পুনৰ পৃথিৱীৰ কাষ চাপি আহিছে পাঁচটা গ্ৰহাণু ৷ একেলগে এই গ্ৰহাণুকেইটা পৃথিৱীৰ অতি ওচৰলৈ আহিব। বিশেষকৈ সেই গ্ৰহাণুবোৰৰ এটাক লৈ নাছাই সকীয়াই দিছে।
নাছাৰ তথ্য অনুসৰি পৃথিৱীৰ কাষ চাপি অহা পাঁচটা গ্ৰহাণুৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহাণুৰ আয়তন প্ৰায় ১৫০ ফুট। যদি এই গ্ৰহাণুটো পৃথিৱীৰ অতি ওচৰলৈ আহে তেন্তে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাহিৰে বাকী গ্ৰহাণুবোৰৰ আকাৰ সৰু।
গ্ৰহাণুকেইটাৰ নাম দিছে নাছাই । প্ৰথম গ্ৰহাণুটোৰ উচ্চতা ৪৫ ফুট। সোমবাৰে পৃথিৱীৰ ওচৰেৰে ই পাৰ হৈ যায় । এই গ্ৰহাণুটোৰ নাম দিয়া হৈছে ২০২৩ এফইউ ৬। ইয়াৰ পিছত ৮২ ফুট উচ্চতাৰ এটা গ্ৰহাণু পৃথিৱীৰ কাষেৰে সোমবাৰেও পৃথিৱীৰ কাষেৰে পাৰ হৈ যায় ৷ দ্বিতীয়টো গ্ৰহাণুৰ নাম ৰখা হৈছে ২০২৩ এফএছ১১ ৷
তৃতীয়টো গ্ৰহাণু ২০২৩ এফএ ৭ৰ আয়তন ৯২ ফুট। মঙলবাৰে পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিব এই গ্ৰহাণুটোৱে। বুধবাৰে পৃথিৱীৰ ওচৰ চাপিব চতুৰ্থটো গ্ৰহাণু। এই গ্ৰহাণুটোৰ আকাৰ প্ৰায় এটা এটা ঘৰৰ সমান ৷ ইয়াৰ আয়তন প্ৰায় ৬৫ ফুট।
নাছাই পঞ্চম আৰু অন্তিম গ্ৰহাণুৰ অনুসন্ধান চলায় আহিছে ৷ ইয়াৰ নাম ৰখা হৈছে ২০২৩ এফজেদ৩। ই গ্ৰহাণুৰ ভিতৰত আটাইতকৈ ডাঙৰ। ইয়াৰ আকাৰ প্ৰায় ১৫০ ফুট। ৬ এপ্ৰিল বৃহস্পতিবাৰে পৃথিৱীৰ আটাইতকৈ ওচৰলৈ আহিব এই গ্ৰহাণুটো। নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে এই বিশাল গ্ৰহাণুটো ঘণ্টাত ৬৭,৬৫৬ কিলোমিটাৰ বেগত পৃথিৱীৰ ফালে আহি আছে। ৬ তাৰিখে এই গ্ৰহাণুৰ পৃথিৱীৰ সৈতে আটাইতকৈ কম দূৰত্ব ৪১ লাখ ৯০ হাজাৰ কিলোমিটাৰ হোৱাৰ কথা। স্থানৰ ক্ষেত্ৰত এই দূৰত্ব অতি কম।
কিন্তু নাছাৰ বিজ্ঞানীসকলে আশ্বাস দিছে যে এই ১৫০ ফুট উচ্চতাৰ এই গ্ৰহাণুটোৱে পৃথিৱীৰ কোনো ধৰণৰ ক্ষতিৰ সম্ভাৱনীয়তা এতিয়াৰ বাবে নাই। গ্ৰহাণুটোৰ গতিবিধি নিৰীক্ষণ কৰা হৈছে।