ইণ্ডিয়ান ইন্সটিটিউত অৱ টেকন’লজি গুৱাহাটীৰ কেইগৰাকীমান গৱেষকে সফলতাৰে প্ৰস্তুত কৰি উলিয়াইছে এক হাইড্ৰজেল যুক্ত তাঁৰ (electrodes) যিয়ে শক্তি সঞ্চয় কৰা উপকৰণৰ কাৰ্যক্ষমতা বঢ়াব পাৰে।
প্ৰাপ্ত তথ্য মতে এই গৱেষক দলটোত থকা লোক কেইজন হৈছে আই আই টি গুৱাহাটীৰ পদাৰ্থ বিজ্ঞান শাখাৰ ড. উদয় নাৰায়ণ মৈত্ৰী , প্ৰফেচাৰ শুভ্ৰদীপ ঘোষ আৰু “ Bhabha Atomic Research Centre (BARC), Mumbai” ৰ ড. এন পদ্মা। আনহাতে ইয়াৰ লগত জড়িত আই আই টিৰ আন দুজন লোক হৈছে প্ৰণয় দত্ত আৰু অনিৰ্বান চৰ্দাৰ ।
গৱেষকসকলৰ মতে এই MXene-graphene হাইড্ৰজেলৰ ৰ জৰিয়তে নিৰ্মাণ কৰা চুপাৰ কেপাচিটাৰটোক বাৰে বাৰে চাৰ্জ কৰিব পাৰি আৰু ১০০০০ তকৈও অধিক ডিচাৰ্জ কৰিব পৰা যায়। উল্লেখ্য যে তেঁওলোকৰ প্ৰতি কিলোগ্ৰাম ইলেকট্ৰড সামগ্ৰীৰ ক্ষেত্ৰত ১.১৩ কিলোৱাট উচ্চতম শক্তিৰ ঘনত্ব প্ৰাপ্ত হৈছে , যি বৰ্তমান লিআয়ন বেটেৰীৰ দ্বাৰা দিয়া শক্তিতকৈ ২ গুণ বেছি।
উল্লেখ্য যে গৱেষকসকলৰ এই তথ্য অলপতে “Electrochimica Acta” আৰু “Carbon” ত প্ৰকাশিত হৈছে।