VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেনেকৈ এই আকৰ্ষণীয় মৌ-চাক তৈয়াৰ কৰিবলৈ সক্ষম হয় এই বিশেষ প্ৰজাতিৰ মৌ-মাখি?

টেট্ৰাগ’নুলা নামৰ এটি বিশেষ প্ৰজাতিৰ মৌ-মাখিয়ে নিৰ্মাণ কৰিব পাৰে ২০টা স্তৰৰ মৌ-চাক

voicedesk by voicedesk
January 23, 2023
in বিজ্ঞান
কেনেকৈ এই আকৰ্ষণীয়  মৌ-চাক তৈয়াৰ কৰিবলৈ সক্ষম হয় এই বিশেষ প্ৰজাতিৰ মৌ-মাখি?
0
SHARES
131
VIEWS
Share on FacebookShare on Twitter

বিশ্ব-ব্ৰহ্মাণ্ডত থকা কোটি কোটি প্ৰাণীয়ে ভিন ভিন ধৰণে নিজৰ থকা স্থান নিৰ্মাণ কৰে ৷ মৌ-মাখি বিলাকেও গছত নাইবা আন স্থানত মৌ-চাক তৈয়াৰ কৰা আমি সাধাৰণতে দেখা পাওঁ ৷ কিন্তু এক বিশেষ প্ৰজাতিৰ মৌ-মাখিয়ে  বিশেষ ধৰণে তৈয়াৰ কৰা বাহৰ বিষয়ে আমি বহুতেই হয়তো অৱগত নহয় ৷

কেম্ব্ৰিজ বিশ্ববিদ্যালয়, ইউনিভাৰ্চিটি ডি গ্ৰেনাডা আৰু ইউনিভাৰ্চিটি অৱ ভেটেৰিনেৰী মেডিচিন ভিয়েনাৰ গৱেষকৰ এটা দলে আৱিষ্কাৰ কৰিছে যে কেনেকৈ সৰ্পিল আকৃতিত ওখ বাহ সাজিবলৈ সক্ষম হয় কিছুমান বিশেষ ধৰণৰ দংশনহীন মৌমাখি । জাৰ্নেল অৱ দ্য ৰয়েল ছ’চাইটি ইন্টাৰফেচত প্ৰকাশিত তেওঁলোকৰ গৱেষণা পত্ৰখনত গোটটোৱে এই মৌমাখিয়ে কেনেকৈ সিঁহতৰ বাহ  সৃষ্টি কৰিব পাৰে সেই বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰিছে।

২০১৮ চনত অষ্ট্ৰেলিয়াৰ স্থানীয় টেট্ৰাগ’নুলা কাৰ্বনেৰিয়া নামৰ এই দংশনহীন মৌমাখিয়ে সৃষ্টি কৰা সৰ্পিল মৌচাক (ব্ৰুড কম্ব)ৰ ছবি ইণ্টাৰনেটত ভাইৰেল হৈছিল আৰু  মৌমাখিবোৰে এনেকুৱা আকৰ্ষণীয় বাহ  সৃষ্টি কৰাৰ ক্ষমতাই মানুহক আপ্লুত কৰিছিল। সেই সময়ত বিজ্ঞানীসকলেও এই দৃশ্য দেখি তবধ মানিছিল যে এই মৌ-মাখিবোৰে কেনেকৈ  ইমান সহজে ইমান আচৰিত  সৃষ্টি কৰিব পাৰে।

অৱশ্যে ভালদৰে নিৰীক্ষণ কৰাৰ পিছত দেখা গ’ল যে মৌমাখিবোৰে ষড়ভুজ আকৃতিত নিজৰ কোষবোৰ সৃষ্টি কৰাৰ  পিছত ৰিগাৰ্জেটেড খাদ্য অৰ্থাৎ  ইঁহতে এবাৰ  খোৱা খাদ্য মুখেৰে উলিয়াই  ইয়াত যোগ  কৰিছিল আৰু তাৰ পিছত ৰাণীয়ে কোষটোত এটা কণী জমা কৰিছিল।  অতি সহজ এলগৰিদম প্ৰয়োগ কৰি এনে আৰ্হি সৃষ্টি কৰিব পৰা যায় বুলি গম পোৱাৰ পিছত গৱেষকসকলেও অষ্ট্ৰেলিয়াৰ এই মৌমাখিবোৰৰ প্ৰতি  বিশেষভাৱে মনোযোগ দিছিল ।

মৌমাখিবোৰে একেধৰণৰ এলগৰিদম ব্যৱহাৰ কৰিছিল নেকি সেইটো জানিবলৈ গৱেষকসকলে কম্পিউটাৰত ইহঁতৰ বৈশিষ্ট্য আৰু আচৰণৰ আৰ্হি প্ৰস্তুত কৰি ইহঁতৰ বাহ নিৰ্মাণৰ আচৰণৰ অনুকৰণ কৰিছিল। এনে কৰি তেওঁলোকে আৱিষ্কাৰ কৰিলে যে মৌমাখিবোৰে দুটা অতি সহজ নিয়ম মানি চলি অতি সহজেই এই গঠন সৃষ্টি কৰিব পাৰে।  গৱেষকসকলে লক্ষ্য কৰিলে যে এনে এলগৰিদম অনুসৰণ কৰা মৌমাখিয়ে নিজৰ বাবে  যিমান ওখকৈ মন যায় বাহ সাজিব পাৰে, যাৰ ফলত ইহঁতে ২০টা স্তৰৰ বাহ সাজিবলৈ সক্ষম হয়।

আনহাতে শেহতীয়াকৈ সামাজিক মাধ্যম টুইটাৰতো ভাইৰেল হৈ পৰিছে ‘চাইন্স গাৰ্ল’ নামৰ টুইটাৰ হেণ্ডেলৰ পৰা আপলোড কৰা দুখন ফট’ ৷টিম হাৰ্ডৰ কেমেৰাত বন্দী হোৱা ফটোদুখন শে্বেয়াৰ কৰি তেওঁ লিখিছে যে  টেট্ৰাগ’নুলা প্ৰজাতিৰ মৌমাখিয়ে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰণীয়া  ওখ বাহ নিৰ্মাণ কৰ ৷বছৰ বছৰ ধৰি  ইহঁতে নিৰ্মাণ কৰা  এই জ্যামিতি  সঁচাকৈয়ে আচৰিত ধৰণৰ ৷

Bees of the genus Tetragonula construct tall nests that spiral clockwise, their geometry astonishing for years

similar mathematical algorithms appear in how mollusks make nacre (mother of pearl and how crystals form in a spiral

📸 Tim Heard pic.twitter.com/dmVrjlsN2G

— Science girl (@gunsnrosesgirl3) January 22, 2023

Previous Post

 যুগ যুগ ধৰি  শ শ শিলৰ পাত্ৰ পৰি থকা ক’ত আছে এই ৰহস্যময় ঠাই ?

Next Post

গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব  কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7