১) বজ্ৰপাতৰ সময়ত উৎপন্ন হোৱা মুঠ বৈদ্যুতিক শক্তিৰ পৰিমান ১০ ৰ পৰা ১০০ নিযুত ভ’ল্টলৈকে হোৱা দেখা যায়। এই বিদ্যুতেৰে একে সময়তে ৪ লাখ ঘৰ পোহৰাই তুলিব পাৰি।
২) নীলা তিমিয়ে ১৮৮ ডেচিবেল পৰ্যন্ত শব্দ সৃষ্টি কৰিব পাৰে। পৃথিৱীত বাস কৰা যি কোনো প্ৰাণীৰ চিঞৰৰ ভিতৰত এইয়া সৰ্বোচ্চ। এই চিঞৰ ৫০০ কিলোমিটাৰ আঁতৰৰ পৰা শুনা যায়।
৩) বিষাক্ত প্ৰাণী বৃশ্চিকৰ পিঠিত এটোপাল মদ পেলাই দিলে ই নিজকে ইয়াৰ বিষাক্ত হুলেৰে আক্ৰমণ কৰে।
৪) চীন দেশত এবিধ বিশেষ ধৰণৰ জনপ্ৰিয় খাদ্য হৈছে—চৰাইৰ বাহৰ ছুপ।চীনাসকলে দাবী কৰা অনুসৰি বাহত থকা চৰাইৰ লেলাউতিয়ে ছুপ বিধক সুস্বাদু কৰি তোলে ।
৫) জাৰ্মানীৰ সংবিধানত জীৱ-জন্তুৰ অধিকাৰৰ বিষয়ে সন্নিবিষ্ট বিশেষ অনুসূচী আছে।
৬) জিমী কাৰ্টাৰ আছিল চিকিৎসালয়ত জন্মগ্ৰহণ কৰা প্ৰথম জন মাৰ্কিন ৰাষ্ট্ৰপতি।
৭) বিশ্বত শাৰীৰিকভাবে অক্ষম লোকৰ ৮০ শতাংশই বাস কৰে এছিয়া আৰু প্ৰশান্ত মহাসাগৰৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত।