এইবাৰ সমগ্ৰ বিশ্ববাসীকে আশ্চৰ্য্যচকিত কৰি ইংলেণ্ডৰ বৈজ্ঞানিক সকলে আৱিষ্কাৰ কৰিলে কৃত্ৰিম সূৰ্য্য ৷ প্ৰকৃত সূৰ্য্যতকৈও দহগুণ অধিক শক্তিশালী এই কৃত্ৰিম সূৰ্য্যৰ পৰা পৃথিৱী বাসী যথেষ্ট উপকৃত হ’ব বুলি দাবী কৰিছে বৃটিছ বৈজ্ঞানিক সকলে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে এই কৃত্ৰিম সূৰ্য্যৰ পৰা পৃথিৱী বাসীয়ে সহজতেই বিশুদ্ধ তাপ, পোহৰ ও শক্তি পাবলৈ সক্ষম হ’ব ৷ বৈজ্ঞানিক সকলে এনে এক ৰিয়েক্টৰ তৈয়াৰ কৰাত সফল হৈছে যি প্ৰকৃত সূৰ্য্যৰ দৰেই নিউক্লিয়ৰ ফিউজন কৰে যাৰ ফলত প্ৰচুৰ শক্তি উৎপন্ন হয় ৷ প্ৰকৃততে নিউক্লিয়ৰ ফিউজন এনে এক প্ৰক্ৰিয়া যাৰ প্ৰয়োগৰ ফলত সূৰ্য্যৰ দৰেই তাপ লাভ কৰিব পৰা যায় ৷ জেট ফিউজন ৰিয়েক্টৰে নিজৰ ইন্ধন প্ৰায় ১৫০কোটি ডিগ্ৰীলৈকে উষ্ণতৰ কৰিব পাৰে যি সূৰ্য্যতকৈও দহগুণ অধিক উষ্ণ ৷ ইয়াক প্ৰায় ২.৫মিটাৰ ডাঠ কংক্ৰিটেৰে ঢাকি থোৱা হৈছে ৷
বৈজ্ঞানিক সকলৰ মতে কোনো বাধাৰ সৃষ্টি নোহোৱাকৈ থাকিলে নিশ্চয় ভৱিষ্যতে সমগ্ৰ মানৱজাতি ইয়াৰ দ্বাৰা যথেষ্ট লাভান্বিত হ’ব ৷ বিশুদ্ধ সৌৰশক্তি ,প্ৰচুৰ পৰিমাণৰ পোহৰ পোৱাৰ ওপৰিও জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পৃথিৱী বাসীয়ে ৷
বৃটিছ বৈজ্ঞানীক সকলৰ এই সফলতা বহু বছৰৰ পৰীক্ষা-নিৰীক্ষাৰ ফল ৷ বৃটেইনৰ বিজ্ঞান মন্ত্ৰী জৰ্জ ফ্ৰীমেনে বৃটিছ বৈজ্ঞানীক সকলৰ এইআৱিষ্কাৰৰ ভূয়সী প্ৰশংসা কৰিছে ৷