সুৰক্ষাৰ ক্ষেত্ৰখনত ভাৰত পুনৰ এক বিৰাট সফলতা ৷ আন্দামান নিকোবৰ দ্বীপৰ পৰা শেহতীয়াকৈ ভাৰতীয় শক্তি প্ৰদৰ্শন কৰি এইবাৰ সফল পৰীক্ষণ কৰা হ’ল ব্ৰহ্মোচ আৰু য়ুৰেন এণ্টি শ্বীপ মিছাইলৰ ৷
শেহতীয়াকৈ আন্দামান নিকোবৰ কামাণ্ডে এই কথা টুইটাৰ যোগে অৱগত কৰিছে ৷ টুইটাৰত এই মিছাইল উৎক্ষেপনৰ ভিডিঅ’ আপলোড কৰি কোৱা হৈছে যে ,এ এ এন চিৰ দ্বাৰা কৰা ব্ৰহ্মোচ আৰু য়ুৰেন এণ্টি শ্বীপ মিছাইলৰ সফল পৰীক্ষণে অৱশ্যেই আমাৰ দ্বীপসমূহৰ ৰক্ষাৰ ক্ষেত্ৰত আমাৰ শক্তি ও ক্ষমতাক প্ৰদৰ্শন কৰিছে ৷
আনহাতে ফিলিপিন্ছে ভাৰতীয় ব্ৰহ্মোচ এয়ৰোস্পেচ প্ৰাইভেট লিমিটেডৰ প্ৰায় দুই হাজাৰ সাতশ আশী কোটি টকাৰ প্ৰস্তাৱ স্বীকাৰ কৰিছে ৷ ইয়াৰ দ্বাৰা ভাৰতে ফিলিপিন্ছ নৌ-সেনাৰ এণ্টি শ্বীপ মিছাইল চিষ্টেমৰ তাগিদা পূৰণ কৰিবলৈ সক্ষম হ’ব ৷