আটাইতকৈ চুটি দিনৰ অভিলেখ ভংগ কৰি, পৃথিৱীয়ে ২৯ জুলাইত ইয়াৰ মানক ২৪ ঘণ্টাতকৈও ১.৫৯ মিলিছেকেণ্ড কম সময়ত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰে বুলি বিজ্ঞানী সকলে জানিবলৈ দিয়ে । যাৰ বাবে চলিত বৰ্ষৰ ২৯জুলাই তাৰিখটো আটাইতকৈ চুটি দিন হিচাপে পৰিগণিত হৈছে ৷
ইয়াৰ পূৰ্বে পৃথিৱীয়ে ১৯ জুলাই, ২০২০ তাৰিখে ইয়াৰ আটাইতকৈ চুটি দিনটোৰ অভিলেখ সৃষ্টি কৰিছিল, যেতিয়া ই মানক ২৪ ঘণ্টাকৈ ১.৪৭ মিলিছেকেণ্ড কম সময়ত ইয়াৰ ঘূৰ্ণন সম্পূৰ্ণ কৰিছিল।পৃথিৱীয়ে ২০২১ চনতো বৰ্ধিত গতিত ঘূৰি আছিল যদিও ২০২১ বৰ্ষত অৱশ্যে ই কোনো অভিলেখ ভংগ কৰা নাছিল।
উল্লেখযোগ্য যে পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতি গৱেষকসকলৰ বাবে এক অস্বাভাৱিক আৱিষ্কাৰ কিয়নো ইতিহাস অনুসৰি আমাৰ গ্ৰহটোৰ ঘূৰ্ণনৰ গতি সাধাৰণতে হ্ৰাস পাই আহিছে ।কিন্তু এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যোৱা ৫০ বছৰত, আমি বিশ্বব্যাপী পাৰমাণৱিক ঘড়ীবোৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে ২৭ লিপ ছেকেণ্ড যোগ কৰিছোঁ।
অৱশ্যে গৱেষকসকলে এতিয়াও পৃথিৱীৰ ঘূৰ্ণনৰ বৰ্ধিত গতিৰ কাৰণ নাজানে কিন্তু তেওঁলোকে অনুমান কৰে যে কেন্দ্ৰৰ ভিতৰৰ বা বাহিৰৰ স্তৰৰ প্ৰক্ৰিয়া, মহাসাগৰ, জোৱাৰ, বা আনকি জলবায়ুৰ পৰিৱৰ্তনো ইয়াৰ এক কাৰণ হ’ব পাৰে।আনহাতে কিছুমানে এইটোও বিশ্বাস কৰে যে পৃথিৱীৰ ভৌগোলিক মেৰুবোৰৰ পৃষ্ঠত চলাচল, বা “চ্যাণ্ডলাৰ ৱবল” ও ইয়াৰ কাৰণ হ’ব পাৰে।
বিজ্ঞানী সকলৰ মতে যদি পৃথিৱীৰ ঘূৰ্ণন গতি এনেদৰে বৃদ্ধি পাই থাকে তেন্তে সূৰ্যক প্ৰদক্ষিণ কৰা গ্ৰহটোৰ গতিবেগৰ হাৰৰ পাৰমাণৱিক ঘড়ীৰ জোখৰ সৈতে সামঞ্জস্য ৰাখিবলৈ ঋণাত্মক লিপ ছেকেণ্ড প্ৰৱৰ্তন কৰিব লাগিব। অৱশ্যে, এই নেতিবাচক লিপ ছেকেণ্ডৰ প্ৰৱৰ্তনে স্মাৰ্টফোন, কম্পিউটাৰ আৰু যোগাযোগ প্ৰণালীক বিভ্ৰান্ত কৰিব পাৰে আৰু ভালতকৈ বেছি ক্ষতি কৰিব পাৰে বুলিও এক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে ৷