অসমবাসীৰ বাবে সঁচাকৈয়ে ই এক গৌৰৱৰ খবৰ ৷ কাৰণ সমগ্ৰ বিশ্বৰ ভিতৰতে শীৰ্ষস্থানত উজ্বলিছে অসমৰ মাজুলীৰ এগৰাকী সুযোগ্য সন্তানৰ নাম ৷ নাম তেওঁৰ ডঃ পূৰ্ণকান্ত বৰুৱা ৷ বৰ্তমান জাপানত কৰ্মৰত অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা বিজ্ঞানী গৰাকী আছিল নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৷দেৰগাঁৰ ডি. কে. ডি. (DKD) কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল তেওঁ ।আনহাতে যোৰহাট কৃষি গৱেষণা কেন্দ্ৰত অধ্যয়ন কৰি এনেদৰেই আগবাঢ়ি গৈছে এইগৰাকী যুৱ বিজ্ঞানী ডঃ পূৰ্ণকান্ত বৰুৱা যাৰ নাম এতিয়া বিশ্বৰ শীৰ্ষ বিজ্ঞানীসকলৰ তালিকাত।
জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ এটি বহুল ভাৱে সমাদ্ৰিত গোট ‘গ্ৰন্থ সুবাস’ৰ যোগেদি প্ৰকাশ পোৱা কিছু তথ্য অনুসৰি ডঃ পূৰ্ণকান্ত বৰুৱাৰ ঘৰ মাজুলীৰ দক্ষিণ পাৰৰ ধোদাং চাপৰিৰ অতিকৈ ভিতৰুৱা গাঁৱত ।এটি অতি সাধাৰণ পৰিয়ালৰ মেধাৱী ল’ৰা পূৰ্ণকান্ত বৰুৱাৰ দেউতাকে যোৰহাটলৈ গৈ শাক -পাচলি বেপাৰ কৰি সন্তানক শিক্ষাদান কৰাৰ প্ৰয়াস কৰিছিল ৷
কেৱল মাজুলী বাসীয়েই নহয় তেখেতৰ এই সাফল্যত গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়া ৷ কিয়নো এটা পিছপৰা অঞ্চলৰ পৰা গৈ মাক দেউতাকৰ লগতে দেশৰ নাম উজ্জল কৰিব পাৰিছে যুৱ বিজ্ঞানীগৰাকীয়ে ৷
গোটটোত প্ৰকাশ কৰা অনুসৰি যুৱ বিজ্ঞানী জনৰ সম্পৰ্কে এই লেখা প্ৰস্তুত কৰাৰ সময়ত ডঃ পূৰ্ণকান্ত বৰুৱাৰ জ্যেষ্ঠ ভগ্নী তথা গ্ৰন্থ সুবাসৰ অন্যতম গ্ৰন্থপ্ৰেমী মাধৱী বৰুৱাই সহযোগিতা আগবঢ়ালে যাৰ বাবে গোটটোৰ তৰফৰ পৰা তেওঁলোকক জ্ঞাপন কৰিলে আন্তৰিক কৃতজ্ঞতা ৷
এজন অসম সন্তানৰ এই সাফল্যই গৌৰৱান্বিত কৰিছে সকলোকে ৷ তেওঁলৈ voice 24×7ৰ তৰফৰ পৰাও যাচিলোঁ আন্তৰিক শুভকামনা ৷