সঠিক দিশত অব্যাহত আছে চন্দ্ৰযান ৩ ৰ গতি ৷ মঙলবাৰে দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ইছৰোৰ চন্দ্ৰযান-৩ বিমানে কক্ষপথ সলনি কৰিব বুলি পূর্বে প্ৰকাশ কৰা হৈছিল । সেই অনুসৰি চন্দ্ৰযান-৩ তৃতীয় কক্ষপথত প্ৰৱেশ কৰে। মঙলবাৰে ইছৰোৱে এই খবৰটো ৰাজহুৱা কৰে ৷ লগতে ২০ জুলাইত ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত চন্দ্ৰযান-৩ পুনৰ কক্ষপথ সলনি কৰিব বুলিও জানিবলৈ দিয়ে।
সোমবাৰেও ইছৰ’ই কক্ষপথ পৰিৱৰ্তন প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰিলে। এই চন্দ্ৰযান মহাকাশত সুকলমে গতি কৰিছে। চন্দ্ৰযান-৩য়ে আৰু দুবাৰকৈ কক্ষপথ সলনি কৰি পৃথিৱীৰ মহাকৰ্ষণীয় টানৰ সীমাৰ বাহিৰলৈ চন্দ্ৰৰ ফালে গতি কৰিব। ইয়াৰ পিছত পৃথিৱীৰ পৰা প্ৰায় ৪ লাখ কিলোমিটাৰ দূৰত্বত থকা চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ যানখনৰ কোনো বাধা নাথাকিব।
শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰে। কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহু দূৰ বাকী আছে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যদি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰে আৰু তাৰ পিছত সফলতাৰে ৰভাৰ প্ৰজ্ঞান অৱতৰণ কৰে তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে এক নতুন মাত্ৰা লাভ কৰিব। ইছৰ’ৰ মতে, প্ৰায় ৪০ দিনৰ পাছত চন্দ্ৰযান-৩ৰ সৌৰ লেণ্ডাৰ বিক্ৰমে ২৩ বা ২৪ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰে। তাৰ পৰাই সৌৰ চালিত ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। ইয়াত চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতিৰ তথ্য সংগ্ৰহ কৰা হ’ব। লগতে প্ৰজ্ঞাই যাতায়ত কৰিব সেই অঞ্চলৰ চন্দ্ৰ ভূমিত অশোকস্তম্ভ আৰু ইছৰোৰ প্ৰতীক অংকন কৰা হ’ব।