হয়তো পৃথিৱীৰ কোনো মানুহেই কেতিয়াও স্বচক্ষে ডায়ন’ছৰ দেখা পোৱা নাই ৷ কিন্তু বিজ্ঞানী সকলে ইয়াৰ অস্তিত্ব অনুধাৱন কৰিছে পৃথিৱীত উপলব্ধ হোৱা কিছুমান প্ৰমাণৰ জৰিয়তে ৷ শেহতীয়াকৈ ডায়ন’ছ’ৰৰ অস্তিত্বৰ এনে এক প্ৰমাণ পোৱা গ’ল আমেৰিকাৰ টেক্সাছৰ এখন উদ্যানত ৷ উদ্যানখনৰ মাজেৰে বৈ যোৱা এখন নদী শুকাই যোৱাৰ পিছতেই দেখা গ’ল এক অদ্ভূৎ দৃশ্য ৷
নদীখন শুকোৱাৰ পিছতেই দেখা পোৱা গ’ল দুই ভিন্ন প্ৰজাতিৰ ডায়ন’ছৰৰ খোজৰ চিহ্ণ৷ যি বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ টেক্সাছৰ ‘ডায়ন’ছৰ ৱেলী ষ্টেট পাৰ্ক’ৰ মাজেৰে বৈ যোৱা নদীখনত উদ্ধাৰ কৰা হৈছে বিশাল দুই প্ৰজাতিৰ ডায়ন’ছৰৰ পদচিহ্ন ৷ অৱশ্যে নদীত পানী থকাৰ বাবেই এটা সময়ত ডায়ন’ছৰ অহাযোৱা কৰা বাটটোৰ কিছু অংশ পানীত ডুব গৈ আছিল আৰু নদীখন শুকোৱাৰ পিছত দেখা পোৱা গ’ল ডায়ন’ছৰৰ ভৰিৰ এই খোজৰ চিহ্ণ ৷জানিব পৰা মতে এই প্ৰজাতিৰ বিৰাটাকায় ডায়ন’ছৰ আজিৰ পৰা প্ৰায় ১১৩নিযুত বছৰ পূৰ্বে এই পৃথিৱীত বাস কৰিছিল ৷
ইতিমধ্যে এই ফট’সমূহ সামাজিক মাধ্যম প্লেটফৰ্মতো বহুল ভাৱে প্ৰচাৰিত হৈছে ৷ সামাজিক মাধ্যমত বৰ্ণনা কৰা অনুসৰি উদ্যানখনৰ মাজেৰে বৈ যোৱা নদীৰ পানীত ডুব গৈ থকা ইয়েই হৈছে পৃথিৱীৰ ভিতৰতে সকলোতকৈ দীঘল ডায়ন’ছৰ অহাযোৱা কৰা বাট৷ খৰাং বতৰৰ ফলত নদীখনৰ পানী কমি যোৱা আৰু কিছু কিছু ঠাইত একেবাৰে শুকাই যোৱাৰ ফলতে স্পষ্টকৈ দেখা পোৱা গ’ল এই পদচিহ্ণ সমূহ ৷
ইয়াৰে দুটা প্ৰজাতিৰ ভিতৰত এটা এক্ৰ’কেন্থ’চেৰছ নামৰ প্ৰজাতিটোৰ ভৰিৰ খোজ বুলি অনুমান কৰা হৈছে ৷ যাৰ সাধাৰণতে ওজন ৭টন আৰু দৈৰ্ঘ্য প্ৰায় ১৫ফুট ৷ আনহাতে আনটো চাৰ’পচিডান নামৰ প্ৰজাতিৰ যাৰ ওজন প্ৰায় ৪৪টন আৰু দৈৰ্ঘ্য ৬০ফুট ৷
অৱশ্যে নদীত পানী বঢ়াৰ লগে লগেই পুনৰ পানীৰ তলত ডুব যাব ডায়ন’ছৰৰ এই বিৰাটাকায় খোজৰ চিহ্ণ ৷ কিন্তু ১১৩ নিযুত বছৰ পুৰণি এই পদচিহ্ণক পৃথিৱীৰ বুকুত ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি ৰাখিব টেক্সাছৰ ‘ডায়ন’ছৰ ৱেলী ষ্টেট পাৰ্কে ৷