পৰ্টুগালত এজন ব্যক্তিৰ ঘৰৰ পিছফালে উদ্ধাৰ হ’ল ডাইনোচৰৰ এক বৃহৎ কংকাল ৷ এতিয়ালৈকে উদ্ধাৰ হোৱা জীৱাশ্ম সমূহৰ ভিতৰতে ই সৰ্ববৃহৎ উদ্ধাৰ ৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ মতে ২০১৭চনত পৰ্তুগীজত এজন মানুহে নিজৰ ঘৰ সাজিবলৈ লোৱাৰ সময়তে ডাইনোচৰৰ কংকাল প্ৰতক্ষ কৰিছিল আৰু সেই সময়ত তেওঁ ডাইনোচৰৰ জীৱাশ্মযুক্ত কিছু হাড়ৰ টুকুৰা উদ্ধাৰ কৰিছিল ৷
পৰৱৰ্তী সময়ত স্পেনিছ আৰু পৰ্তুগীজ জীৱবিজ্ঞানী সকলে চলিত বছৰৰ আগষ্টত সেই ঠাইতেই খনন কাৰ্য আৰম্ভ কৰে আৰু সেই ঠাইতেই ডাইনোচৰৰ মেৰুদণ্ড আৰু কামিহাড়ৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উদ্ধাৰ কাৰ্যৰ পিছত বিজ্ঞানীসকলে এই কথা অনুমান কৰে যে এই বিশাল প্ৰাণীটোৰ উচ্চতা আছিল প্ৰায় ১২মিটাৰ(৩৯ফুট) আৰু দৈৰ্ঘ্য আছিল ২৫মিটাৰ (৮২ফুট) ৷
আনহাতে তেওঁলোকে বিশ্বাস কৰে যে উদ্ধাৰ হোৱা জীৱাশ্মযুক্ত কংকাল সমূহ হ’ল এটা চাৰোপেডৰ ৷ দীঘল ডিঙি আৰু নেজৰ লগতে চাৰিটা ভৰি থকা এই তৃণভোজী প্ৰাণিবিধ হ’ল ডাইনোচৰৰ সকলো প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰজাতি ৷ বিজ্ঞানীসকলৰ মতে চাৰোপেডবোৰ প্ৰায় ১৫০ নিযুত বছৰ পূৰ্বে এই পৃথিৱীত বাস কৰিছিল ৷
উল্লেখনীয় যে পৰ্তুগীজত উদ্ধাৰ হোৱা এই জীৱাশ্ম বিশেষকৈ চাৰোপেডৰ এই সংৰক্ষণ পদ্ধতি ডাইনোচৰৰ ৰেকৰ্ডত তুলনামূলকভাৱে অস্বাভাৱিক বুলি কয় লিছবন বিশ্ববিদ্যালয়ৰ গৱেষক তথা বিজ্ঞানী এলিচাবেট মালাফায়াই ৷ আনহাতে ইয়াৰ খননৰ ক্ষেত্ৰত কাম কৰা গৱেষক সকলো এই ক্ষেত্ৰত যথেষ্ট আশাবাদী যে তেওঁলোকে ভৱিষ্যতে ইয়াতকৈও অধিক অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব যিবোৰ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷