গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে উত্তৰ আৰু দক্ষিণ মেৰুৰ ডাঠ বৰফৰ তৰপ যোৱা কেইটামান দশকত দ্ৰুতগতিত গলিবলৈ ধৰিছে। আটলাণ্টিক মহাসাগৰত ওপঙি থকা বিশাল বৰফৰ পাহাৰবোৰো গলিবলৈ ধৰিছে। আমেৰিকাৰ নেশ্যনেল স্নো এণ্ড আইচ ডাটা চেণ্টাৰে বৃহস্পতিবাৰে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ এই ধাৰা বৃদ্ধি পাইছে।
প্ৰতিবেদন অনুসৰি এই সপ্তাহত দক্ষিণ মেৰু সাগৰ আৰু লাগোয়া অঞ্চলত বৰফেৰে আবৃত এলেকা আছিল প্ৰায় ১৯ লাখ বৰ্গ কিলোমিটাৰ। ১৯৭৯ চনত পৰিসংখ্যা আৰম্ভ হোৱাৰ পিছত এয়া হৈছে আটাইতকৈ নিম্ন স্তৰ। সাধাৰণতে বৰফ গলি যোৱা বতৰত ইয়াৰ অধিকাংশ অঞ্চল বৰফেৰে আবৃত হৈ থাকে ৷
দক্ষিণ মেৰুত যোৱা বছৰ সৰ্বনিম্ন বৰফ আবৃত অঞ্চলৰ অভিলেখ গঢ়িছিল। চলিত বৰ্ষৰ আৰম্ভণিতে সেই অভিলেখ ভংগ কৰে । নেশ্যনেল স্নো এণ্ড আইচ ডাটা চেণ্টাৰে প্ৰকাশ কৰা অনুসৰি অহা কেইমাহমানৰ ভিতৰত বৰফ গলাৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত পূর্বৰ সকলো সময়ৰ অভিলেখ ভংগ কৰিব পাৰে।
পৰিৱেশ বিজ্ঞানীসকলৰ মতে মেৰু সাগৰীয় বৰফ গলিলে গোলকীয় উষ্ণতা বৃদ্ধিৰ গতি ত্বৰান্বিত হ’ব পাৰে বুলি আশংকা কৰা হৈছে। কাৰণ শুভ্ৰ স্তৰটোৱে সূৰ্য্যৰ ৰশ্মিৰ ৯০ শতাংশ পৰ্যন্ত পুনৰ আকাশলৈ প্ৰতিফলিত কৰে। ফলত বৰফৰ পৃষ্ঠ ঠাণ্ডা হৈ পৰে। কিন্তু ই গলিলে তাপ শোষণ কৰি সাগৰৰ পানীলৈ পৰিণত হয়। ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পায়।