দেওবাৰে (১৬ মে’) ৰ নিশা সংঘটিত হোৱা সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত চন্দ্ৰ এক ভয়ংকৰ তেজ-ৰঙা ৰঙলৈ ৰূপান্তৰিত হৈছিল আৰু চাৰিখন মহাদেশৰ লাখ লাখ লোক এই মহাকাশীয় পৰিঘটনাৰ সাক্ষী হৈছিল ৷
সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ সময়ত সূৰ্য, পৃথিৱী আৰু চন্দ্ৰই মহাকাশত এক সৰল ৰেখা গঠন কৰে আৰু চন্দ্ৰপৃথিৱীৰ ছাঁৰ আন্ধাৰ অংশৰ মাজেৰে পাৰ হয়, যাৰ ফলত চন্দ্ৰই নিশাৰ আকাশত এক গাঢ় ৰঙা ৰঙেৰে দেখা দিয়ে।
১৬ মে’ত নিশা ৯:৪১ বজাত (ভাৰতীয় সময়মতে) ‘ব্লাড মুন’ অৰ্থাৎ তেজৰঙা চন্দ্ৰ শীৰ্ষত উপনীত হৈছিল আৰু এই পৰিঘটনা পুৱা ১১:২৫ বজাত সমাপ্ত হৈছিল (ভাৰতীয় সময়মতে)৷ যিসকলে এই পৰিঘটনা চাবলৈ পোৱা নাছিল , মেঘাচ্ছন্ন বতৰৰ বাবে এই দৃশ্য উপভোগ কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল নাইবা ব্যক্তিগতভাৱে অনুষ্ঠানটো চাব পৰা নাছিল তেওঁলোকৰ বাবে চন্দ্ৰ গ্ৰহণৰ কেইবাটাও আশ্চৰ্যকৰ ভিডিঅ’ সামাজিক মাধ্যমত আপল’ড কৰা হৈছিল ৷
১৫-১৬ মে’ৰ চন্দ্ৰগ্ৰহণ, ৩০ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ দৰে, ভাৰতত দৃশ্যমান হোৱা নাছিল। অৱশ্যে দেশখনে বছৰটোত দুটা গ্ৰহণ চাবলৈ সক্ষম হ’ব ৷ এটা ২৫ অক্টোবৰত হ’ব লগীয়া আংশিক সূৰ্যগ্ৰহণ আৰু এই বছৰৰ ৭-৮ নৱেম্বৰত হ’বলগীয়া পৰৱৰ্তী চন্দ্ৰগ্ৰহণ ৷
এই বছৰৰ ৭-৮ নৱেম্বৰত হ’বলগীয়া পৰৱৰ্তী চন্দ্ৰগ্ৰহণ উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ-পূব এছিয়া সকলোতে দৃশ্যমান হ’ব। ৮৪ মিনিট এই গ্ৰহণ ৪৩০ বছৰত আটাইতকৈ স্থিৰ গ্ৰহণ হিচাপে পৰিগণিত হ’ব।