সৌৰ ধুমুহাই প্ৰভাৱ পেলাব পেলাব বিশ্বত ৷ বিজ্ঞানীসকলৰ মতে অহা দুবছৰত এই ধুমুহাৰ তীব্ৰতা বৃদ্ধি পাব। কাৰণ সৌৰচক্ৰৰ আটাইতকৈ কঠিন সময় সমাগত । ২০২৫ চনত সূৰ্য্যই ‘সৌৰ সৰ্বোচ্চ’ পৰ্যায়ত প্ৰৱেশ কৰিব। এই ১১ বছৰীয়া সৌৰচক্ৰৰ সময়ছোৱাত সূৰ্য্যৰ পৃষ্ঠভাগ আটাইতকৈ সক্ৰিয় হৈ পৰে। ২০২৪ চনৰ পৰা এই ধুমুহাৰ প্ৰাদুৰ্ভাৱ অনুভৱ কৰা হ’ব। ধুমুহাৰ ফলত সৌৰ পৰিয়ালৰ বাসিন্দা পৃথিৱীখনো ক্ষতিগ্ৰস্ত হ’ব বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। ডিজিটেল জগত আৰু ইয়াৰ আধুনিক যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিব পাৰে বুলি আশংকা কৰিছে বিজ্ঞানীসকলে !
ইণ্টাৰনেটৰ অবিহনে এই পৃথিৱীখন এতিয়া স্থবিৰ হৈ পৰিব। মহাকাশ বিশেষজ্ঞসকলে কয় যে সৌৰ ধুমুহাৰ সময়ত ইণ্টাৰনেট সেৱা সম্পূৰ্ণ অসাৰ হৈ পৰিব পাৰে। তাতোকৈ চিন্তনীয় কথাটো হ’ল আগতীয়া বিপদৰ বাবে কোনেও সাজু নহয়। ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে দুটা শব্দ – ‘ইণ্টাৰনেট এপ’কেলিপছ’। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই নেটিজেনসকলক ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ সকীয়াই দিছে। ২০২৫ চনত সৌৰ ধুমুহাৰ ফলত ইণ্টাৰনেট ব্যৱস্থাটো সঁচাকৈয়ে ধ্বংস হ’ব নে নহয় সেই সন্দৰ্ভত তেওঁলোকে কোনো মন্তব্য কৰা নাই। বৰঞ্চ সংগঠনটোৱে ‘উৰাবাতৰি’ ৰোধ কৰাত গুৰুত্ব আৰোপ কৰিছে।
সমগ্ৰ বিশ্ব এতিয়া নেট-নিৰ্ভৰশীল। সমগ্ৰ বিশ্বতে প্ৰতিদিনে কোটি কোটি টকাৰ লেনদেন চলি আছে। সাধাৰণ মানুহৰ প্ৰশ্ন, সঁচা নে সকলো ‘কাল্পনিক’? সঁচাকৈয়ে এটা শক্তিশালী সৌৰ ধুমুহা আহি আছে। ইয়াৰ প্ৰভাৱ ইণ্টাৰনেট ব্যৱস্থাতো পৰিব। আমেৰিকাৰ এখন দৈনিক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে ৷ উদাহৰণস্বৰূপে ১৮৫৯ চনৰ ‘কেৰিংটন ইভেণ্ট’। টেলিগ্ৰাফৰ তাঁৰত জুই লাগিছিল। বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত অপাৰেটৰৰ মৃত্যু ঘটিছিল। সৌৰ ধুমুহাই ক্যুবেকক দীৰ্ঘদিন ধৰি বিদ্যুৎ বিহীন কৰি ৰাখিছিল।
কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপিকা সংগীতা আব্দু জ্যোতিয়ে কয়, “শেহতীয়া সময়ত আমি কোনো ডাঙৰ সৌৰ ধুমুহা দেখা নাই। ফলত আন্তঃগাঁথনিৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব আমি সঠিকভাৱে নাজানো।” জ্যোতিৰ মতে, ধুমুহাৰ সময়ত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হ’ব পাৰে। বিশেষকৈ সাগৰৰ তলৰ কেবল। এই ‘দুৰ্যোগ’ কেইবামাহো চলি থাকিব পাৰে।