাৰ্য্য ৰূপে শপত গ্ৰহণ কৰে অধ্যাপক শিৱাজী চৌধুৰীয়ে ৷
উল্লেখযোগ্য যে আই আই টি বোম্বাইৰ পৰা শিক্ষাগ্ৰহণ কৰা অধ্যাপক চৌধুৰী আই আই টি ইন্দোৰৰ প্ৰাক্তন অধ্যাপক ৷ লগতে উত্তৰাখণ্ড কাৰিকৰী বিশ্ববিদ্যালয়তো উপাচাৰ্য্য হিচাপে কৰ্মৰত আছিল তেওঁ ৷
অৱশেষত আজি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে শপত গ্ৰহণ কৰিলে অধ্যাপক গৰাকীয়ে ৷ শপত গ্ৰহণ অনুষ্মানটিত উপস্থিত আছিল অসমৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ লগতে শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননিগোপাল মহন্তকে আদি কৰি ৰাজ্যখনৰ কেইবাগৰাকীও গুণী-জ্ঞানী ব্যক্তি ৷