গন্তব্যস্থান চন্দ্ৰৰ ফালে গতি কৰি চূড়ান্ত কক্ষপথত উপনীত হৈছে চন্দ্ৰযান-৩। বুধবাৰে পুৱা ৮:৩০ বজাত চন্দ্ৰযানখন চন্দ্ৰৰ পঞ্চম আৰু অন্তিম কক্ষপথত প্ৰৱেশ কৰে। ইছৰোৰ মতে, বৃহস্পতিবাৰে লেণ্ডাৰ বিক্ৰম চন্দ্ৰযানৰ মূল শৰীৰৰ পৰা পৃথক হোৱাৰ কথা। অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব চন্দ্ৰযানৰ চন্দ্ৰত অৱতৰণ প্ৰক্ৰিয়া।
বুধবাৰে ইছৰোৰ এক টুইটত প্ৰকাশ কৰা অনুসৰি চন্দ্ৰযান-৩ অতি কম সময়ৰ ভিতৰতে ১৫৩ কিলোমিটাৰ X ১৬৩ কিলোমিটাৰ কক্ষপথত প্ৰৱেশ কৰে। ১৪ জুলাইৰ দুপৰীয়া ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। চন্দ্ৰযান-৩ উৎক্ষেপণৰ ২২ দিনৰ পিছত চন্দ্ৰ কক্ষপথত উপনীত হয়। ইয়াৰ আগতে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ টানত মহাকাশযানখন পৃথিৱীৰ কক্ষপথত ঘূৰি আছিল। ইয়াৰ কক্ষপথতো পাঁচবাৰ সলনি হৈছে।
ইছৰোৰ চন্দ্ৰলৈ মানৱবিহীন মহাকাশযান প্ৰেৰণৰ এয়া তৃতীয়টো অভিযান । ইয়াৰ পূৰ্বে দুবাৰকৈ ইছৰোৰ অভিযান বিফল হৈছে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে ২৩ আগষ্টৰ সন্ধিয়া ৫:৪৭ বজাত ৰভাৰ প্ৰজ্ঞানক লৈ ‘ছফ্ট লেণ্ডিং’ (ছফ্ট লেণ্ডিং) কৰাৰ কথা। চাৰি বছৰ পূৰ্বে সেই পৰ্যায়ত ইছৰোৰ ‘চন্দ্ৰযান-২’ বিফল হৈছিল। যদি এই অভিযান সফল হয় তেন্তে ভাৰতৰ মহাকাশ গৱেষণাই নিঃসন্দেহে নতুন উচ্চতা লাভ কৰিব। আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত। লগতে প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দিব এখন দেশ। সেই অংশটো এতিয়াও আৱিষ্কাৰ হোৱা নাই।